প্ৰস্ৰাৱৰ সংক্ৰমণ আৰু ৰক্তহীনতাৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব? পতঞ্জলিৰ গৱেষণাৰ পৰা জানক…
আজিকালি বহু মহিলাই ইউটিআই, ৰক্তহীনতা আদি সমস্যাত ভোগা দেখা যায়। এই সমস্যাবোৰে মানুহক বহু অশান্তি দিয়ে। যাৰ বাবে বিচাৰে সকলোৱে পৰিত্ৰাণৰ উপায়।

প্ৰায়ভাগ মহিলাই UTI ৰ সমস্যাত ভোগা দেখা যায়। দেখাত ই সাধাৰণ লাগিলেও ডাঙৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে। যেতিয়া মূত্ৰাশয় আৰু ইয়াৰ নলী বেক্টেৰিয়াৰ দ্বাৰা সংক্ৰমিত হয় তেতিয়া UTI হয়। ই-কলাই বেক্টেৰিয়াৰ বাবে এই সমস্যা হয়। অসুৰক্ষিত যৌন সম্পৰ্ক, প্ৰস্ৰাৱ দীৰ্ঘসময় ধৰি ৰখা, গৰ্ভধাৰণ বা সংক্ৰমিত স্থানত প্ৰস্ৰাৱ কৰা আদি বিভিন্ন কাৰণত এই ৰোগ বিয়পিব পাৰে। এই সমস্যাৰ আয়ুৰ্বেদিক চিকিৎসাৰ কথা আপুনি জানেনে?
পতঞ্জলিয়ে দাবী কৰে যে, তেওঁলোকে গৱেষণাৰ দ্বাৰা এটা ঔষধ প্ৰস্তুত কৰিছে। যিয়ে UTI আৰু ৰক্তহীনতাৰ দৰে সমস্যা নিয়ন্ত্ৰণ কৰিব পাৰে। এই ঔষধৰ নাম Divya Urinil Vati. ই এক বনৌষধ যি এই সমস্যাবোৰৰ পৰা সকাহ দিয়াত সহায় কৰে। ইয়াৰ মূল উপাদান হৈছে-কৰমদা (karonda) যিয়ে স্বাভাৱিকতে শৰীৰক সংক্ৰমণৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে আৰু তেজৰ অভাৱ পূৰণ কৰে। অৱশ্যে এই ঔষদ বিশেষজ্ঞৰ পৰামৰ্শমতে গ্ৰহণ কৰিলে বেছি ভাল।
UTI ৰ আয়ুৰ্বেদিক চিকিৎসা
ব্যস্ততাপূৰ্ণ জীৱন, খাদ্যভাস আদি বিভিন্ন কাৰণত মানুহৰ স্বাস্থ্যজনিত সমস্যা হয়। ইয়াৰ ভিতৰত মহিলাসকলৰ মাজত হোৱা দুটা ডাঙৰ সমস্যা হল প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI) আৰু ৰক্তহীনতা। এই দুয়োটা সমস্যা দূৰ কৰিবলৈ আয়ুৰ্বেদত বহুতো ঔষধৰ কথা উল্লেখ আছে। তাৰে এটা দিব্য উৰিনিল ৱাটি।
উপাদান
দিব্য উৰিনিল ৱাটিৰ আটাইতকৈ গুৰুত্বপূৰ্ণ উপাদান হ’ল কৰমদা (কৰোণ্ডা) নিষ্কাশন। কৰমদা অৰ্থাৎ কৰোণ্ডা এবিধ সৰু ফল যিটোত এন্টিঅক্সিডেন্ট, আইৰণ আৰু ভিটামিন প্ৰচুৰ পৰিমাণে থাকে। আয়ুৰ্বেদত ইয়াক ৰক্ত উদ্দীপক, পাচনত সহায়ক আৰু শৰীৰক শক্তি প্ৰদান কৰা বুলি গণ্য কৰা হয়। দিব্য উৰিনিল ৱাটিয়ে মূত্ৰাশয়ৰ সমস্যা আৰু সংক্ৰমণ দূৰ কৰাত সহায় কৰে।
কি ৰোগত উপকাৰী
UTI (প্ৰস্ৰাৱৰ সংক্ৰমণ)- সঘনাই প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা, বিষ বা মাজে মাজে প্ৰস্ৰাৱ অহা ইউটিআইৰ সাধাৰণ লক্ষণ। কৰ্মৰদা নিষ্কাশনে প্ৰস্ৰাৱৰ নলী পৰিষ্কাৰ কৰাত সহায় কৰে আৰু সংক্ৰমণ বেক্টেৰিয়াৰ বিৰুদ্ধে যুঁজ দিয়াত সহায় কৰে।
ৰক্তহীনতাঃ যেতিয়া শৰীৰত তেজৰ অভাৱ হয় বা হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেতিয়া ভাগৰুৱা, দুৰ্বলতা, মূৰ ঘূৰোৱা আদি সমস্যাৰ সৃষ্টি হয়। এই ঔষধে তেজৰ অভাৱ পুনৰ পূৰণ কৰাত সহায় কৰে। লগতে ৰক্ত উৎপাদন বৃদ্ধি কৰাত সহায় কৰে।
কেনেকৈ খাব
- মাত্ৰা- ১ বা ২ কেপচুল দিনে দুবাৰকৈ কুহুমীয়া পানীৰে খাব লাগে।
- খাদ্য় খোৱাৰ আগত খালে বেছি ভাল।
- বিশেষজ্ঞৰ পৰামৰ্শমৰ্মে সেৱন কৰিলে ভাল।
উপকাৰিতা
- মূত্ৰাশয় আৰু প্ৰস্ৰাৱ নলী সুস্থ কৰি ৰাখে।
- UTI ৰ পৰা সকাহ।
- তেজৰ অভাৱ দূৰ কৰে।
- ক্লান্তি, দুৰ্বলতা আৰু মূৰ ঘূৰোৱা আদি সমস্যাৰ পৰা উপশম।
- প্ৰাকৃতিক আৰু বনৌষধি হোৱাৰ বাবে ইয়াৰ পাৰ্শ্বক্ৰিয়া নগণ্য।
(গুৰুত্বপূৰ্ণঃ গৰ্ভৱতী আৰু দুগ্ধপান কৰা মহিলাসকলে চিকিৎসকৰ পৰামৰ্শ মতেহে গ্ৰহণ কৰিব লাগে। ইয়াৰোপৰি বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে ঔষধ সেৱন কৰাৰ পৰা বিৰত থাকিব লাগে। গতিকে এয়া খোৱাৰ আগতে এবাৰ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক)
অন্য খবৰ পঢ়কঃ প্ৰস্ৰাৱৰ পৰা দুৰ্গন্ধ কিয় ওলায়? ই কি ৰোগৰ লক্ষণ, জানক বিশেষজ্ঞৰ পৰা…