Hair Care Tips: মূৰৰ টকলা অংশত চুলি গজাবলৈ কি কৰিব ? জানক এটা ঘৰুৱা উপায়…
বহুতে টকলা অংশত চুলি গজাবৰ বাবে চিকিৎসাৰ সহায় লয় । খৰচ অধিক হোৱাৰ বাবে সকলোৰে ক্ষেত্ৰত এই চিকিৎসা কৰাটো সম্ভৱ নহয় । কিন্তু এনে কিছুমান ঘৰুৱা উপায় আছে, যিবোৰে আপোনাৰ এই সমস্যা সমাধান কৰিব পাৰে ।
বৰ্তমান সময়ত প্ৰায় সংখ্য়ক লোকৰে চুলিৰ সমস্যা থাকে । কিছুমান মানুহৰ মূৰৰ আগফালটো টকলা হয় আৰু আন কিছুমানৰ মূৰৰ মাজত অংশটো টকলা হয় । বহুতে টকলা অংশত চুলি গজাবৰ বাবে চিকিৎসাৰ সহায় লয় । খৰচ অধিক হোৱাৰ বাবে সকলোৰে ক্ষেত্ৰত এই চিকিৎসা কৰাটো সম্ভৱ নহয় । কিন্তু এনে কিছুমান ঘৰুৱা উপায় আছে, যিবোৰে আপোনাৰ এই সমস্যা সমাধান কৰিব পাৰে ।
চুলিৰ বাবে মেথি খুব উপকাৰী। খাদ্যত যিদৰে ব্যৱহাৰ কৰা হয়, সেইদৰে চুলি গজাৰ ক্ষেত্ৰটো মেথি ব্যৱহাৰ কৰিব পাৰে । মেথিয়ে টকলা অংশত চুলি গজাত সহায় কৰিব পাৰে । মেথিত প্ৰচুৰ পৰিমাণে প্ৰটিন, আইৰণ আৰু নিকোটিনিক এচিড থাকে। এই উপাদানসমূহে চুলিৰ বৃদ্ধিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। চুলি পুনৰ গজাতো সহায় কৰে।
মূৰৰ টকলা অংশত মেথি কেনেদৰে ব্যৱহাৰ কৰিব ?
প্ৰথমে মেথিখিনি পানীত তিয়াই ৰাখিব । ইয়াৰ পাছত তিয়াই ৰখা মেথিখিনি শুকুৱাই ল’ব। শুকুৱাই লোৱা মেথিখিনিৰ পৰা আপুনি পেষ্ট তৈয়াৰ কৰিব । এতিয়া আপুনি সেই মেথি পেষ্টখিনি আপোনাৰ মূৰৰ টকলা অংশত লগাব । মেথিখিনি লগোৱা আধা ঘণ্টাৰ পাছত কুহুমীয়া গৰম পানীৰে ধুই পেলাব। সপ্তাহত কমেও ২-৩ দিন মেথি পেষ্ট ব্য়ৱহাৰ কৰক।
চুলিৰ বৃদ্ধিত সহায় কৰাৰ লগতে মেথিয়ে উফি আঁতৰোৱাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়াৰ উপৰিও ইয়াৰ এন্টিঅক্সিডেন্টৰ পৰিমাণে চুলিক সুস্থ কৰি ৰখাতো সহায় কৰে।