শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Kidney stone: বৃক্কত পাথৰ হোৱাৰ কাৰণ, লক্ষণ আৰু পৰিত্ৰাণৰ উপায়, সকলো জানক চিকিৎসকৰ পৰা…

Kidney stone symptoms: বৃক্কত পাথৰ হোৱাৰ মূল কাৰণ হ’ল শৰীৰত পানীৰ অভাৱ। যেতিয়া বৃক্কত পাথৰ গঠন হয় তেতিয়া বিভিন্ন সমস্যাই দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

Kidney stone: বৃক্কত পাথৰ হোৱাৰ কাৰণ, লক্ষণ আৰু পৰিত্ৰাণৰ উপায়, সকলো জানক চিকিৎসকৰ পৰা…
বৃক্কImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Jun 2025 09:38 AM

বৃক্কত পাথৰ হৈছে এনে এক স্থিতি য’ত বৃক্কৰ ভিতৰত খনিজ পদাৰ্থ আৰু নিমখ জমা হৈ গঠিত হয়, ই এক কঠিন স্ফটিকা সদৃশ পদাৰ্থ। ই সমস্যা সাধাৰণ যদিও গুৰুতৰ ৰূপ ল’ব পাৰে। পাথৰৰ আকাৰ অতি সৰু হ’ব পাৰে বা কেইবা চেণ্টিমিটাৰ ডাঙৰ হ’ব পাৰে। এই অৱস্থাটো সময়মতে চিনাক্ত নকৰিলে ই প্ৰস্ৰাৱ নলী বন্ধ হোৱাৰ সম্ভাৱনা থাকে। যাৰ ফলত তীব্ৰ বিষ, সংক্ৰমণ আৰু বৃক্কৰ ক্ষতিৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।যদি পাথৰটো প্ৰস্ৰাৱ নলীত আবদ্ধ হৈ পৰে তেন্তে প্ৰস্ৰাৱত বাধা, ৰক্তক্ষৰণ আৰু তীব্ৰ জ্বলা-পোৰাৰ সৃষ্টি হ’ব পাৰে। পাথৰ কিয় গঠন হয়, ইয়াৰ লক্ষণ কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি এই বিষয়ে এই লেখাটোত উল্লেখ কৰা হ’ল।

কাৰণ

বৃক্কত পাথৰ হোৱাৰ মূল কাৰণ হ’ল শৰীৰত পানীৰ অভাৱ। যেতিয়া কোনোৱে পৰ্যাপ্ত পৰিমাণৰ পানী নাখাই তেতিয়া প্ৰস্ৰাৱত থকা খনিজ পদাৰ্থ আৰু নিমখ ডাঠ হৈ ক্ৰমান্বয়ে জমা হৈ পাথৰৰ ৰূপ লয়। ইয়াৰোপৰি চকলেট,বাদাম ইত্যাদি অত্যাধিক প্ৰ’টিন আৰু অক্সালেট সমৃদ্ধ বস্তু সেৱন,অত্যাধিক পৰিমাণৰ কেলচিয়াম, সঘনাই প্ৰস্ৰাৱৰ সংক্ৰমণ, মেদবহুলতা আৰু জিনীয় কাৰণো পাথৰৰ লক্ষণ হব পাৰে। দীৰ্ঘদিন ধৰি কিছুমান ঔষধ সেৱন কৰিলেও পাথৰৰ সমস্যা বৃদ্ধি পাব পাৰে। ইয়াৰোপৰি যিসকলৰ জীৱনশৈলী পৰিবৰ্তন হয় সেই সকলোৰে ইয়াৰ সমস্যা হোৱা দেখা যায়।

লক্ষণ

ছফদাৰজং হাস্পতালৰ নেফ্ৰ’লজী বিভাগৰ এইচ অ’ ডি ডাঃ হিমাংশু বৰ্মাই কয় যে, বৃক্কৰ পাথৰৰ লক্ষণসমূহ পাথৰৰ আকাৰ আৰু অৱস্থানৰ ওপৰত নিৰ্ভৰ কৰে। আটাইতকৈ সাধাৰণ আৰু প্ৰথম লক্ষণ হ’ল কঁকালৰ তলৰ অংশ বা পেটৰ এটা ফালে তীব্ৰ বিষ। এই বিষ হঠাতে আৰু অতি তীব্ৰ হ’ব পাৰে । ইয়াৰোপৰি প্ৰস্ৰাৱ কৰাৰ সময়ত জলা-পোৰা বা বিষ, প্ৰস্ৰাৱত তেজৰ ক’লা ৰং, অতি কম কিন্তু সঘনাই প্ৰস্ৰাৱ অহা আদি এই ৰোগৰ লক্ষণ হ’ব পাৰে।

ডাঃ হিমাংশুৱে কয় যে, কেতিয়াবা বমি, বমিৰ অনুভৱ, জ্বৰ বা ঠাণ্ডা ইয়াৰ বাবে হ’ব পাৰে। যদি পাথৰটো প্ৰস্ৰাৱ নলীত আবদ্ধ হৈ পৰে তেন্তে ই প্ৰস্ৰাৱ বন্ধ কৰি দিব পাৰে, যাৰ ফলত গুৰুতৰ সংক্ৰমণ আৰু বৃক্কৰ ক্ষতি হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। গতিকে কোনো লোকৰ এইসমূহ লক্ষণ দেখা দিলে লগে লগে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।

পৰিত্ৰাণ

  • প্ৰতিদিনে ৭-৮ গিলাচ পানী খাওক।
  • অধিক নিমখ, প্ৰটিন, অক্সলাইটযুক্ত সামগ্ৰী খোৱা কম কৰক।
  • ব্যায়াম কৰক আৰু ওজন নিয়ন্ত্ৰণত ৰাখক।
  • বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ।
  • কেফেইন আৰু চোডাৰ সেৱন কম কৰক।
  • প্ৰস্ৰাৱ লাগিলে ৰখাই নথব।

 

অন্য খবৰ পঢ়কঃ হঠাতে তীব্ৰ মূৰৰ বিষ হয় নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…