বৃক্ক বিকল হ’লে চকুত কি কি লক্ষণে দেখা দিয়ে, জানক চিকিৎসকৰ পৰা…
বৃক্ক বিকল হ'লে বিভিন্ন লক্ষণে দেখা দিয়ে। আনকি আপোনাৰ চকুতো এই ৰোগৰ লক্ষণে দেখা দিব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা আৱশ্যক।

পুৱা শুই উঠাৰ লগে লগে চকুৰ চাৰিওফালে ফুলি উঠা দেখা যায়। বহুতে ইয়াক টোপনিৰ অভাৱৰ বাবে, বেছি টোপনিৰ বাবে,বেছি কান্দিলে, ভাগৰুৱা আদিৰ বাবে এনে হোৱা বুলি ভাবে। কিন্তু সকলো সময়তে এয়া নহ’ব পাৰে। ই আপোনাৰ শৰীৰত দীৰ্ঘদিন ধৰি লুকাই ৰখা কোনো গুৰুতৰ ৰোগৰ লক্ষণ হ’ব পাৰে। শেহতীয়াকৈ এক গৱেষণাই দাবী কৰিছে যে চকু ফুলি উঠা আমাৰ বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। ই কেনেদৰে ভিতৰৰ পৰা স্বাস্থ্যক দুৰ্বল কৰে সেই বিষয়ে বিশেষজ্ঞসকলৰ কিছু কথা তলত উল্লেখ কৰা হ’ল।
চকু ফুলি উঠা বা চকুৰ তল বা চাৰিওফালে ফুলি উঠা ই কেতিয়াবা সাধাৰণ নহ’ব পাৰে। কেতিয়াবা এই সমস্যা বাঢ়ি যায়। ইয়াক আঁতৰাবলৈ বহু মানুহে বিভিন্ন সময়ত ক্ৰীম বা ঘৰুৱা উপায় অৱলম্বন কৰে । কিন্তু এই লক্ষণ শৰীৰত পানী জমা হোৱা আৰু প্ৰটিন লিকেজ হোৱাৰ লক্ষণ হ’ব পাৰে, যি বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক পৰ্যায়।
গৱেষণা
শেহতীয়াকৈ মেডিকেল জাৰ্নেল দ্য লেন্সেটত প্ৰকাশিত গৱেষণাৰ মতে, বিশেষকৈ পুৱা সাৰ পোৱাৰ পাছত দীৰ্ঘদিন ধৰি যদি চকু ফুলি থকাৰ লক্ষণে দেখা দিয়ে তেন্তে ই আপোনাৰ বৃক্ক বিকল হোৱাৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে। বৃক্কই শৰীৰৰ পৰা প্ৰ’টিন ফিল্টাৰ নকৰিলে এনে হয়। বৃক্কৰ মূল কাম হ’ল তেজ পৰিষ্কাৰ কৰি তাৰ পৰা অতিৰিক্ত পানী আৰু বিষাক্ত উপাদান আঁতৰোৱা, কিন্তু যেতিয়া বৃক্কে সঠিকভাৱে কাম নকৰে তেতিয়া প্ৰ’টিন প্ৰস্ৰাৱৰ জৰিয়তে ওলাই আহিবলৈ আৰম্ভ কৰে আৰু শৰীৰত পানী জমা হ’বলৈ আৰম্ভ কৰে। ইয়াৰ প্ৰথম প্ৰভাৱ চকু আৰু মুখত দেখা যায়।
লক্ষণ
স্বাস্থ্য বিশেষজ্ঞ ডাঃ সমীৰ ভাটিয়ে কয় যে কিডনী বিকল হোৱাৰ বহু লক্ষণ দেখা দিব পাৰে। ব্যস্ত জীৱনশৈলী, খাদ্যভাসে এনে সমস্যা বৃদ্ধি কৰি আছে। বৃক্ক বিকল হলে প্ৰথম লক্ষণ চকুত দেখা যায়। যদি আপোনাৰ চকু ফুলি উঠে তেতিয়া তাৰ লগতে আন লক্ষণৰ ওপৰতো গুৰুত্ব দিব লাগে।
- সঘনাই প্ৰস্ৰাৱ কৰা,
- বিশেষকৈ ৰাতি প্ৰস্ৰাৱত ফেন বা গোন্ধ ওলোৱা,
- ভাগৰুৱা আৰু দুৰ্বলতা,
- ভোক নলগা,
- ভৰি আৰু ভৰিৰ গোৰোহা ফুলা,
- মুখমণ্ডল শেঁতা পৰা বা চকুৰ তলত ক’লা দাগ আদি।
এনে লক্ষণ দেখা দিলে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।
কাৰ এই ৰোগৰ সম্ভাৱনা বেছি
উচ্চ ৰক্তচাপ বা ডায়েবেটিছ ৰোগত আক্ৰান্ত ৰোগীৰ বৃক্ক বিকল হোৱাৰ সম্ভাৱনা বেছি। আনহাতে যিসকল লোকে বেছিকৈ নিমখ বা প্ৰ’টিনযুক্ত খাদ্য খাই তেওঁলোকৰ এই ৰোগৰ সম্ভাৱনা বেছি। কম পানী খোৱা, ধূমপান কৰা, অত্যধিক মদ্যপান কৰা আদি লোকৰ এই ৰোগৰ সম্ভাৱনা বেছি। ইয়াৰোপৰি যদি পৰিয়ালৰ কোনো লোকৰ পূৰ্বতে এই ৰোগ হয়, তেন্তে তেওঁলোকো এই ৰোগত আক্ৰান্ত হ’ব পাৰে।
কি কৰিব
- দৈনিক কমেও ৮-১০ গিলাচ পানী খাব লাগে,
- নিমখ আৰু প্ৰচেছড খাদ্যৰ পৰিমাণ কম কৰিব লাগে,
- নিয়মিতভাৱে ব্যায়াম কৰিব লাগে
- ওজন নিয়ন্ত্ৰণত ৰাখিব লাগে।
- ধূমপান আৰু মদৰ পৰা আঁতৰি থাকক,
- ৰক্তচাপ আৰু চুগাৰ নিয়ন্ত্ৰণত ৰাখক।
- বছৰত এবাৰ স্বাস্থ্য পৰীক্ষা কৰি লওক।
অন্য খবৰ পঢ়কঃ গৰমত বাৰে বাৰে প্ৰস্ৰাৱ অহা কি ৰোগৰ লক্ষণ? জানক…