ভুলতো নকৰিব আওকান! যকৃতৰ সমস্যা হ’লে প্ৰাৰম্ভিক অৱস্থাত দেখা দিয়ে এই ৫টা লক্ষণ, জানক…
মানুহৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ যকৃত। কিন্তু ইয়াৰ লগত জড়িত বিভিন্ন সমস্যা হ'ব পাৰে। এনে ক্ষেত্ৰত ইয়াৰ ভালকৈ যত্ন লোৱা প্ৰয়োজন। কিন্তু যেতিয়া যকৃতৰ সমস্যা হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে।

যকৃত শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। ই আমাৰ শৰীৰৰ তেজ পৰিষ্কাৰ কৰা, পুষ্টিকৰ পদাৰ্থ প্ৰক্ৰিয়াকৰণ কৰা আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা আদি বিভিন্ন গুৰুত্বপূৰ্ণ কাম কৰে। গতিকে ইয়াৰ সঠিকভাৱে যত্ন লোৱা অতি প্ৰয়োজন। কিন্তু আজিকালি জীৱনশৈলী, খাদ্য আদি বিভিন্ন কাৰণত যকৃতৰ লগত জড়িত সমস্যা হোৱা দেখা যায়। যদি সময়মতে ইয়াৰ চিনাক্ত কৰি চিকিৎসা কৰা নাযায় তেন্তে ই কোনো ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।
বিশেষজ্ঞসকলৰ মতে, যকৃতৰ লগত জড়িত সমস্যাৰ সৃষ্টি হ’লে শৰীৰত বিভিন্ন লক্ষণে দেখা দিয়ে। কেতিয়াবা পাচনতন্ত্ৰত সমস্যা হয় বা আন কিবা। কিন্তু বহু সময়ত মানুহে ইয়াক অতি সাধাৰণ বুলি আওকান কৰি চলে। যাৰ বাব এই ৰোগ বাঢ়ি গৈ চৰম পৰ্যায় পায়গৈ।
কাৰণ
হেপাটাইটিছ ৰোগে যকৃতৰ কাম বন্ধ কৰি দিব পাৰে। ই ইমানেই ভয়াহব হৈ পৰে যে যকৃত বিকল পৰ্যন্ত কৰিব পাৰে। বিশেষজ্ঞৰ মতে, বিষাক্ত পদাৰ্থ আৰু সংক্ৰমণৰ ফলত যকৃতৰ ক্ষতি হয়। ইয়াৰোপৰি মেদবহুলতা, মদ্যপান, ধূমপান আদিয়েও যকৃতৰ ক্ষতি কৰিব পাৰে। দীৰ্ঘসময় ধৰি যকৃতত সমস্যা হৈ থাকিলে ঘা হ’ব পাৰে। এনে অৱস্থা অতি বিপদজনক। কিয়নো ইয়াৰ ফলত যকৃত বিকল পৰ্যন্ত হ’ব পাৰে।
লক্ষণ
যকৃতৰ সমস্যা অধিক বৃদ্ধি পালে যকৃত বিকল হ’ব পাৰে। এনে অৱস্থাত যকৃত সংৰোপনৰ দৰে অৱস্থা আহি পৰিব পাৰে। গতিকে ইয়াৰ লক্ষণসমূহ জনা দৰকাৰ-
১) ভাগৰুৱা- যদি আপোনাৰ অনবৰতে ভাগৰ অনুভৱ হৈ থাকে তেন্তে এয়া যকৃতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এই সমস্যা হ’লে মানুহে কোনো কাম নকৰাকৈ, পৰ্যাপ্ত জিৰণি লোৱাৰ পাছতো ভাগৰ আৰু দুৰ্বল অনুভৱ কৰি থাকে। যকৃতে মানুহৰ শক্তিত প্ৰভাৱ পেলায়। যাৰ বাবে ভাগৰুৱা, দুৰ্বল, এলাহ বৃদ্ধি পায়।
২)চকু বা ছাল হালধীয়াঃ যেতিয়া তেজত বিলিৰুবিন জমা হয় তেতিয়া এনে অৱস্থা হয়। এই অৱস্থাত যকৃতে ভালদৰে কাম কৰিব নোৱাৰে। যাৰ বাবে হেপাটাইটিছ বা লিভাৰ ছিৰোচিচৰ দৰে সমস্যা হ’ব পাৰে।
৩)পেট ফুলাঃ পেটৰ সোঁফালৰ ওপৰৰ অংশ সদায়ে ভৰি থকা যেন লাগে। ভোক কমি যাব পাৰে। খাদ্য গ্ৰহণ কৰিবলৈ মন নাযাব পাৰে। ই যকৃতত ফুলাৰ এক লক্ষণ হ’ব পাৰে। ইয়াক অচাইটি বুলি কোৱা হয়। ই এক প্ৰকাৰ যকৃতৰ ৰোগ।
৪) প্ৰস্ৰাৱৰ ৰং সলনিঃ যকৃতৰ সমস্যা হ’লে প্ৰস্ৰাৱৰ ৰং সলনি হয়। এনে অৱস্থাত প্ৰস্ৰাৱৰ পৰা গোন্ধ, ৰং সলনি, জলা পোৰা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
৫) পাচন প্ৰক্ৰিয়াত সমস্যাঃ যেতিয়া যকৃতৰ সমস্যা হয় তেতিয়া পাচন প্ৰক্ৰিয়া ভালদৰে পৰিচালিত নহয়। এনে অৱস্থাত পাচনতন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিব পাৰে। বমি হৈ থাকিব পাৰে।
পৰিত্ৰাণৰ উপায়
- সুষম খাদ্য গ্ৰহণ কৰক।
- ব্যায়াম কৰক।
- ধূমপান ত্যাগ কৰক।
- মদ্যপান ত্যাগ কৰক।
- কিবা লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ কোনসকল লোকৰ ডিপ্ৰেছন হোৱাৰ আশংকা বেছি? ইয়াৰ লক্ষণ কি, জানক বিশেষজ্ঞৰ পৰা…