শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

টোপনিৰ অভাৱ হ’ব পাৰে নেকি ডায়েবেটিছ হোৱাৰ ডাঙৰ কাৰণ? জানক সকলো…

আজিকালি বহু লোক ডায়েবেটিছত আক্ৰান্ত হোৱা দেখা যায়। ডায়েবেটিছৰ কাৰণ বহুত থাকে। কিন্তু আপুনি জানেনে, টোপনিৰ অভাৱেও ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি কৰে।

টোপনিৰ অভাৱ হ’ব পাৰে নেকি ডায়েবেটিছ হোৱাৰ ডাঙৰ কাৰণ? জানক সকলো…
ডায়েবেটিছImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 21 Aug 2025 14:34 PM

আজিকালি যথেষ্ঠ সংখ্যক লোক ডায়েবেটিছত আক্ৰান্ত হোৱা দেখা যায়। যুৱক-যুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধলৈকে বহুতে এই ৰোগত আক্ৰান্ত হয়। ডায়েবেটিছে ভয়াবহ ৰূপ লৈ স্বাস্থ্যৰ বহু ডাঙৰ সমস্যাৰো সৃষ্টি কৰিব পাৰে। যেতিয়া শৰীৰে পৰ্যাপ্ত পৰিমাণাৰ ইনচুলিন উৎপাদন কৰিব নোৱাৰে বা সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে তেতিয়া এই ডায়েবেটিছ ৰোগ হয়। যাৰ বাবে তেজত চুগাৰৰ মাত্ৰা বাঢ়ি গৈ থাকে আৰু লাহে লাহে ই শৰীৰৰ অন্য অংগকো প্ৰভাৱিত কৰে।

টাইপ ১ ডায়েবেটিছ জিনীয় কাৰণত হোৱাৰ বিপৰীতে টাইপ ২ ডায়েবেটিছ দুৰ্বল জীৱনশৈলী, মেদবহুলতা, মানসিক চাপ, হৰম’নৰ ভাৰসাম্যহীনতা আৰু বয়স বৃদ্ধি আদিৰ বাবে হোৱা দেখা যায়। বহু মানুহে ভাবে যে ধূমপান কৰা, মেদবহুলতা, খাদ্য আদিৰ বাবে ডায়েবেটিছ হয়। কিন্তু শেহতীয়া গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ অভাৱৰ ফলতো ডায়েবেটিছ হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

যদি ডায়েবেটিছ বা মধুমেহ নিয়ন্ত্ৰণ কৰা নহয় তেতিয়া শৰীৰত বহু প্ৰভাৱ পৰিব পাৰে। চুগাৰৰ পৰিমাণ তেজত বেছি হৈ গ’লে চকুৰ দৃষ্টিশক্তি দুৰ্বল হৈ পৰিব পাৰে। লগতে ই বৃক্ক বিকলৰ সম্ভাৱনা বৃদ্ধি কৰে আৰু স্নায়ুৰ ক্ষতি কৰে। ইমানেই নহয়, ডায়েবেটিছ ৰোগীৰ হাৰ্ট এটেক আৰু ষ্ট্ৰোক হোৱাৰ সম্ভাৱনাও আনৰ তুলনাত বেছি। যদি দীৰ্ঘদিন ধৰি কোনো লোক ডায়েবেটিছত আক্ৰান্ত হয় তেন্তে ই ৰোগ প্ৰতিৰোধ ক্ষমতা দুৰ্বল কৰি তোলে। যাৰ ফলত সঘনাই সংক্ৰমণ হয়। ইয়াৰোপৰি ঘা শুকোৱাতো বহুত সময় লাগে।

টোপনিৰ সৈতে সম্পৰ্ক

হাৰ্ভাৰ্ডৰ সংযুক্ত ব্ৰিগম এণ্ড উইমেনছ হাস্পাতাল (Harvard-affiliated Brigham and Women’s Hospital )ৰ এক  গৱেষণাৰ মতে সুস্থ শৰীৰৰ বাবে পৰ্যাপ্ত টোপনিৰ প্ৰয়োজন। ইয়াৰোপৰি স্বাস্থ্যসন্মত খাদ্য আৰু ব্যায়াম কৰা গুৰুত্বপূৰ্ণ। গৱেষণাৰ পৰা দেখা গৈছে যে টোপনিৰ অভাৱত শৰীৰৰ ইনচুলিন সংবেদনশীলতা হ্ৰাস পায়। যাৰ ফলত তেজৰ চেনি নিয়ন্ত্ৰণত নাথাকে।

যেতিয়া কোনো লোকৰ টোপনি সম্পূৰ্ণ নহয় তেতিয়া ষ্ট্ৰেছ হৰম’ন কৰ্টিছলৰ মাত্ৰা বৃদ্ধি পায় আৰু ভোকৰ লগত জড়িত হৰম’নবোৰৰ মাজত ভাৰসাম্যহীনতাই দেখা দিয়ে। এনে অৱস্থাত বিপাকীয় ক্ৰিয়াত প্ৰভাৱ পৰে আৰু টাইপ ২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়। কেতিয়াবা ওজন বৃদ্ধি নোহোৱাকৈ এনে হোৱা দেখা যায়। অৰ্থাৎ আপুনি যদি ফিট হৈ থাকে কিন্তু পৰ্যাপ্ত টোপনি নলয় তেতিয়াও এই ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়।

প্ৰতিৰোধৰ উপায়

  • প্ৰতিদিনে ৭-৮ ঘন্টা শুৱক।
  • শুৱা আৰু উঠাৰ সময় ঠিক কৰক।
  • শুৱাৰ আগত স্ত্ৰীণ ব্যৱহাৰ নকৰিব।
  • ব্যায়ম কৰিব।
  • ভাল খাদ্য খাওক।
  • কেফেইন কমকৈ খাব।
  • ধূমপান বা সুৰাৰ পৰা আঁতৰি থাকক।
  • মানসিক চাপ কম কৰক।

 

 

অন্য খবৰ পঢ়কঃ মহে কামোৰাৰ ফলত HIV ভাইৰাছ বিয়পে নেকি? জানক বিশেষজ্ঞৰ পৰা…