নিশা টোপনি নাহে নেকি? জানক ইয়াৰ কাৰণ আৰু পৰিত্ৰাণৰ উপায়…
ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু বহুতৰ টোপনিৰ সমস্যা আছে। প্ৰতিদিনে টোপনি নহা সাধাৰণ কথা নহয় ইয়াৰ আঁৰত থাকিব পাৰে অন্য কাৰণ।

আজিকালি বহুতে টোপনিৰ লগত জড়িত সমস্যাত ভোগে। এদিন দুদিন টোপনি নহা সাধাৰণ কথা, কিন্তু সদায় যদি এই সমস্যা হয় তেন্তে ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্যত প্ৰভাৱ পেলাব পাৰে। নিশা ভালদৰে টোপনি নাহিলে পুৱা ভাগৰুৱা অনুভৱ কৰা যায়। ই অনিদ্ৰাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ প্ৰধান কাৰণ হৈছে আমাৰ পৰিৱৰ্তিত জীৱনশৈলী, মানসিক চাপ, মোবাইল আৰু লেপটপৰ প্ৰতি আসক্তি, আৰু ভাৰসাম্যহীন ৰুটিন।
টোপনিয়ে আমাৰ মানসিক অৱস্থাতো প্ৰভাৱ পেলায়। বহু গৱেষণাই প্ৰমাণ কৰিছে যে ভাল টোপনি আমাৰ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ লগত জড়িত। ভাল টোপনিৰ অভাৱ মানসিক আৰু আৱেগিক স্বাস্থ্যৰ দুৰ্বলতাৰ কাৰণ হ’ব পাৰে।
বেয়া টোপনিয়ে মনত নেতিবাচক চিন্তা বৃদ্ধি কৰে
দিল্লীৰ আৰ এম এল হাস্পতালৰ মেডিচিন বিভাগৰ ডাঃ সুভাষ গিৰিয়ে কয় যে যদি টোপনি ঠিক নহয় তেন্তে নেতিবাচক চিন্তা বৃদ্ধি পাব পাকে। মানুহজন মানসিকভাৱে দুৰ্বল হৈ পৰে আৰু মনোযোগ দিব নোৱাৰে। যেতিয়া টোপনি ভাল নহয় তেতিয়া কোনো কথাত মন লগা নোৱাৰে বা কেতিয়াবা বিভ্ৰান্তিৰ সৃষ্টি হয়। মাজে মাজে মুড পৰিবৰ্তন হোৱাও দেখা যায়। ভাল টোপনিৰ অভাৱত ব্যক্তিৰ স্মৃতিশক্তি দুৰ্বল, খং, হঠাতে কান্দি উঠা, মানসিক চাপ বৃদ্ধি, ডিপ্ৰেশ্যন আদি হ’ব পাৰে।
কাৰণ
- মনটোৱে যেতিয়া বেছি চিন্তা কৰি থাকে তেতিয়া ই শিথিল হ’ব নোৱাৰে আৰু শৰীৰে জিৰণি ল’ব নোৱাৰে।
- শুৱাৰ আগত যদি বেছিকৈ মোবাইল, লেপটপ ব্যৱহাৰ কৰো তেন্তে ইয়াৰ নীলা পোহৰে আমাৰ শৰীৰত থকা টোপনিৰ প্ৰৰোচক মেলাটনিন হৰম’ন দমন কৰে, যাৰ বাবে টোপনি আহিবলৈ সময় লাগে।
- নিশা অত্যধিক খাদ্য গ্ৰহণ কৰাৰ ফলত টোপনি নাহে।
- বাৰে বাৰে চাহ বা কফি খোৱা কাৰণ হব পাৰে।
- দিনটোত কাম নকৰাকৈ বহি থাকিলেও নিশা টোপনি নাহিব পাৰে।
পৰিত্ৰাণৰ উপায়
- শুৱাৰ বাবে নিৰ্দিষ্ট দিন ঠিক কৰক।
- বন্ধৰ দিন হ’লেও প্ৰতিদিনে একে সময়তে শুবলৈ আৰু সাৰ পাবলৈ চেষ্টা কৰক।
- শুৱাৰ এঘন্টা আগৰ পৰা মোবাইল, লেপটপ আদি আঁতৰত থব।
- লঘু আৰু সোনকালে ৰাতিৰ আহাৰ গ্ৰহণ কৰক।
- শুৱাৰ ২-৩ ঘণ্টা আগতে লঘু খাদ্য খাব লাগে।
- কুহুমীয়া গাখীৰ বা বনৌষধি চাহ খাব লাগে। এইবোৰত ট্ৰিপ্ট’ফেন নামৰ এবিধ মৌল থাকে, যিয়ে টোপনিত সহায় কৰে।
- শুৱাৰ আগতে জিৰণি লওক, দীঘলকৈ উশাহ লওক, ধ্যান কৰক বা শান্ত সংগীত শুনা যাতে মনটো শান্ত হয়।
- দিনত কিছু সময় ৰ’দত থাকিব, ই মেলাটনিন হৰম’নৰ ভাৰসাম্য ৰক্ষা কৰাত সহায় কৰে।
- বিচনাখন কেৱল শুবলৈ ব্যৱহাৰ কৰক,
- পঢ়া বা ফোন ব্যৱহাৰ কৰাৰ অভ্যাস এৰি দিয়ক।
যদি এইবোৰ উপায় অৱলম্বন কৰাৰ পাছতো টোপনি নাহে তেন্তে ই এটা গুৰুতৰ সমস্যাৰ লক্ষণ হ’ব পাৰে। এনে পৰিস্থিতিত চিকিৎসক বা টোপনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো ভাল হ’ব।
অন্য খবৰ পঢ়কঃ ভাল টোপনিৰ পাছতো মূৰ গধুৰ হৈ থাকে নেকি? বিশেষজ্ঞই জনালে কাৰণ…