শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Christmas 2025:বৰদিনৰ শুভক্ষণত পঢ়ক যীশুৰ ১০ টা মহান বাণী…

Jesus Christ Quotes: প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটো বৰদিন হিচাপে পালন কৰা হয়। এই দিনটোত জন্ম হৈছিল যীশু খ্ৰীষ্টৰ। যীশুৱে বহু ধৰ্মীয় বাণী কৈ গৈছে। যি পাছলৈ বাইবেল আকাৰে ৰূপান্তৰিত হয়। এই বিশেষ দিনটো উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে বৰদিন পালন কৰে।

Christmas 2025:বৰদিনৰ শুভক্ষণত পঢ়ক যীশুৰ ১০ টা মহান বাণী…
বৰদিনImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Dec 2025 19:40 PM

বৰদিন! প্ৰতিবছৰে ২৫ ডিচেম্বৰৰ দিনটোত সমগ্ৰ বিশ্বই পালন কৰে পবিত্ৰ বৰদিন (Merry Christmas)। খ্ৰীষ্টান ধৰ্মাৱলম্বী লোকসকলৰ মূল ধৰ্মীয় উৎসৱ বৰদিন। অৱশ্যে কেৱল খ্ৰীষ্টান ধৰ্মৰ লোকসকলেই নহয়, বিভিন্ন প্ৰান্তৰ বহু মানুহে এই দিনটো পালন কৰে। মান্যতা অনুসৰি, এই দিনটোতে প্ৰভু যীশু (Jeasus Christ)ৰ জন্ম হৈছিল। যাৰ বাবে এই দিনটোত বৰদিন পালন কৰা হয়। বৰদিন উপলক্ষে খ্ৰীষ্টান ধৰ্মৰ লোকসকলে ঘৰৰ সন্মুখত খ্ৰীষ্টমাছ ট্ৰী লগায়। ৰঙীন লাইট, ষ্টাৰ আদিৰে ঘৰ সজাই তোলে। প্ৰতিটো গীৰ্জা ঘৰত শুনিবলৈ পোৱা যায় কেৰলৰ ধ্বনি।

কোৱা হয়, যীশুখ্ৰীষ্ট আছিল খ্ৰীষ্টান ধৰ্মৰ প্ৰৱৰ্তক। তেওঁৰ ধৰ্মৰ বাণীসমূহ পাছলৈ বাইবেল হিচাপে ৰূপান্তৰিত হয়। মানৱ প্ৰেম হৈছে খ্ৰীষ্টান ধৰ্মৰ মূল বাণী। গতিকে বৰদিনৰ শুভ ক্ষণত যীশুই কৈ যোৱা কেইটামান অমূল্য বাণী তলত উল্লেখ কৰা হ’ল-

  1. যীশুৱে কৈছিল, মোৰ পিতৃয়ে মোক যেনেকৈ প্ৰেম কৰে তেনেকৈ মইও তোমালোকক প্ৰেম কৰিম।
  2. যীশুৱে কৈছিল, এটা সঁচা কথা কও। ধনী মানুহে স্বৰ্গত প্ৰৱেশ কৰাতকৈ উটৰ বেজীৰ চকুৰে যোৱাটো সহজ।
  3. নিজৰ ভগৱানক সমস্ত হৃদয়, মনেৰে প্ৰেম কৰা।
  4. যিসকলে শৰীৰক হত্যা কৰে, সেইসকলক ভয় নকৰিবা। তেওঁলোকে আত্মাক হত্যা কৰিব নোৱাৰে। ইয়াৰ সলনি নৰকত আত্মা আৰু শৰীৰ উভয়কে ধ্বংস কৰিব পৰাজনক ভয় কৰিবা।
  5. মানুহে সহায় সত্যৰ সৈতে জীয়াই থাকিব লাগে আৰু ইয়াক জীৱনত সৰ্বোচ্চ স্থান দিয়া উচিত। সত্যই মানুহক শক্তিশালী কৰে আৰু নেতিবাচক প্ৰভাৱৰ পৰা ৰক্ষা কৰে।
  6. ভুল কৰাতকৈ ক্ষমা কৰাজন ডাঙৰ। ক্ষমা পৃথিৱীৰ আটাইতকৈ ডাঙৰ বস্তু আৰু ই প্ৰায়ে শত্ৰুৰ হৃদয়ো কোমল কৰি তুলিব পাৰে।
  7. মানুহ কেতিয়াও পৰাজিত হ’ব নোৱাৰা এক চিৰন্তন সত্তা। কিন্তু দুৰ্বল ব্যক্তিয়ে সদায় সহায়ৰ আশা কৰে, যাৰ বাবে তেওঁ নিজৰ শক্তি,সামৰ্থ চিনি নাপায়।
  8. কেতিয়াও আনৰ বিচাৰ নকৰিবা, নহ’লে তোমাৰ বিচাৰ হ’ব।
  9. পৃথিৱীত জন্ম লোৱা প্ৰতিগৰাকী ব্যক্তিৰ কৰ্তব্য হ’ল আনৰ সেৱা কৰা। সেয়া লাগিলে দুখীয়া মানুহৰ হওক, জীৱ-জন্তু হওক, চৰাই হওক, গছ-গছনি হওক, উদ্ভিদ হওক বা আন কিবা।
  10. সকলো মানুহে জীৱনত বিফলতাৰ সন্মুখীন হয়। কিন্তু বিফলতাক ভয় কৰা উচিত নহয়। ই সফলতাৰ প্ৰথম পদক্ষেপ। যদি ইয়াৰ পৰা শিক্ষা লৈ আগবাঢ়ি যায় তেন্তে নিশ্চয় এদিন সফলতা লাভ কৰিব।

(ওপৰোক্ত লেখাটো ধৰ্মীয় মান্যতা আৰু বিশ্বাসৰ ভিত্তিত লিখা। ইয়াৰ সত্যাসত্যৰ সৈতে টিভি৯ অসমৰ কোনো সম্পৰ্ক নাই।)

 

অন্য খবৰ পঢ়কঃ Christmas 2024: বৰদিনৰ দিনা আপোনজনলৈ প্ৰেৰণ কৰক এই শুভ বাৰ্তা…