শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি হ’লে কি কি লক্ষণে দেখা দিয়ে, ই কিমান বিপদজনক? জানক সকলো…
শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন। যদি শৰীৰত কেলচিয়ামৰ অভাৱ হয় বা ইয়াৰ মাত্ৰা বৃদ্ধি হয় তেন্তে বহু সমস্যাৰ সৃষ্টি হ'ব পাৰে।

শৰীৰ সুস্থ কৰি ৰাখিবলৈ ভিটামিন আৰু খনিজ পদাৰ্থৰ প্ৰয়োজন। এনে এক প্ৰয়োজনীয় উপাদান হ’ল কেলচিয়াম। যদি কোনো লোকৰ শৰীৰত কেলচিয়ামৰ অভাৱ হয় তেন্তে বহু ৰোগৰ সৃষ্টি হ’ব পাৰে। আনহাতে কেলচিয়ামৰ পৰিমাণ বৃদ্ধি পালেও বহু ৰোগ হয়। গতিকে শৰীৰত কেলচিয়ামৰ ভাৰসাম্য ৰক্ষা কৰাটো প্ৰয়োজনীয়। শৰীৰত কেলচিয়ামৰ অভাৱ হ’লে বা বৃদ্ধি হ’লে কি কি ৰোগৰ সৃষ্টি হ’ব পাৰে, সেই সন্দৰ্ভত এই লেখাটোত উল্লেখ কৰা হ’ল।
আমাৰ শৰীৰৰ ৯৯ শতাংশ কেলচিয়াম হাড় আৰু দাঁতত পোৱা যায়। আনহাতে তেজ আৰু অন্যান্য অংশত মাত্ৰ এক শতাংশহে পোৱা যায়। এনে পৰিস্থিতিত শৰীৰত কেলচিয়ামৰ ভাৰসাম্যতা বজাই ৰখা অতি প্ৰয়োজনীয়। কেলচিয়ামৰ অভাৱ হোৱাৰ ফলত হাড় দুৰ্বল, অষ্টিঅ’পৰ’ছিছ আদি গুৰুতৰ ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। আনহাতে ইয়াৰ পৰিমাণ বৃদ্ধি পালে হাইপাৰকেলচিয়াম হয়। ইয়াৰ ফলত বহু সমস্যাৰ সৃষ্টি হ’ব পাৰে।
কেলচিয়াম বৃদ্ধি হলে কি হয়
হাইপাৰকেলচিয়াৰ বাবে শৰীৰত পেশীৰ বিষ, দুৰ্বলতাকে ধৰি বহুতো গুৰুতৰ সমস্যা সৃষ্টি হ’ব পাৰে। ইয়াৰোপৰি হাড়ৰ বিষ, সঘনাই প্ৰস্ৰাৱ কৰা, পেটৰ সমস্যা আদি হ’ব পাৰে। লগতে বিভ্ৰান্তি, হতাশা, ক্লান্তি, এলাহ, হৃদস্পন্দন বৃদ্ধি, উচ্চ ৰক্তচাপ আদিও হ’ব পাৰে। ইয়াৰ বাহিৰেও যেতিয়া হাড়ত কেলচিয়ামৰ পৰিমাণ অত্যধিক বৃদ্ধি পায় তেতিয়া হাড়ে কেলচিয়াম নিৰ্গত কৰিবলৈ আৰম্ভ কৰে। যাৰ বাবে গুৰুতৰ বৃক্কৰ ৰোগ হোৱাৰ সম্ভাৱনা থাকে। শৰীৰত কেলচিয়ামৰ পৰিমাণ বৃদ্ধি সন্দৰ্ভত যদি গম পোৱা নাযায় তেন্তে ই মাৰাত্মক হ’ব পাৰে। গতিকে এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
উপায়
কেলচিয়াম বৃদ্ধিৰ লক্ষণ দেখা দিলে চিকিৎসকৰ ওচৰলৈ যাব লাগে। লগতে কেলচিয়ামযুক্ত পদাৰ্থ গ্ৰহণ কৰা বন্ধ কৰিব লাগে। চিকিৎসকে আপোনাৰ অৱস্থা অনুযায়ী চিকিৎসা কৰিব। কিছুমান ৰোগীক চিকিৎসকে নিমখযুক্ত তৰল পদাৰ্থও খাব দিয়ে। যাতে কেলচিয়ামৰ মাত্ৰা হ্ৰাস কৰিব পৰা যায়। শৰীৰত কেলচিয়ামৰ মাত্ৰা যাতে বৃদ্ধি নহয় তাৰ প্ৰতি সাৱধান হ’ব লাগে।
অন্য খবৰ পঢ়কঃ হাড় আৰু গাঁঠিৰ বিষ হৈ থাকে নেকি? হ’ব পাৰে এইসমূহ ৰোগৰ লক্ষণ, জানক চিকিৎসকে কি কয়…