শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

যকৃত বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা…

Liver damage symptoms:আজিকালি মানুহৰ যকৃতৰ লগত জড়িত বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ। কিয়নো যকৃত আমাৰ শৰীৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ অংগ।

যকৃত বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি জানেনে? জানক চিকিৎসকৰ পৰা…
যকৃতImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Updated On: 26 Jun 2025 09:50 AM

যকৃত শৰীৰৰ এটা গুৰুত্বপূৰ্ণ অংগ। গতিকে ইয়াৰ বিশেষ যত্ন লোৱা প্ৰয়োজন। যকৃতে সমগ্ৰ শৰীৰ পৰিচালনা কৰে।যকৃতত যদি কোনো বিসংগতি বা ৰোগ হয় তেন্তে লগে লগে লক্ষণ দেখা দিয়ে। প্ৰাৰম্ভিক পৰ্যায়ত এই লক্ষণসমূহ ইমানেই সাধাৰণ থাকে যে বহুতে ইয়াক আওকান কৰে। যাৰ বাবে যকৃতৰ গুৰুতৰ ৰোগ হয়। যকৃত বিকল হ’লে প্ৰথম অৱস্থাত কি কি লক্ষণে দেখা দিয়ে ইয়াৰ বিষয়ে এই লেখাটোত উল্লেখ কৰা হ’ল।

যকৃতক শৰীৰৰ পৰিচালক বুলি কোৱা হয়। যকৃতত চৰ্বিযুক্ত হোৱাৰ আশংকা বেছি। যোৱা কেইবছৰমানৰ পৰা ফেটি লিভাৰৰ ৰোগী বৃদ্ধি পাইছে। ফেটি লিভাৰ হৈছে যকৃত নষ্ট হোৱাৰ আৰম্ভণি। যদি সময়মতে চিকিৎসা কৰা নাযায় তেন্তে ই বিপদজনক হৈ পৰিব পাৰে। এনে পৰিস্থিতি যকৃত বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষ্যসমূহ জানিব লাগে।

প্ৰাৰম্ভিক লক্ষণ

  • ভাগৰুৱা
  • দুৰ্বলতা
  • ভোক নলগা
  • শৰীৰ ফুলা
  • পেট বিষ
  •  ছাল আৰু চকু হালধীয়া
  • ডাঠ ৰঙৰ প্ৰস্ৰাৱ

আওকান কৰিলে কি হয়

দিল্লীৰ ছাৰ গংগা ৰাম হাস্পতালৰ গেষ্ট্ৰ’লজী বিভাগৰ এইচ অ’ ডি অধ্যাপক ডাঃ অনিল অৰোৰাই কয় যে, যে যকৃতত যিকোনো ৰোগ হ’লে প্ৰথমে আৰম্ভ হোৱা সমস্যাটো হ’ল বিপাকীয় ক্ৰিয়াৰ সমস্যা। ইয়াৰ লগতে পেটত গেছ গঠন, এচিডিটি আৰু পেটৰ আন আন সমস্যা আৰম্ভ হয়। চৰ্বিযুক্ত খাদ্য আৰু মদ্যপানে যকৃতৰ আটাইতকৈ বেছি ক্ষতি কৰে। মদ আৰু চৰ্বিযুক্ত খাদ্য সেৱন কৰিলে যকৃতত চৰ্বি জমা হয়। যকৃতৰ ক্ষতিৰ প্ৰাৰম্ভিক লক্ষণসমূহক আওকান কৰিলে এই সমস্যা আৰু অধিক হ’ব পাৰে। ইয়াৰ ফলত যকৃত বিকল, যকৃতৰ কৰ্কট ৰোগ  বা আন কোনো গুৰুতৰ সমস্যা হ’ব পাৰে।

যকৃত ভালে ৰাখিবলৈ কি কৰিব

ডাঃ অৰোৰাই কয় যে যকৃতৰ ক্ষতিৰ প্ৰাৰম্ভিক লক্ষণসমূহ আওকাণ কৰা উচিত নহয়। যেতিয়াই প্ৰাৰম্ভিক লক্ষণসমূহ দেখা দিয়ে তেতিয়া চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে। ইয়াৰ লগতে কিছু সাৱধানতা অৱলম্বন কৰিব লাগে।যকৃতৰ ৰোগৰ পৰা হাত সাৰিবলৈ মদ্যপান বন্ধ কৰা, স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ,নিয়মিতভাৱে ব্যায়াম কৰা আদি দিশৰ ওপৰত গুৰুত্ব দিব লাগে।

 

অন্য খবৰ পঢ়কঃ Kidney stone: বৃক্কত পাথৰ হোৱাৰ কাৰণ, লক্ষণ আৰু পৰিত্ৰাণৰ উপায়, সকলো জানক চিকিৎসকৰ পৰা…