শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

মহে কামোৰাৰ ফলত HIV ভাইৰাছ বিয়পে নেকি? জানক বিশেষজ্ঞৰ পৰা…

মহে কামোৰাৰ ফলত বিভিন্ন ৰোগ হয়। কেতিয়াবা ই মাৰাত্মক হৈ পৰে। কিন্তু বহুতৰে মনত প্ৰশ্ন হয়, মহে কামোৰাৰ ফলত HIV বিয়পে নেকি?এই বিষয়ে জনাইছে বিশেষজ্ঞই।

মহে কামোৰাৰ ফলত HIV ভাইৰাছ বিয়পে নেকি? জানক বিশেষজ্ঞৰ পৰা…
মহImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 20 Aug 2025 16:34 PM

আজি বিশ্ব মহ দিৱস। প্ৰতি বছৰে ২০ আগষ্টৰ দিনটোত এই দিৱস পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হৈছে, মহে কামোৰাৰ ফলত হ’ব পৰা ৰোগ সন্দৰ্ভত মানুহক সজাগ কৰা। মহে কামোৰাৰ ফলত সাধাৰণ জ্বৰৰ পৰা আৰম্ভ কৰি ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদি গুৰুতৰ ৰোগ হ’ব পাৰে। কেতিয়াবা মহে কামোৰাৰ ফলত হোৱা কিছুমান ৰোগে মানুহৰ প্ৰাণো কাঢ়ে। এনে ক্ষেত্ৰত এই দিৱস পালনৰ দ্বাৰা মানুহক মহৰ পৰা নিজক ৰক্ষা কৰাৰ উপায় অৱগত কৰা।

মহৰ পৰা হ’ব পৰা ৰোগ বুলি ক’লেই সাধাৰণতে ডেংগু, মেলেৰিয়া, চিকুংগুনিয়া আদিৰ নাম মনলৈ আহে। এইবোৰ গুৰুতৰ ৰোগ।ইয়াৰোপৰি বহু মানুহে ভাবে যে মহে কামোৰাৰ ফলত HIV ৰোগ বিয়পে নেকি?  যদি কোনো মহে HIV সংক্ৰমিত ব্যক্তিক কামোৰাৰ পিছত আন এজন ব্যক্তিক কামোৰে তেন্তে এই ভাইৰাছ বিয়পেনে? এই বিষয়ে সবিশেষ জনাইছে বিশেষজ্ঞই।

মহে কামোৰাৰ ফলত HIV বিয়পে নেকি?

বহুতে ভাবে, মহে কামোৰাৰ ফলত HIV বিয়পে। কাৰণ মহে মাৰাত্মক আৰু সংক্ৰামক ৰোগ বিয়পায়। কিন্তু মহে কামোৰাৰ ফলত HIV বিয়পে বুলি বিভিন্নজনৰ মনত ভুল ধাৰণা আছে। চিকিৎসা বিজ্ঞানৰ মতে, মহে কামোৰৰ ফলত HIV ৰোগ নিবিয়পে। মহে কামোৰাৰ বাবে HIV সংক্ৰমণ কেতিয়াও নহয়।

এই সন্দৰ্ভত জিটিবি হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ অজিত কুমাৰে কয় যে, যেতিয়া HIV সংক্ৰমিত ব্যক্তিৰ তেজ বা শুক্ৰানুৰ পোনপটীয়া সংস্পৰ্শলৈ অহা যায়, তেতিয়াহে এই ৰোগ বিয়পে। এই ভাইৰাছে শৰীৰৰ কোষবোৰক আক্ৰমণ কৰি ইয়াৰ সংখ্যা হ্ৰাস কৰে। যাৰ বাবে শৰীৰে সংক্ৰমণ আৰু অন্যান্য ৰোগৰ বিৰুদ্ধে যুঁজিব নোৱাৰে।

মহৰ দ্বাৰা HIV সংক্ৰমণ নহয়। কিয়নো মহে এই ভাইৰাছক নিজৰ শৰীৰত দীৰ্ঘ সময় ৰাখিব নোৱাৰে আৰু মানৱ শৰীৰলৈও স্থানান্তৰিত কৰিব নোৱাৰে। বিশ্ব স্বাস্থ্য সংস্থা আৰু চিডিচি (চেণ্টাৰছ ফৰ ডিজিজ কণ্ট্ৰল এণ্ড প্ৰিভেনচন) দুয়োটাই স্পষ্টভাৱে উল্লেখ কৰিছে যে যদি কোনো মহে HIV ভাইৰাছত আক্ৰান্ত ব্যক্তিক কামোৰে, তেন্তে ই আনৰ শৰীৰলৈ নিবিয়পে। অৰ্থাৎ মহে এইচ আই ভি বিয়পাব নোৱাৰে।

মহৰ পৰা কেনেকৈ ৰক্ষা কৰিব পাৰি

  •  মহ নিবাৰণকাৰী ঔষধ ব্যৱহাৰ কৰক।
  • ঘৰৰ চাৰিওফালে পানী জমা হ’বলৈ নিদিব।
  • আঠুৱা ব্যৱহাৰ কৰিব।
  • শৰীৰ সম্পূৰ্ণৰূপে ঢাকিব পৰা কাপোৰ পিন্ধক।
  • বাহিৰ বা বিশেষকৈ হাবি বননিত গলে দীঘল কাপোৰ পৰিধান কৰি যাব

 

অন্য খবৰ পঢ়কঃ নকৰিব আওকান! চুলি সৰাৰ সমস্যা হ’ব পাৰে এই ৪ টা ৰোগৰ সংকেত…