লিভাৰ চিৰ’ছিছৰ লক্ষণসমূহ কি কি? জানক চিকিৎসকৰ পৰা…
Liver cirrhosis: যকৃতৰ লগত জড়িত এক ডাঙৰ সমস্যা হ'ল লিভাৰ চিৰ’ছিছ। ইয়াৰ ফলত আপোনাৰ যকৃত বিকল পৰ্যন্ত হ'ব পাৰে। গতিকে ইয়াৰ লক্ষণৰ বিষয়ে জনা দৰকাৰ।

ব্যস্ততাপূৰ্ণ জীৱনৰ বাবে মানুহৰ জীৱনশৈলীও পৰিবৰ্তন হৈছে। যাৰ ফলত মানুহৰ স্বাস্থ্যজনিত সমস্যা বৃদ্ধি হোৱা দেখা যায়। বিশেষকৈ মানুহৰ যকৃতৰ সমস্যা অধিক বৃদ্ধি পাইছে। যকৃতৰ লগত জড়িত এনে এক সমস্যা হ’ল লিভাৰ চিৰ’ছিছ। এই ৰোগে ক্ৰমান্বয়ে যকৃতৰ ক্ষতি কৰে আৰু সময়মতে চিকিৎসা নকৰিলে মাৰাত্মক হ’ব পাৰে। কিন্তু কিছু সাৱধানতা অৱলম্বন কৰিলে ইয়াৰ পৰা হাত সাৰিব পাৰি। লিভাৰ চিৰ’ছিছ কি, ইয়াৰ লক্ষণ কি আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰি তলত উল্লেখ কৰা হ’ল।
নেচনেল লাইব্ৰেৰী অৱ মেডিচিনৰ মতে লিভাৰ চিৰ’ছিছ হৈছে এনে এক অৱস্থা, য’ত যকৃতৰ কোষৰ ) ক্ৰমান্বয়ে অৱনতি ঘটে আৰু তাৰ ঠাইত কঠিন ফাইব্ৰ’ছিছ গঠন হয়। যকৃতে আমাৰ শৰীৰত বহুতো গুৰুত্বপূৰ্ণ কাম কৰে। যেনে তেজ পৰিষ্কাৰ কৰা, পাচনত সহায় কৰা আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থ আঁতৰোৱা। যেতিয়া যকৃতত ফাইব্ৰ’ছিছ বৃদ্ধি হয় তেতিয়া ই নিজৰ কাম কৰিবলৈ অক্ষম হৈ পৰে।
লিভাৰ চিৰ’ছিছ কাৰণ
- অত্যাধিক সুৰা সেৱন কৰি থাকিলে যকৃতৰ সৰ্বাধিক ক্ষতি হয়।
- হেপাটাইটিছ বি আৰু চি সংক্ৰমণ। ই এক ভাইৰাছজনিত সংক্ৰমণ, যিয়ে যকৃতৰ লাহে লাহে ক্ষতি কৰে।
- মেদবহুলতা আৰু ফেটি লিভাৰৰ ফলত লিভাৰ চিৰ’ছিছ হ’ব পাৰে। অত্যাধিক তেল থকা বা জাংক ফুড খালে যকৃতত চৰ্বি হয়।
- অত্যাধিক ঔষধ সেৱন কৰাৰ ফলতো যকৃতৰ ক্ষতি হয়।
- পাৰিবাৰিক কাৰণতো এই ৰোগত আক্ৰান্ত হ’ব পাৰে।
লক্ষণ
দিল্লী এইমছৰ গেষ্ট্ৰ’লজী বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ অনুপ চৰাইয়াই কয় যে লিভাৰ চিৰচিচ হলে ভাগৰুৱা, দুৰ্বলতা, পেটৰ বিষ, বা ভোক নলগা আদি লক্ষণে দেখা দিব পাৰে। কেতিয়াবা ৰোগীয়ে ইয়াক সাধাৰণ লক্ষণ বুলি আওকান কৰে ,তেনে পৰিস্থিতিত ৰোগীৰ অসুবিধা বৃদ্ধি পাবলৈ ধৰে। ইয়াৰ লক্ষণসমূহ হ’ল-
- ভাগৰুৱা আৰু দুৰ্বলতা,
- ওজন কমি যোৱা,
- ভোক কমি যোৱা,
- পেটত ফুলা বা গেছ গঠন হোৱা,
- ছাল আৰু চকু হালধীয়া হোৱা (জণ্ডিচ),
- ভৰি ফুলা, বমি বা বমি হোৱা,
- মনযোগত বাধা
যদি দীৰ্ঘদিন ধৰি এনে লক্ষণে দেখা দি আছে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল। লিভাৰ চিৰ’ছিছৰ ফলত যকৃত বিকল হ’ব পাৰে।
পৰিত্ৰাণৰ উপায়
- সুৰাপান কৰিব নালাগে।
- শাক-পাচলি, ফল-মূল আজি ভাল খাদ্য খাব লাগে। মচলাযুক্ত খাদ্য পৰিহাৰ কৰক।
- ওজন নিয়ন্ত্ৰণ ৰাখিব লাগে।
- হেপাটাইটিছ বিৰ টিকা লগাব পাৰে।
- সংক্ৰমিত লোকৰ তেজৰ পৰা আঁতৰত থাকিব।
- বিশেষজ্ঞৰ পৰামৰ্শ নোলৱাকৈ ঔষধ গ্ৰহণ নকৰিব।
- মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে, ই কিমান বিপদজনক? জানক সকলো…