শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

শৰীৰত কিয় বৃদ্ধি পায় কফৰ সমস্যা? পতঞ্জলিয়ে কৰিছে বাখ্যা, দিছে সকাহৰ বিধান

যদি শৰীৰত কফ বাঢ়ি যায়, তেতিয়া ইয়াৰ বাবে কাহ-চৰ্দি আৰু স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে শৰীৰত কফ দোষ বাঢ়িছে নেকি আৰু যদি বাঢ়িছে সেয়া কিদৰে হ্ৰাস কৰিব পাৰি, সেয়া জানিব লাগিব। কফৰ সমস্যা নিৰাময়ৰ বাবে পতঞ্জলিয়ে দিয়া প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰি।

শৰীৰত কিয় বৃদ্ধি পায় কফৰ সমস্যা? পতঞ্জলিয়ে কৰিছে বাখ্যা, দিছে সকাহৰ বিধান
পতঞ্জলিয়ে দিছে কফ দোষ নিয়ন্ত্ৰণৰ বিধান
monjit-dutta
Monjit Dutta | Published: 16 Jun 2025 18:19 PM

এগৰাকী ব্যক্তি সুস্থ হৈ থাকিবলৈ শৰীৰৰ অৱস্থা সম্পৰ্কে জ্ঞাত হোৱাৰ লগতে সেই অনুযায়ী খাদ্য গ্ৰহণ জৰুৰী। আয়ুৰ্বেদৰ মতে শৰীৰত তিনিটা দোষ আছে – বাট, পিত্ত আৰু কফ। শৰীৰক সুস্থ কৰি ৰাখিবলৈ তথা সঠিকভাৱে কাম কৰিবলৈ এই তিনিওটা সঠিক মাত্ৰাত থকাটো প্ৰয়োজনীয়। যদি এই তিনিটা দোষৰ কোনো এটা দোষ অস্বাভাৱিক হৈ পৰে, তেতিয়া ই ব্যক্তিজনৰ স্বাস্থ্যৰ ক্ষতি কৰিব পাৰে। একেদৰে যদি শৰীৰত কফ বাঢ়ি যায়, তেতিয়া ইয়াৰ বাবে কাহ-চৰ্দি আৰু স্বাস্থ্য সম্পৰ্কীয় বহু সমস্যাৰ সন্মুখীন হ’বলগীয়া হয়। সেয়ে শৰীৰত কফ দোষ বাঢ়িছে নেকি আৰু যদি বাঢ়িছে সেয়া কিদৰে হ্ৰাস কৰিব পাৰি, সেয়া জানিব লাগিব।

কফৰ সমস্যা নিৰাময়ৰ বাবে পতঞ্জলিয়ে দিয়া প্ৰতিকাৰ গ্ৰহণ কৰিব পাৰি। আয়ুৰ্বেদ সম্পৰ্কে সজাগতা সৃষ্টিৰ উদ্দেশ্যে যোগ গুৰু বাবা ৰামদেৱে পতঞ্জলি আৰম্ভ কৰিছিল। একেদৰে আয়ুৰ্বেদৰ তথ্য প্ৰচাৰৰ বাবে আচাৰ্য বালকৃষ্ণই এখন গ্ৰন্থ ৰচনা কৰিছে। এই গ্ৰন্থখনৰ নাম ‘আয়ুৰ্বেদৰ বিজ্ঞান’। এক সুস্থ দেহৰ আধাৰ আৰু আয়ুৰ্বেদ সম্পৰ্কীয় বহু কথা এই গ্ৰন্থত উল্লেখ কৰা হৈছে। এই গ্ৰন্থখনত কফ দোষ নিয়ন্ত্ৰণৰ বিষয়ে বাখ্যা কৰা হৈছে। আচাৰ্য বালকৃষ্ণৰ এই গ্ৰন্থখনৰ সহায়ত জানো আহক কাফ দোষ কি আৰু এই সমস্যা কিদৰে নিয়ন্ত্ৰণ কৰিব পাৰি।

কফ দোষে শৰীৰৰ প্ৰতিটো অংগক পুষ্টি প্ৰদান কৰে। ইয়াৰ লগতে কফ দোষে বাট আৰু পিত্ত দোষকো নিয়ন্ত্ৰণ কৰে। ই সকলো অংগকে আৰ্দ্ৰতা আৰু মসৃণতা প্ৰদান কৰে। গাঁঠি আৰু হাড়ৰ বাবেও ই অতি প্ৰয়োজনীয়। কাম কৰাৰ ইচ্ছাশক্তি আৰু উৎসাহ বৃদ্ধিতো কফ দোষে সহায় কৰে, ঘাঁ ভাল হোৱাত সহায় কৰে। ইয়াৰ উপৰিও ই ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰাত সহায় কৰে, মানসিক আৰু শাৰীৰিক শ্ৰমৰ বাবে শক্তি প্ৰদান কৰে, মানসিক ভাৰসাম্য সৃষ্টিৰ কাম কৰে। পিত্ত আৰু বাটৰ বাবে শৰীৰত তাপ বৃদ্ধি হ’লে কফে তেল আৰু মসৃণ তৰল পদাৰ্থৰ নিঃসৰণ বৃদ্ধি কৰে, যাৰ ফলত কলাবোৰ ক্ষতিগ্ৰস্ত হোৱাৰ পৰা ৰক্ষা পৰে। চাওঁ আহক ভিন্ন প্ৰকাৰৰ কফৰ বিষয়ে-

ক্লেডক কফঃ ই খাদ্য হজম কৰাত সহায় কৰে। ইয়াৰ উপৰিও পেটৰ আৱৰণক এচিডৰ পৰা ৰক্ষা কৰে।

অৱলম্বকঃ ই হৃদযন্ত্ৰ আৰু হাওঁফাওঁ শক্তিশালী কৰাত সহায় কৰে আৰু শৰীৰক শক্তি তথা স্থিৰতা প্ৰদান কৰে।

বোধকঃ ই সোৱাদ নিয়ন্ত্ৰণ কৰে।

তৰ্পকঃ ইন্দ্ৰিয় অংগবোৰ সুস্থ কৰি ৰখাৰ কাম কৰে।

শ্লেষকঃ ই গাঁঠিবোৰক লুব্ৰিকেচন প্ৰদান কৰে আৰু গাঁঠিৰ গতিবিধিত সহায় কৰে।

কফ বৃদ্ধিৰ কাৰণ

খাদ্যঃ প্ৰয়োজনতকৈ অধিক মিঠা, টেঙা, গধুৰ আৰু তেলীয়া খাদ্য খোৱাৰ ফলত কফ বৃদ্ধি পাব পাৰে। মাংস আৰু মাছ, তিল, চুপাৰি, গাখীৰ, নিমখৰ পৰা তৈয়াৰী সামগ্ৰীৰ অত্যধিক সেৱন, ফ্ৰীজৰ পৰা ঠাণ্ডা পানী খোৱা আৰু শীতল পানীয় খোৱা আদিও ইয়াৰ বৃদ্ধিৰ কাৰণ হ’ব পাৰে। গাখীৰ, দৈ, ঘিউ, নাৰিকল আদি অতিমাত্ৰা খালেও কফ বৃদ্ধি হ’ব পাৰে।

অভ্যাস আৰু স্বাভাৱিক প্ৰৱণতাঃ এলেহুৱা প্ৰকৃতিৰ বাবে আৰু দৈনিক ব্যায়াম নকৰাৰ বাবেও কফ দোষ শৰীৰত বৃদ্ধি পাব পাৰে। ৰাতিপুৱাৰ সময়ত, ৰাতিৰ প্ৰথমটো প্ৰহৰৰ সময়ত, খাদ্য খোৱাৰ পিছত আৰু শৈশৱত কফ স্বাভাৱিকতে বৃদ্ধি পায়।

ঋতুঃ ইয়াৰ বাহিৰেও ঋতু অনুসৰি শৰীৰত কফ দোষ বৃদ্ধি হ’ব পাৰে, যেনে বসন্ত আৰু শীতকালত আৰ্দ্ৰ বতৰ আৰু বৰফ পৰা ঠাইসমূহো কফ বৃদ্ধিৰ কাৰণ হ’ব পাৰে।

জেনেটিকঃ আপোনাৰ পৰিয়ালৰ কোনো লোকৰ যদি ডায়েবেটিছ, মেদবহুলতা বা এলাৰ্জী থাকে, তেতিয়া ভৱিষ্যতে আপোনাৰো এই ৰোগ হোৱাৰ সম্ভাৱনা থাকে। ওজন বৃদ্ধিৰ ফলত হোৱা হতাশাৰ ফলতো কফ দোষ বৃদ্ধি হ’ব পাৰে।

শৰীৰত কফ বৃদ্ধিৰ লক্ষণ

শৰীৰত যেতিয়া কফ বৃদ্ধি পায় তেতিয়া অত্যধিক টোপনি, অলস ভাৱ, শৰীৰ গধুৰ হোৱা, ঘাম, প্ৰস্ৰাৱ আৰু শৌচত আঠা ভাৱ, শৰীৰত তিতা অনুভৱ, ব্ৰংকিয়ল এজমা, ডিঙিৰ বিষ, কাহ, ডায়েবেটিছ, কলাত তৰল পদাৰ্থ জমা হোৱা আদি লক্ষণ দেখা যায়। কামৰ প্ৰতি আগ্ৰহৰ অভাৱ, হতাশা আৰু অতিমাত্ৰা মোহৰ দৰে লক্ষণো দেখা যায়। অলসতা, বেছি টোপনি, লেহেমীয়া গতি আৰু যিকোনো ধৰণৰ পৰিৱৰ্তন সহজে গ্ৰহণ নকৰা আদি লক্ষণো দেখা যায়।

এইদৰে কফ নিয়ন্ত্ৰণ কৰক

কফ দোষ নিয়ন্ত্ৰণ কৰিবলৈ খাদ্য আৰু জীৱনশৈলীৰ পৰিৱৰ্তন কৰাটো প্ৰয়োজনীয়। শুকান, তিতা আৰু গৰম গুণ থকা বস্তু সেৱন কৰিলে কফ দোষৰ ভাৰসাম্য ৰক্ষাৰ ক্ষমতা থাকে। কিন্তু এনে খাদ্য বিশেষজ্ঞৰ লগত কথা পতাৰ পিছতহে গ্ৰহণ কৰিব লাগে।

পুৰণি মৌ সঠিক পৰিমাণত সেৱন কৰা, কফ প্ৰতিৰোধী বনৌষধি সেৱন কৰা, ওজন কমাবলৈ চেষ্টা কৰা, প্ৰতিদিনে কিছু সময় ৰ’দত বহা, দৈনিক ব্যায়াম কৰা, গৰম কাপোৰ পিন্ধা, শাৰীৰিক শ্ৰম, এনে পৰিৱৰ্তনে কফ কমোৱাত সহায় কৰে।

যদি শৰীৰত অত্যধিক কফ হয়, তেন্তে বমি কৰাটো আটাইতকৈ উপকাৰী। ইয়াৰ বাবে আয়ুৰ্বেদিক চিকিৎসকে ঔষধৰ সহায়ত ব্যক্তিজনক বমি কৰাত সহায় কৰে। যিহেতু কফ বেছিকৈ পেট আৰু বুকুত জমা হয়, সেয়েহে বমিৰ সৃষ্টি কৰি এই অংগবোৰৰ পৰা কফ সম্পূৰ্ণৰূপে আঁতৰাই পেলাব পাৰি।