শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

গৰমৰ দিনত সঘনাই প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ই কি ৰোগৰ লক্ষণ হ’ব পাৰে…

গৰমৰ দিনত মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে। সঘনাই প্ৰস্ৰাৱ আহি থকা আপোনাৰ কোনো ৰোগৰ লক্ষণ হ'ব পাৰে। এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।

গৰমৰ দিনত সঘনাই প্ৰস্ৰাৱ আহি থাকে নেকি? জানক ই কি ৰোগৰ লক্ষণ হ’ব পাৰে…
প্ৰস্ৰাৱৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 15 Jun 2025 14:40 PM

প্ৰস্ৰাৱ এক সাধাৰণ কথা। কিন্তু বাৰে বাৰে তথা সঘনাই প্ৰস্ৰাৱ আহিলে বহুতে অশান্তি পায়। বিশেষকৈ গ্ৰীষ্মকালত প্ৰস্ৰাৱৰ লগত জড়িত সমস্যা আৰু অধিক বৃদ্ধি পায়। এনে পৰিস্থিতিত বহুতৰে মনত প্ৰশ্ন হয়, সঘনাই প্ৰস্ৰাৱ আহি থকা কোনো ৰোগৰ লক্ষণ নেকি? কেতিয়াবা ভিতৰুৱা সংক্ৰমণ বা কোনো ৰোগৰ বাবেও বাৰে বাৰে প্ৰস্ৰাৱ আহিব পাৰে।  গ্ৰীষ্মকালত সঘনাই প্ৰস্ৰাৱ কৰাৰ কাৰণ কি আৰু ইয়াৰ আঁৰত কি কি সম্ভাৱ্য স্বাস্থ্যজনিত সমস্যা হ’ব পাৰে এই বিষয়ে লেখাটোত উল্লেখ কৰা হ’ল।

গ্ৰীষ্মকালত ঘাম নিৰ্গত হৈ থাকে বাবে শৰীৰত পানীৰ প্ৰয়োজনীয়তা বাঢ়ি যায়। যাৰ বাবে মানুহে পানীৰ লগতে ফলৰ ৰস বা আন ঠাণ্ডা বস্তু খায় । ইয়াৰ ফলত শৰীৰৰ তৰল পদাৰ্থৰ পৰিমাণ বৃদ্ধি পায়, যাৰ ফলত প্ৰস্ৰাৱ গঠনত প্ৰত্যক্ষ প্ৰভাৱ পৰে। বৃক্কই এই পানী ফিলটাৰ কৰে আৰু পাছত বাহিৰ কৰে। যাৰ বাবে বাৰে বাৰে প্ৰস্ৰাৱ আহে। ইয়াৰ লগতে গৰমত শৰীৰৰ পৰা ঘাম নিৰ্গত হয়। কিন্তু ব্যক্তিজন যদি অধিক হাইড্ৰেট হৈ থাকে তেন্তে স্ৰাৱৰ ৰূপত অধিক পানী ওলাই আহে। এইটো এটা স্বাভাৱিক প্ৰক্ৰিয়া।

কিন্তু গৰমত যদি আপোনাৰ প্ৰস্ৰাৱৰ ৰং সলনি হয় বা দুৰ্গন্ধ ওলাই তেন্তে ই কোনো স্বাস্থ্যজনিত সমস্যা হব পাৰে। গতিকে ইয়াৰ বিষয়ে জনা দৰকাৰ।

বাৰে বাৰে প্ৰস্ৰাৱ অহা

যদি প্ৰচুৰ পৰিমাণৰ পানী নোখোৱাকৈ আপোনাৰ সঘনাই প্ৰস্ৰাৱ লাগি থাকে তেন্তে ই ডাঙৰ সমস্যা হ’ব পাৰে। ইয়াৰোপৰি ইয়াৰ লগতে জলা-পোৰা, দুৰ্বলতা, সঘনাই পিয়াহ, ওজন কমি যোৱা বা ৰাতি সঘনাই উঠি প্ৰস্ৰাৱ কৰিবলৈ লোৱা আদি লক্ষণ দেখা দিয়ে তেন্তে ই কোনো ৰোগৰ লক্ষণ হোৱাৰ সম্ভাৱনা থাকে।

সঘনাই প্ৰস্ৰাৱ অহা ডায়েবেটিছ, প্ৰস্ৰাৱ নলীৰ সংক্ৰমণ (UTI), বৃক্কৰ সমস্যা বা প্ৰষ্টেট গ্ৰন্থিৰ বিকাৰ আদি ৰোগৰ লক্ষণ হ’ব পাৰে।  মহিলাসকলৰ  যোনিৰ সংক্ৰমণ বা হৰম’নৰ ভাৰসাম্যহীনতাৰ ফলতো বাৰে বাৰে প্ৰস্ৰাৱ আহি থাকিব পাৰে।  ইয়াৰোপৰি কিছুমান ঔষধ সেৱন কৰিলে প্ৰস্ৰাৱত প্ৰভাৱ পৰে। গতিকে এই সমস্যা যদি দীৰ্ঘদিন ধৰি থাকে আৰু ইয়াৰ লগতে বিষ, জলা পোৰা আদি সমস্যাই দেখা দিয়ে তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা প্ৰয়োজনীয়।

পৰিত্ৰাণ

  • দিনটোত পৰ্যাপ্ত পৰিমাণৰ পানী খাব লাগে।
  • অতি ঠাণ্ডা বা চেনিযুক্ত পানীয় পৰিহাৰ কৰক।
  • সময়মতে প্ৰস্ৰাৱ কৰক।
  • যদি প্ৰস্ৰাৱৰ সৈতে জ্বলা-পোৰা বা দুৰ্গন্ধ হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ লওক।
  • গোপন অংগ পৰিষ্কাৰ কৰি ৰাখক।
  • অধিক নিমখ আৰু কেফেইনযুক্ত বস্তু পৰিহাৰ কৰক।

 

 

অন্য খবৰ পঢ়কঃ থাইৰয়ডৰ সমস্যা হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক…