বলীউডৰ অভিনেত্ৰী মাধুৰী দীক্ষিতে এই ফটোত পিন্ধিছে সেউজীয়া ৰঙৰ এখন কাঞ্জীৱাৰম ৰেচম শাৰী। ইয়াৰ লগতে সেউজীয়া ৰঙৰ হাফ শ্লিভ ব্লাউচ পৰিধান কৰিছে। ৱান হেয়াৰ ষ্টাইলৰ লগত সামান্য মেকআপ কৰিছে।
অভিনেত্ৰীগৰাকীয়ে পৰিধান কৰিছে বানাৰসী শাৰী। লগতে পৰিধাণ কৰিছে গহনা। সামান্য মেকআপ লগাই চুলিখনি খুলি ৰাখিছে।পূজা পাৰ্বনত এনে শাৰী, এনে মেকআপ কৰিব পাৰি।
এই ফটোত অভিনেত্ৰীগৰাকীক হালধীয়া ৰঙৰ শাৰী পৰিধান কৰিছে। ইয়াৰ লগতে সোণালী ৰঙৰ ব্লাউজ পৰিধান কৰিছে। চুলিখিনি বান্ধি ৰাখিছে। এনেকৈ শাৰী বা মেকআপ পূজা পাৰ্বন বা বিয়াৰ অনুষ্ঠানলৈ গ'লেও পিন্ধিব পাৰি।
এই ফটোত গোলাপী ৰঙৰ শাৰী পিন্ধিছে অভিনেত্ৰীগৰাকীয়ে। হাফ শ্লিভৰ ব্লাউজ পৰিধান কৰি চুলি খুলি ৰাখিছে। ইয়াৰ লগতে সামান্য মেকআপ আৰু কিছু গহনা পৰিধান কৰিছে।
এই ফটোত অভিনেত্ৰীগৰাকীক বেচ সুন্দৰ লাগিছে। সোণালী ৰঙৰ শাৰী পিন্ধাৰ লগতে গহনা পৰিধান কৰিছে। ষ্টাইলিছ লুক পাবলৈ অভিনেত্ৰীগৰাকীৰ এই কেইটা লুকৰ পৰা আইডিয়া ল'ব পাৰে। উৎসৱ পাৰ্বনত এনেদৰে শাৰী পিন্ধিব পাৰে।