janmashtami 2024: জন্মাষ্টমীত এনেকৈ আপোনজনক প্ৰেৰণ কৰক শুভ বাৰ্তা, গীতাৰ শ্লোক…
যেনেকৈ মানুহে মোৰ ওচৰত নিজক এৰি দিয়ে, মই সেই অনুসৰি তেওঁলোকক প্ৰতিদান দিও। সকলোৱে জ্ঞাতে বা অজ্ঞাতে মোৰ পথ অনুসৰণ কৰে- শ্ৰীকৃষ্ণ

হিন্দু ধৰ্মৰ অন্যতম ধৰ্মীয় উৎসৱ জন্মাষ্টমী। কৃষ্ণ জন্মাষ্টমীক গোকুলাষ্টমী বুলিও কোৱা হয়। জন্মাষ্টমী হৈছে ভগৱান বিষ্ণুৰ অষ্টম অৱতাৰ শ্ৰীকৃষ্ণৰ জন্মোৎসৱ। কৃষ্ণ দৈৱকী আৰু বাসুদেৱৰ অষ্টম সন্তান আছিল। জ্যোতিষ শাস্ত্ৰৰ গণনা অনুসৰি শ্ৰীকৃষ্ণৰ জন্ম হৈছিল খ্ৰীষ্টাপূৰ্ব ৩২২৮ত। হিন্দু পঞ্জিকাৰ মতে ভাদ মাহৰ কৃষ্ণ পক্ষৰ অষ্টমী তিথিত জন্মাষ্টমী পালন কৰা হয়। এই দিনটোত কৃষ্ণক আৰাধনা কৰি দেশবাদী আনন্দত আপোন পাহৰা হৈ থাকে। মথুৰা, বৃন্দাবন আদিৰ লগতে বহু ঠাইত কৃষ্ণৰ জন্ম উপস্থাপন কৰি নাটক, ভাওনা আদি কৰা হয়। হিন্দু ধৰ্মত ইয়াৰ বিশেষ মান্যতা আছে।
এই উৎসৱ অধৰ্মৰ ওপৰত ধৰ্মৰ জয়ৰ উৎসৱ। দ্বাপৰ যুগত যেতিয়া পৃথিৱীত কংসৰ অত্যাচাৰ বৃদ্ধি পাইছিল, তেতিয়া ভগৱান শ্ৰীকৃষ্ণৰ জন্ম হৈছিল জনসাধাৰণক নিজৰ অত্যাচাৰৰ পৰা মুক্ত কৰিবলৈ। মথুৰাৰ কাৰাগাৰত জন্ম হোৱা দেৱকীৰ অষ্টম পুত্ৰ ভগৱান শ্ৰীকৃষ্ণ। তাৰ পাছতেই বাসুদেৱে কাৰাগাৰৰ পৰা নি যশোদাৰ ওচৰত থৈ আহিছিল শ্ৰীকৃষ্ণক। তাৰ পাছতেই নন্দ, যশোদাই ডাঙৰ- দীঘল কৰিছিল কৃষ্ণক। বিশ্বাস অনুসৰি এই দিনটোত শ্ৰীকৃষ্ণক আৰধনা কৰিলে মনৰ ইচ্ছা পূৰণ হয়।
দিন আৰু সময়
চলিত বৰ্ষৰ জন্মাষ্টমী ২৬ আগষ্টৰ বিয়লি ৩.৩৯ বজাৰ পৰা আৰম্ভ হ’ব আৰু অন্ত পৰিব ২৭ আগষ্ট দুপৰীয়া ২:১৯ বজাত। গতিকে ২৬ আগষ্টৰ দিনটোকে কৃষ্ণ জন্মাষ্টমী হিচাপে পালন কৰা হ’ব।
এনেদৰে প্ৰেৰণ কৰক বাৰ্তা
- ভগৱান শ্ৰীকৃষ্ণৰ জন্মাষ্টমীৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো। আশা কৰো, ভাৰতীয় আধ্যাত্মিকতাৰ প্ৰাণপুৰুষগৰাকীৰ আশীৰ্বাদে আপোনাৰ জীৱন সুখময় কৰি তোলক।
- জন্মাষ্টমীৰ বহুত বহুত শুভেচ্ছা। ত্ৰি- জগতৰ পতি মহাপ্ৰভুৰ ওচৰত প্ৰাৰ্থনা, আপোনাৰ জীৱন সুখ, শান্তি, সমৃদ্ধিৰে ভৰি পৰক। সদায় সু-স্বাস্থ্যৰ অধিকাৰী হৈ থাকক। আপোনাৰ লগতে আপোনাৰ পৰিয়ালৰো মংগল কৰক।
- ৰাধে ৰাধে! এই জন্মাষ্টমীয়ে আপোনাক আৰু আপোনাৰ পৰিয়াললৈ কঢ়িয়াই আনক অনবিল সুখ, শান্তি। আশা কৰো জীৱনৰ সকলো ঘাত- প্ৰতিঘাতৰ সন্মুখীন হবলৈ আপোনাক শ্ৰীকৃষ্ণই শক্তি দিয়ক।
- ভগৱান শ্ৰীকৃষ্ণই আপোনাৰ জীৱন সুখময় কৰি তোলক। ৰাধে ৰাধে।
- জন্মাষ্টমীৰ বহুত শুভেচ্ছা। আশা কৰো ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদ সদায় তোমাৰ ওপৰত থাকক।
- জন্মাষ্টমীৰ এই শুভ ক্ষণত আশা কৰো যে, ভগৱান কৃষ্ণই তোমাৰ জীৱনৰ সঠিক পথ দেখুৱাই দি সফলতা লাভ কৰাত সহায় কৰক। ৰাধে ৰাধে!
- জন্মাষ্টমীৰ শুভেচ্ছা। শ্ৰীকৃষ্ণৰ বাঁহীৰ মিঠা সুৰৰ দৰে আপোনাৰ জীৱনটোও ধুনীয়া হৈ পৰক। সকলো সুখ লাভ কৰি মনে বিচৰা ধৰণে সুখী হওক।
ফেচবুক, হোৱাটছ এপ ষ্টেটাছ
- জয় শ্ৰী কৃষ্ণ, জয় শ্ৰী ৰাধে। কৃষ্ণ জন্মাষ্টমীৰ শুভেচ্ছা জ্ঞাপন কৰিলো।
- জন্মাষ্টমীৰ এই পবিত্ৰ ক্ষণত আশা কৰো, ভগৱান শ্ৰীকৃষ্ণৰ ঐশ্বৰিক কৃপা সদায় আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ ওপৰত পৰক। জন্মাষ্টমীৰ শুভেচ্ছা।
- জন্মাষ্টমীৰ শুভেচ্ছা! ভগৱান শ্ৰীকৃষ্ণৰ ওপৰত বিশ্বাস ৰাখক। তেওঁ আপোনাক আন্ধাৰৰ মাজতো পোহৰৰ পথ দেখুৱাব। আপোনাৰ জীৱনৰ সুখেৰে ভৰাই তুলিব।
উক্তি
- আপোনাৰ কাম কৰাৰ অধিকাৰ আছে, কিন্তু ইয়াৰ ফল আশা কেতিয়াও নকৰিব। কেতিয়াও পুৰস্কাৰৰ স্বাৰ্থত কৰ্মত লিপ্ত হোৱা উচিত নহয়- শ্ৰীকৃষ্ণ।
- অন্যায়ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব লাগিব। কিন্তু মনত ৰাখিব, আপোনাৰ আচৰণ, ব্যৱহাৰৰ পৰা যাতে কোনো নিৰীহলোকে আঘাত নাপায়।গীতাক উল্লেখ আছে, মানুহৰ ধৰ্ম বিনয় আৰু অহিংসা। কিন্তু অন্যায় দেখিলে সেয়া সহ্য কৰা উচিত নহয়।
- যিসকলে নিজৰ জ্ঞান ইন্দ্ৰিয়বোৰত মনেৰে নিয়ন্ত্ৰণ কৰিব পাৰে আৰু মোহ নোহোৱাকৈ কান নিয়োজিত হয় তেওঁলোক শ্ৰেষ্ঠ- শ্ৰীকৃষ্ণ।
- মোহ, ভয় আৰু ক্ৰোধৰ পৰা মুক্ত হৈ মোৰ মাজত সম্পূৰ্ণৰূপে নিমগ্ন হোৱা। এনেকৈয়ে বহু ব্যক্তিয়ে মোৰ জ্ঞানেৰে শুদ্ধ হৈ পৰিল আৰু ঐশ্বৰিক প্ৰেম লাভ কৰিলে।- শ্ৰী কৃষ্ণ
- যেনেকৈ মানুহে মোৰ ওচৰত নিজক এৰি দিয়ে, মই সেই অনুসৰি তেওঁলোকক প্ৰতিদান দিও। সকলোৱে জ্ঞাতে বা অজ্ঞাতে মোৰ পথ অনুসৰণ কৰে- শ্ৰীকৃষ্ণ