শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক ইয়াৰ প্ৰতিকাৰৰ উপায়…

বৃক্ক বিকল হোৱাটো এটা গুৰুতৰ অৱস্থা যদিও সময়মতে লক্ষণসমূহ চিনাক্ত হ’লে ইয়াক প্ৰতিৰোধ কৰিব পৰা যায়। এবাৰ বৃক্ক বিকল হ’লে জীৱনটো ডায়েলাইছিছ বা ট্ৰান্সপ্লাণ্টৰ ওপৰত নিৰ্ভৰশীল হৈ পৰে। বৃক্ক বিকল হোৱাৰ লক্ষণ আৰু চিকিৎসকৰ পৰামৰ্শৰ বিষয়ে এই প্ৰতিবেদনৰ জৰিয়তে অধিক জানো আহক।

বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি? চিকিৎসকৰ পৰা জানক ইয়াৰ প্ৰতিকাৰৰ উপায়…
বৃক্ক বিকল হোৱাৰ লক্ষণ
trishna-kalita
Trishna Kalita | Published: 25 Jun 2025 08:54 AM

বৃক্কক আমাৰ শৰীৰৰ ফিল্টাৰ মেচিন বুলি কোৱা হয়। কাৰণ ই ফিল্টাৰৰ দৰে কাম কৰে। বৃক্কই তেজ পৰিষ্কাৰ কৰে, শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰাই পানী আৰু ছডিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে। যদি বৃক্কই কাম কৰা বন্ধ কৰি দিয়ে তেন্তে শৰীৰত গুৰুতৰ সমস্যাত ভুগিবলগীয়া হয়।

বৃক্ক  হঠাতে বিকল নহয়, আমি ইয়াৰ আগতে কিছুমান লক্ষণ দেখা পাওঁ যিবোৰ চিনাক্ত কৰাটো অতিকৈ গুৰুত্বপূৰ্ণ যাতে সময়মতে চিকিৎসা লাভ কৰিব পৰা যায়। আগতীয়াকৈ চিনাক্ত কৰি সঠিক চিকিৎসাৰ দ্বাৰা বৃক্ক বিকল হোৱাটো ৰোধ কৰিব পাৰি। বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ কি কি সেই বিষয়ে চিকিৎসকৰ পৰা জানক। দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহৰ বিষয়ে কৈছে।

১) দুৰ্বল অনুভৱ কৰা

যেতিয়া বৃক্কই তেজ সঠিকভাৱে পৰিষ্কাৰ কৰিব নোৱাৰে তেতিয়া শৰীৰত আৱৰ্জনা জমা হ’বলৈ ধৰে, যাৰ ফলত আমি অলস আৰু দুৰ্বল অনুভৱ কৰো।

২) মুখ, ভৰি আৰু গোৰোহা ফুলা

যেতিয়া বৃক্কই অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। ফলত মুখ, ভৰিৰ গোৰোহা ফুলি উঠে। যাৰ বাবে জোতা, চেণ্ডেল টান অনুভৱ হয়।

৩) প্ৰস্ৰাৱৰ পৰিৱৰ্তন

ৰাতি সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱত তেজ, জ্বলা-পোৰা বা দুৰ্গন্ধ। এই সকলোবোৰ লক্ষণে বৃক্কই নিজৰ কাম সঠিকভাৱে নকৰাৰ ইংগিত দিয়ে।

৪) মনোনিৱেশ কৰাত অসুবিধা আৰু খিংখিঙীয়া হোৱা

শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হ’লে মগজুতো ইয়াৰ প্ৰভাৱ পৰে। অনিদ্ৰা, মুড সলনি, খিংখিঙীয়া হোৱা আৰু মনোনিৱেশ কৰাত অসুবিধা হ’ব পাৰে।

৫) বমি ভাৱ বা বমি হোৱা আৰু ভোক কমি যোৱা

শৰীৰত বিষাক্ত পদাৰ্থ বৃদ্ধি হ’লে পেটত প্ৰভাৱ পেলায়। ফলত ভোক কমি যায়, বমি লগাৰ দৰে অনুভৱ হয়। লাহে লাহে ওজনো কমিবলৈ আৰম্ভ কৰে।

বৃক্ক সুস্থ কৰি ৰখাৰ টিপচ্

  • উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখক।
  • প্ৰচুৰ পৰিমাণে পানী খাব লাগে (কিন্তু অতিমাত্ৰা পানী খাব নালাগে)।
  • ধূমপান আৰু সুৰাৰ পৰা আঁতৰি থাকক।
  • চিকিৎসকৰ পৰামৰ্শ নোহোৱাকৈ বিষনাশক আৰু এন্টিবায়টিক গ্ৰহণ নকৰিব।
  • প্ৰতি ৬-১২ মাহৰ মূৰে মূৰে স্বাস্থ্য পৰীক্ষা কৰাব লাগে।