শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সঘনাই কঁকাল, আঁঠুৰ বিষ হৈ থাকে নেকি? বিশেষজ্ঞৰ পৰা জানক ইয়াৰ কাৰণ…

আজিকালি প্ৰায়ভাগ মানুহে হাড়ৰ লগত জড়িত সমস্যাত ভোগে। বহুতে ইয়াৰ কাৰণ কেলচিয়াম বুলি ভাবে। কিন্তু কেতিয়াবা কিছুমান পুষ্টিকৰ উপাদানৰ অভাৱতো হাড়ৰ বা গাঁঠিৰ বিষ হ'ব পাৰে।

সঘনাই কঁকাল, আঁঠুৰ বিষ হৈ থাকে নেকি? বিশেষজ্ঞৰ পৰা জানক ইয়াৰ কাৰণ…
ভৰি বিষImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 09 Jul 2025 17:44 PM

আজিকালি প্ৰায়ভাগ মানুহে হাড়ৰ লগত জড়িত সমস্যাত ভোগে। এনে ক্ষেত্ৰত বহুতে ভাবে হাড়ৰ সমস্যা কেৱল কেলচিয়ামৰ সমস্যাৰ বাবে হৈছে। গতিকে গাঁঠি বা হাড়ৰ বিষ আৰম্ভ হোৱাৰ লগে লগে মানুহে কেলচিয়ামৰ পৰিপূৰক গ্ৰহণ কৰিবলৈ আৰম্ভ কৰে। কিন্তু কেতিয়াবা এই বিষ অন্য কাৰণতো হৈ পৰিব পাৰে। হাড় দুৰ্বল হৈ পৰাৰ লগতে, ফুলা আৰু জঠৰ হৈ পৰিব পাৰে।

যদি হাড়ত অহৰহ বিষ থাকে, তেন্তে কেৱল কেলচিয়াম গ্ৰহণ কৰাই যথেষ্ট নহয়। এনে অৱস্থাত শৰীৰক আন কিছুমান পুষ্টিকৰ উপাদানৰো প্ৰয়োজন, যিয়ে কেলচিয়াম দ্ৰৱীভূত কৰি হাড়লৈ প্ৰেৰণ কৰাত সহায় কৰে। কেলচিয়াম থকাৰ পিছতো হাড়ত কিয় বিষ হয় আৰু কোনবোৰ পুষ্টিকৰ উপাদানে আপোনাৰ হাড়বোৰ মজবুত কৰি ৰাখিব পাৰে, এই সন্দৰ্ভত তলত সবিশেষ উল্লেখ কৰা হ’ল।

ভিটামিন ডি

চহৰত থকা লোকসকলৰ মাজত ভিটামিন ডিৰ অভাৱ বেছিকৈ দেখা যায়। শৰীৰত কেলচিয়াম শোষণৰ বাবে এই ভিটামিন প্ৰয়োজন। যদি আপোনাৰ শৰীৰত কেলচিয়াম প্ৰচুৰ পৰিমাণে থাকে কিন্তু ভিটামিন ডিৰ অভাৱ হয়, তেন্তে কেলচিয়াম হাড়লৈ যাব নোৱাৰে। ফলত হাড়ৰ বিষ, কঁকালৰ বিষ, আঁঠু গধুৰ হোৱা, পেশী দুৰ্বল হোৱা আদি সমস্যাৰ সৃষ্টি হয়।

এনে পৰিস্থিতিত পুৱাৰ ৰ’দত ২০-৩০ মিনিট সময় কটাব লাগে, ভিটামিন ডিযুক্ত খাদ্য যেনে কণীৰ কুহুম,, ফৰ্টিফাইড গাখীৰ, মাশ্বৰুম আদি খাব লাগে । ইয়াৰোপৰি প্ৰয়োজন হ’লে চিকিৎসকৰ পৰা পৰিপূৰক গ্ৰহণ কৰিব লাগে।

মেগনেছিয়াম

মেগনেছিয়াম এবিধ খনিজ পদাৰ্থ যিয়ে হাড় শক্তিশালী কৰি ৰখাত সহায় কৰে । শৰীৰত থকা মেগনেছিয়াম ৬০% তকৈ অধিক হাড়ত পোৱা যায়। ই কেলচিয়াম আৰু ভিটামিন ডি দুয়োটাৰে সৈতে একেলগে কাম কৰে।ইয়াৰ অভাৱ হ’লে কেলচিয়াম সঠিকভাৱে ব্যৱহাৰ কৰিব নোৱাৰে, যাৰ ফলত হাড় দুৰ্বল হ’বলৈ আৰম্ভ কৰে।

সেউজীয়া শাক-পাচলি, বাদাম, গোটা শস্য, দাইল আদিত মেগনেছিয়াম থাকে।

ভিটামিন কে

ভিটামিন k বা ভিটামিন K2 য়ে হাড়ত কেলচিয়াম সঠিক ঠাইত জমা কৰি ৰখাত সহায় কৰে। যদি ইয়াৰ অভাৱ হয় তেন্তে হাড়ৰ সলনি শৰীৰৰ আন অংশ যেনে শিৰাত কেলচিয়াম জমা হ’ব পাৰে, যাৰ ফলত হাড়ৰ কোনো লাভ নহয়। ভিটামিন কেৰ উৎস হ’ল ব্ৰকলি, কচু, কবি, সেউজীয়া পাতৰ শাক-পাচলি আদি।

যদি আপুনি হাড়ৰ স্বাস্থ্যৰ বাবে কেৱল কেলচিয়ামৰ ওপৰত নিৰ্ভৰশীল, কিন্তু তাৰ পাছতো গাঁঠি বা হাড়ৰ বিষ হৈ থাকে তেন্তে ই আপোনাৰ শৰীৰত ভিটামিন ডি, মেগনেছিয়াম আৰু ভিটামিন কেৰ অভাৱ হোৱাৰ লক্ষণ হ’ব পাৰে। গতিকে এই দিশৰ প্ৰতি গুৰুত্ব দিয়া প্ৰয়োজন। ইয়াৰ বিষয়ে অধিক জানিবলৈ আপুনি বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ অনিদ্ৰা আৰু মূৰৰ বিষৰ সমস্যাৰ পৰা লাভ কৰিব সকাহ, আয়ুৰ্বেদত আছে এই বিশেষ উপায়…