শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

জিভাত বগা দাগ পৰিছে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…

Mouth Cancer Symptoms: আজিকালি মানুহৰ মাজত কৰ্কট ৰোগৰ আশংকা বৃদ্ধি পোৱা দেখা গৈছে। যেতিয়া এই ৰোগ হয় তেতিয়া কিছুমান লক্ষণে দেখা দিয়ে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

জিভাত বগা দাগ পৰিছে নেকি? হ’ব পাৰে এই ডাঙৰ ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
মুখৰ কৰ্কট ৰোগImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 17 Oct 2025 09:27 AM

বিভিন্ন প্ৰকাৰৰ কৰ্কট ৰোগৰ ভিতৰত মুখৰ কৰ্কট ৰোগ অন্যতম। যেতিয়া এই ৰোগ হয় তেতিয়া বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু ইয়াৰ লক্ষণবোৰ মানুহে আওকান কৰে। যাৰ বাবে সমস্যা গুৰুতৰ হৈ পৰে। এই ৰোগ বিশেষকৈ ৬০ বছৰ বা তাতকৈ অধিক বছৰৰ লোকৰ মাজত বেছিকৈ দেখা যায়। কিন্তু যিকোনো মানুহকে এই ৰোগে প্ৰভাৱিত কৰিব পাৰে।

এই ৰোগ সন্দৰ্ভত সবিশেষ জনাইছে উডলেণ্ডছ মেডিকেল চেণ্টাৰৰ এন এইচ এছৰ জি পি ডাঃ ৰেচেল ৱাৰ্ডে। তেওঁ কয় যে, জিভাৰ বগা দাগ লিউকোপ্লেকিয়া বুলি জনা যায়,কিন্তু ই মুখৰ কৰ্কট ৰোগৰ লক্ষণ হ’ব পাৰে। ইয়াৰোপৰি এই ৰোগ হোৱাৰ সময়ত বহু লক্ষণে দেখা দিয়ে।

এই ৰোগৰ কিছুমান লক্ষণ তলত উল্লেখ কৰা হ’ল-

  • মুখৰ ভিতৰত ৰঙা দাগ।
  • ৰঙা দাগৰ পৰা তেজ নিৰ্গত।
  • মুখৰ ভিতৰত বগা দাগ।
  • মুখৰ ভিতৰত ঘাঁ হোৱা। চিকিৎসাৰ পাছতে দীৰ্ঘদিন ধৰি এই ঘাঁ নকমে।
  • ওঁঠ, মুখৰ ভিতৰত বিষ।
  • ঘাঁৰ পৰা তেজ ওলোৱা।
  • ডিঙি বিষ।
  • খাদ্য খোৱাত সমস্যা।
  • কাণত বিষ।
  • মুখৰ দুৰ্গন্ধ।
  • কথা কোৱাত অসুবিধা।
  • মুখৰ ভিতৰত গুটিৰ দৰে বস্তু ওলোৱা।
  • ওজন হ্ৰাস পোৱা।
  • ভাগৰ আৰু দুৰ্বলতা আদি।

যদি দুসপ্তাহতকৈ অধিক সময় এই লক্ষণবোৰ দেখা দি থাকে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।

পৰিত্ৰাণৰ উপায়

  • ধূমপান ত্যাগ কৰক।
  • মদ্যপান নকৰিব।
  • মুখখন সুৰক্ষিত কৰি ৰাখক।

উল্লেখ্য যে, মুখৰ কৰ্কট ৰোগ এক গুৰুতৰ সমস্যা। গতিকে যেতিয়াই কিবা লক্ষণ দীৰ্ঘদিন ধৰি সমস্যা দি থাকে তেন্তে লগে লগে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

 

অন্য খবৰ পঢ়কঃ ভৰিৰ এই লক্ষণসমূহ নকৰিব আওকান! হ’ব পাৰে এই ৫টা ডাঙৰ ৰোগৰ লক্ষণ…