শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বাৰিষা কোনবোৰ ৰোগ বেছিকৈ হয়? এই ৰোগ প্ৰতিৰোধ কৰাৰ উপায় কি? জানক

বাৰিষা কালত ছালৰ এলাৰ্জী, মেলেৰিয়া, জ্বৰ আদি সংক্ৰমণ বৃদ্ধি হোৱা দেখা যায়। বাৰিষা ভাইৰাছজনিত ৰোগ দ্ৰুতগতিত বিয়পে। সঠিক তথ্য আৰু অলপ সাৱধানতাৰে এইবোৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

বাৰিষা কোনবোৰ ৰোগ বেছিকৈ হয়? এই ৰোগ প্ৰতিৰোধ কৰাৰ উপায় কি? জানক
বাৰিষাৰ বৰষুণImage Credit source: GettyImage
manas-borah
Manas Borah | Published: 25 Jun 2025 14:35 PM

গ্ৰীষ্মকালত উষ্ণতা আৰু আৰ্দ্ৰতা বৃদ্ধিৰ ফলত ভাইৰাছৰ সংক্ৰমণ বাঢ়িবলৈ ধৰে। বাৰিষা কালত ছালৰ এলাৰ্জী, মেলেৰিয়া, জ্বৰ আদি সংক্ৰমণ বৃদ্ধি হোৱা দেখা যায়। বাৰিষা আৰ্দ্ৰতা, লেতেৰা পানী, মহ আৰু মলিৰ বাবে সংক্ৰমণ আৰু ভাইৰাছজনিত ৰোগ দ্ৰুতগতিত বিয়পে। সঠিক তথ্য আৰু অলপ সাৱধানতাৰে এইবোৰ ৰোগ প্ৰতিৰোধ কৰিব পাৰি।

ভাৰতত জুন মাহৰ পৰা বাৰিষা আৰম্ভ হয় আৰু ছেপ্টেম্বৰ মাহলৈকে থাকে। এই সময়ত মেলেৰিয়া, ডেংগু, টাইফয়েড আদি মাৰাত্মক ৰোগৰ সংক্ৰমণ বৃদ্ধি পায়। এই ৰোগত আক্ৰান্ত হ’লে জ্বৰ, দুৰ্বলতা, শৰীৰৰ বিষ আদি কিছুমান সাধাৰণ লক্ষণ দেখা যায়।

বাৰিষা বেছিকৈ হোৱা ৰোগ

ডেংগু আৰু মেলেৰিয়া

বৰষুণৰ ফলত বহু ঠাইত যেনে পাত্ৰ, টায়াৰ, নলা বা ছাদত পানী জমা হয়। এই পানী মহৰ বংশবৃদ্ধি স্থল হৈ পৰে। যাৰ বাবে মেলেৰিয়া, ডেংগু আদি ৰোগ বিয়পি পৰে। মহৰ ফলত বিয়পি পৰা এই ৰোগবোৰে অধিক জ্বৰ, মূৰৰ বিষ, শৰীৰৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰে।

টাইফয়েড

ই দূষিত খাদ্য বা পানীৰ জৰিয়তে বিয়পে। বৰষুণৰ সময়ত টেপৰ পানী বা টেংকৰ পানী প্ৰায়ে লেতেৰা হৈ পৰে। বৰষুণৰ পানী নলাৰ পানীৰ লগত মিহলি হৈ খোৱাপানী দূষিত কৰে। এই দূষিত পানীৰ পৰা ছালমনেলা টাইফয়েড নামৰ বেক্টেৰিয়া শৰীৰত প্ৰৱেশ কৰে। ফলত টাইফয়েড হয়। ইয়াৰ ফলত অধিক জ্বৰ হয়। পেটৰ বিষ, দুৰ্বলতা, ভোক কমি যোৱা আদি লক্ষণ দেখা দিয়ে।

ভাইৰাছৰ জ্বৰ

হঠাৎ উষ্ণতাৰ পৰিৱৰ্তনৰ বাবে চৰ্দি, কাহ, জ্বৰ সাধাৰণ হৈ পৰে। বৰষুণৰ আগত আৰু পিছত উষ্ণতাৰ উঠা-নমা হয়, কেতিয়াবা গৰম, কেতিয়াবা ঠাণ্ডা। ইয়াৰ ফলত শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল হৈ ভাইৰাছজনিত জ্বৰ, চৰ্দি আৰু কাহৰ সৃষ্টি হয়।

পেটৰ ৰোগ

বাৰিষাৰ সময়ত মুকলি ঠাইত ৰখা খাদ্যত বেক্টেৰিয়া দ্ৰুতগতিত বৃদ্ধি পায়। ৰাস্তাৰ দাঁতিত উপলব্ধ চাট,পানীপুৰী, কটা ফলমূল আদি বেক্টেৰিয়াৰ দ্বাৰা সোনকালে সংক্ৰমিত হ’ব পাৰে। লেতেৰা বা মুকলি ঠাইত ৰখা আহাৰ খোৱাৰ ফলত ডায়েৰিয়া, বমি আৰু কলেৰা হ’ব পাৰে।

ছালৰ এলাৰ্জী

বাৰিষাৰ কালত প্ৰায়ে ছালৰ ৰোগ হোৱা দেখা যায়। অবিৰতভাৱে তিতা কাপোৰ পিন্ধিলে বা তিতি যোৱাৰ পিছত পৰিষ্কাৰ নকৰিলে ছালত ঘাম আৰু আৰ্দ্ৰতা জমা হয়, যাৰ ফলত ভেঁকুৰৰ সংক্ৰমণ, খজুৱতি, ফোঁহা আৰু ছালৰ এলাৰ্জী হয়।

এইবোৰ কেনেকৈ প্ৰতিৰোধ কৰিব পাৰি?

  • পৰিষ্কাৰ-পৰিচ্ছন্নতা বজাই ৰাখক, হাত ধোৱাৰ অভ্যাস কৰক।
  • মুকলি ঠাইত ৰখা খাদ্য নাখাব, সিজোৱা বা ফিল্টাৰ কৰা পানী খাব খাব।
  • মহৰ পৰা নিজকে ৰক্ষা কৰক। আঁঠুৱা ব্যৱহাৰ কৰক। ঘৰৰ চাৰিওফালটো পৰিষ্কাৰ কৰি ৰাখক।
  • দৈনিক গা ধুই কাপোৰ সলনি কৰক, ঘৰৰ ভিতৰত আৰু চাৰিওফালে পানী জমা হ’বলৈ নিদিব।
  • শুকান আৰু পৰিষ্কাৰ কাপোৰ পৰিধান কৰক, তিতা কাপোৰে ছালৰ সংক্ৰমণৰ সৃষ্টি কৰিব পাৰে।
  • প্ৰতিৰোধৰ বাবে উপযুক্ত আহাৰ গ্ৰহণ, লঘু, সহজে হজম হোৱা আৰু সতেজ খাদ্য খাব লাগে।
  • ৰোগ প্ৰতিৰোধ ক্ষমতা বজাই ৰাখিবলৈ ভিটামিন চি আৰু এন্টিঅক্সিডেন্ট সমৃদ্ধ খাদ্য গ্ৰহণ কৰিব লাগে।