Kati Bihu Wishes: এনেদৰে আপোনজনক প্ৰেৰণ কৰক কাতি বিহুৰ শুভকামনা…
Kati Bihu Wishes: অসমীয়াৰ জাতীয় জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। অসমীয়াৰ ৩ বিহুৰ ভিতৰত অন্যতম এই বিহু।

কাতি বিহুৰ শুভকামনাImage Credit source: social media
অসমীয়াৰ জাতীয় উৎসৱ তিনি বিহুৰ ভিতৰত অন্যতম এই কাতি বিহু বা কঙালী বিহু। এইবাৰ ১৮ অক্টোবৰত পালন কৰা হ’ব কাতি বিহু। আহিন আৰু কাতি মাহৰ সংক্ৰান্তিৰ দিনা এই বিহু পালন কৰা হয়। এই সময়চোৱাত অসমীয়াৰ ভঁৰাল প্ৰায় উদং হৈ থাকে আৰু শালি ধান চপাবলৈ যথেষ্ঠ সময় থাকে। অভাৱ- অনাটনৰ মাজেৰে এই বিহু অনুষ্টুপীয়াকৈ পতা হয়, যাৰ বাবে এই বিহুক কঙালী বিহু বুলি কোৱা হয়।
এই বিহুত তুলসী, গছ, ভঁৰাল, পথাৰ আদিত চাকি জ্বলাই শ্ৰীবৃদ্ধি কামনা কৰা হয়। ঠাইভেদে কাতি বিহুৰ পৰম্পৰা বেলেগ বেলেগ। এই দিনটোত নাম-প্ৰসংগ কৰি গঁঞাই ঘৰে ঘৰে প্ৰসাদ খায়।
এই দিনটোত আপুনি আপোনজনক বা আত্মীয়ক বিহুৰ মংগল বাৰ্তা প্ৰেৰণ কৰিব পাৰে। তলত দিয়া ধৰণে আপুনি প্ৰেৰণ কৰিব পাৰে কাতি বিহুৰ মংগল বাৰ্তা
- কাতি বিহু উপলক্ষে সকলোৰে কুশল-মংগল কৰিলো।
- তুলসীৰ তলে মৃগ পহু চৰে, তাকে দেখি ৰামচন্দ্ৰই শৰধনু ধৰে- কাতি বিহুৰ ওলগ জনালোঁ।
- কাতি বিহু উপলক্ষে মংগল কামনা কৰিলো। আশা কৰো এই বিহুৱে তোমাৰ পৰিয়াললৈ শ্ৰীবৃদ্ধি কঢ়িয়াই আনিব।
- কাতি বিহুৰ ওলগ। তুলসীৰ তলৰ চাকিগচিয়ে উজলাই তোলাক তোমাৰ মন। হওক শ্ৰীবৃদ্ধি, তাৰেই কামনা…
- আদৰৰ কাতি বিহুৰ আকাশবন্তিৰ পোহৰেৰে উজলি উঠক অসমৰ সমাজ জীৱন, সকলোলৈ কাতি বিহুৰ ওলগ।
- অনাগত দিনবোৰত পথাৰবোৰ সোণগুটিৰে উপচি শ্যামলা হৈ পৰক, তাৰেই কামনা কৰিলো।
- কাতি বিহুৰ ওলগ জনালোঁ। আশা কৰো, নতুন সম্ভাৱনাৰে সোণোৱালী হৈ উঠক কৃষিজীৱী ৰাইজৰ সপোন…
- তুলসী তলৰ চাকিগছি আৰু শইচ পথাৰৰ আকাশ বন্তিৰে চহা ৰাইজৰ ভঁৰাল আলোকিত কৰাৰ প্ৰাৰ্থনা, সকলোলৈ কাতি বিহুৰ শুভকামনা জনালোঁ ।
- তুলসীৰ তলৰ চাকিৰ পোহৰে সকলোৰে জীৱনলৈ কঢ়িয়াই আনক সুখ, শান্তি আৰু সমৃদ্ধি। কঙালী বিহুৰ মংগল কামনা কৰিলোঁ।
- কাতি বিহুৰ আন্তৰিক ওলগ। চাকিৰ পোহৰে জীৱনৰ অন্ধকাৰ নাশ কৰি পোহৰেৰে উজ্বলাই তোলক। তাৰেই কামনা…
- কাতি বিহুৰ শুভকামনা জনালোঁ। ধনে-ধানে উপচি পৰক আপোনাৰ ঘৰ।
- কাতি বিহুৱে কঢ়িয়াই আনক আশাৰ বতৰা, সোণগুটিৰে সকলোৰে ভঁৰাল উপচি পৰক।
- কঙালীৰ কাতিয়ে আনক ভোগৰ বতৰা, সকলোলৈ কাতি বিহুৰ অযুত শুভকামনা।
- সোণগুটিৰে নদন-বদন হওক লখিমী পথাৰ, ভঁৰাল ভৰক কৃষকৰ, কাতি বিহুৰ দিনটোত মংগল কামনা কৰিলোঁ।
অন্য খবৰ পঢ়কঃ কাতি বিহু, জানক এই বিহুৰ তাৎপৰ্য, পৰম্পৰা আদি সকলো…