শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Merry Christmas 2025: বৰদিনৰ দিনা বন্ধু-বান্ধৱী আৰু আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

বৰদিন বা খ্ৰীষ্টমাছ খ্ৰীষ্টান ধৰ্মৰ লোকসকলে পালন কৰা এক ধৰ্মীয় উৎসৱ। ২৫ ডিচেম্বৰ তাৰিখে যীশুখ্ৰীষ্টৰ জন্ম-তিথি উপলক্ষ্য এই উৎসৱ পালন কৰা হয়। বৰদিনৰ দিনা বন্ধু-বান্ধৱী আৰু আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…

Merry Christmas 2025: বৰদিনৰ দিনা বন্ধু-বান্ধৱী আৰু আপোনজনক প্ৰেৰণ কৰক এই শুভ বাৰ্তা…
barasha-misra
Barasha Misra | Published: 24 Dec 2025 14:32 PM

কাইলৈ বৰদিন, তাৰ পূৰ্বে প্ৰতিজন খ্ৰীষ্টানধৰ্মালম্বী লোকৰ ঘৰবোৰ সজাই তোলা হৈছে। বৰদিনৰ গছজোপা ঘণ্টা, উপহাৰ, ৰিবন আদিৰে সজাই তোলে সকলোৱে। পৰিয়াল আৰু বন্ধু-বান্ধৱীৰ সৈতে একেলগে এই দিনটো পালন কৰে। বৰদিনৰ সময়ত পৰিয়াল আৰু বন্ধু-বান্ধৱীয়ে ইজনে সিজনক উপহাৰ দিয়ে আৰু একেলগে বিশেষ খাদ্য উপভোগ কৰে।

বৰদিন বিশেষ উপলক্ষে তলত উল্লেখ কৰা বাৰ্তাসমূহ আপুনিও হোৱাটছএপৰ জৰিয়তে এই শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰি আপোনাৰ বন্ধু-বান্ধৱী, ঘনিষ্ঠ আৰু আত্মীয়ক Merry Christmas বুলি ক’ব পাৰে।

  1. পৱিত্ৰ বৰদিনৰ সকলোকে শুভেচ্ছা জনালোঁ। এই বৰদিনে সমাজলৈ লৈ আহক ঐক্য, শান্তি আৰু সমৃদ্ধি…
  2. আপোনালোকক বৰদিনৰ শুভেচ্ছা আৰু মৰম আৰু হাঁহিৰে ভৰা আনন্দময় নৱবৰ্ষৰ কামনা কৰিলোঁ!
  3. আপোনাৰ পৰিয়াললৈ বৰদিনৰ শুভেচ্ছা থাকিল!আপোনাৰ ঘৰখন সুখেৰে ভৰি থাকক। Merry Christmas
  4. কোনো কাৰ্ড পঠোৱা নাই, কোনো ফুলো পঠোৱা নাই, মাত্ৰ হৃদয়ৰ পৰাই আপোনালোকক বৰদিনৰ শুভেচ্ছা পঠিয়ালো।
  5. আপোনাৰ সুস্বাস্থ্য, সুখ, আৰু আগন্তুক বছৰত আপোনাৰ সকলো সপোন পূৰণৰ কামনা কৰিলোঁ। শুভ বৰদিন!
  6. এই বৰদিনত আপোনাৰ জীৱনটো বৰদিনৰ গছৰ দৰে সেউজীয়া হওক আৰু তৰাৰ দৰে উজ্জ্বল হওক। Merry Christmas
  7. যীচু খ্ৰীষ্টৰ পবিত্ৰ জন্মৰ আনন্দ আৰু পোহৰে আপোনাৰ জীৱনত সুখ আৰু শান্তি কঢ়িয়াই আনক। তেওঁৰ জন্মৰ মাজেৰে প্ৰকাশ পোৱা ঈশ্বৰৰ মহান প্ৰেম সদায় আমাৰ লগত থাকক।
  8. আপোনাক আৰু আপোনাৰ পৰিয়াললৈ বৰদিনৰ হিয়াভৰা শুভেচ্ছা জনালোঁ। প্ৰভু যীশুখ্ৰীষ্টৰ আশীৰ্বাদে আপোনাৰ জীৱন আনন্দৰে ভৰাই তোলক।
  9. পুৰণি সকলো দুখ-বেজাৰ আঁতৰাই নতুন আশাৰে আপোনাৰ জীৱন পোহৰাই তোলক। বৰদিনৰ শুভেচ্ছা জনালোঁ।
  10. নতুন বছৰৰ আগলি বতৰা লৈ অহা বৰদিনৰ এই উৎসৱে আপোনালৈ কঢ়িয়াই আনক অফুৰন্ত আনন্দ আৰু সফলতা। বৰদিনৰ হিয়াভৰা শুভেচ্ছা!