শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

বৃক্ক নষ্ট হোৱাৰ পূৰ্বে কি ৫টা লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…

মানুহৰ শৰীৰত বৃক্ক এক গুৰুত্বপূৰ্ণ অংগ। যেতিয়া বৃক্কত কোনো সমস্যাৰ সৃষ্টি হয় তেন্তে কিছুমান ইংগিত দিয়ে। এইসমূহ আওকান কৰি চলিব নালাগে।

বৃক্ক নষ্ট হোৱাৰ পূৰ্বে কি ৫টা লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…
বৃক্কImage Credit source: freepik
barasha-sarma
Barasha Sarma | Published: 03 Sep 2025 22:18 PM

জীৱনশৈলী, মানুহৰ খাদ্যভাস আদিৰ বাবে আজিকালি বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। বৃক্ক আমাৰ শৰীৰৰ এক গুৰুত্বপূৰ্ণ অংগ। গতিকে ইয়াৰ যত্ন লোৱা প্ৰয়োজন। কিন্তু বহু সময়ত বৃক্কৰ লগত জড়িত কিছুমান সমস্যাই দেখা দিয়ে। বৃক্কক সাধাৰণতে আমাৰ শৰীৰৰ ফিল্টাৰ বুলি ক’ব পাৰি। ই তেজ পৰিষ্কাৰ কৰাত সহায় কৰে আৰু শৰীৰৰ পৰা বিষাক্ত পদাৰ্থসমূহ বাহিৰ কৰে। ই ছডিয়ামৰ ভাৰসাম্য ৰক্ষা কৰে। কিন্তু যেতিয়া বৃক্কই ঠিকমতে কাম কৰা বন্ধ কৰে তেন্তে শৰীৰত গুৰুতৰ সমস্যা হ’ব পাৰে।

এনে নহয় যে, বৃক্ক হঠাতে বিকল হয়। বৃক্ক বিকল হোৱাৰ পূৰ্বে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। কিন্তু যদি এই লক্ষণবোৰ সময়মতে চিনাক্ত হয় তেন্তে সঠিক চিকিৎসাৰ দ্বাৰা বৃক্ক বিকল হোৱাটো ৰোধ কৰিব পাৰি। ইয়াৰোপৰি বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ জনা দৰকাৰ। এই বিষয়ে জনাইছে  দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ অজয় ​​কুমাৰে । ইয়াৰ কেইটামান লক্ষণ তলত উল্লেখ কৰা হ’ল-

১) অনবৰতে ক্লান্তি আৰু দুৰ্বলতা অনুভৱ কৰাঃ যেতিয়া বৃক্কই সঠিকভাৱে তেজ পৰিষ্কাৰ নকৰে তেতিয়া শৰীৰত আৱৰ্জনা জমা হ’বলৈ আৰম্ভ কৰে। যাৰ বাবে শৰীৰ ভাগৰুৱা আৰু দুৰ্বল অনুভৱ হয়। কেতিয়াবা বিশেষ কষ্ট নকৰাকৈ এনে সমস্যা হয়।

২)মুখ, ভৰি আৰু গোৰোহা ফুলাঃ যেতিয়া বৃক্কই অতিৰিক্ত তৰল পদাৰ্থ আঁতৰাব নোৱাৰে তেতিয়া ই শৰীৰত জমা হ’বলৈ আৰম্ভ কৰে। এনে অৱস্থাত ৰোগীৰ মুখ, ভৰিৰ গোৰোহা, ভৰি আদি ফুলি উঠে।

৩)প্ৰস্ৰাৱৰ পৰিৱৰ্তনঃ নিশা সঘনাই প্ৰস্ৰাৱ, ৰং পৰিবৰ্তন, জলা-পোৱা, দুৰ্গন্ধ আজি বৃক্কই সঠিকভাৱে কাম নকৰাৰ লক্ষণ হ’ব পাৰে।

৪) মনোযোগত অভাৱ আৰু খিংখিঙীয়াঃ যেতিয়া শৰীৰত অতিৰিক্ত বিষাক্ত পদাৰ্থ জমা হবলৈ আৰম্ভ কৰে তেতিয়া মগজুতো প্ৰভাৱ পৰে। এনে অৱস্থাত অনিদ্ৰা, মুড পৰিবৰ্তন, খিংখিঙীয়া, মনোযোগত অসুবিধা আদি হ’ব পাৰে।

৫) বমি, ভোক কমাঃ শৰীৰত অতিৰিক্ত বিষাক্ত পদাৰ্থ জমা হবলৈ ধৰিলে পেটৰ স্বাস্থ্যত প্ৰভাৱ পেলায়। যাৰ ফলত পেট বিষ, বমি, বমি বমি ভাব আদি হ’ব পাৰে। ইয়াৰোপৰি ভোক কমি যোৱা, ওজন হ্ৰাস আদি সমস্যা হ’ব পাৰে।

কেনেকৈ সুস্থ কৰি ৰাখিব

  • উচ্চ ৰক্তচাপ আৰু ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখক।
  • পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে ।
  • ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক।
  • বিশেষজ্ঞৰ পৰামৰ্শ নোহোৱাকৈ বিষনাশক আৰু এন্টিবায়টিক গ্ৰহণ নকৰিব।
  • মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰক।

 

অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু ৰক্তহীনতাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? পতঞ্জলিৰ গৱেষণাৰ পৰা জানক…