কৰ’না ভেকচিনৰ বাবে হৃদৰোগৰ আশংকা বাঢ়িছে নেকি? জানক কৰ’না ভেকচিনৰ বিষয়ে এই ডাঙৰ খবৰ
Covid vaccine: ক'ভিড ভেকচিন সন্দৰ্ভত পূৰ্বে বহু ধৰণৰ দাবী উত্থাপন কৰা হৈছিল। বহুজনৰ মতে, ভেকচিন ল'লে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ভেকচিনৰ বাবে তেজৰ গোট গঠন হ’ব বুলিও দাবী কৰা হৈছিল। যাৰ বাবে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ দৰে বিপদ হ’ব পাৰে বুলিও দাবী কৰিছিল।

২০২০ চনত যেতিয়া সমগ্ৰ বিশ্বতে কৰ’না ভাইৰাচ বিয়পি পৰিছিল, তেতিয়া বহু কোম্পানীয়ে Covid ভেকচিন প্ৰস্তুত কৰে। এই ভেকচিনে কৰ’নাৰ পৰা সুৰক্ষা প্ৰদান কৰিল যদিও এই ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ বিষয়েও সমগ্ৰ বিশ্বতে আলোচনা হয়। হঠাতে হাৰ্ট এটেকৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবেই এই আলোচনাৰ বৃদ্ধি হৈছিল। এতিয়া সেই বিষয়টো আকৌ চৰ্চালৈ আহিছে। ইফালে, আমেৰিকাৰ ফুড এণ্ড ড্ৰাগ এডমিনিষ্ট্ৰেশ্যনে (এফ ডি এ) ভেকচিন প্ৰস্তুত কৰা কোম্পানী ফাইজাৰ আৰু মডাৰ্নাক নিজৰ ভেকচিনৰ ওপৰত সতৰ্কবাণী চিহ্নিত কৰিবলৈ নিৰ্দেশ দিছে।
এফ ডি এয়ে এই কোম্পানীসমূহক তেওঁলোকৰ Covid-19 ভেকচিনৰ ওপৰত সতৰ্কবাণী লিখিবলৈ নিৰ্দেশ দিছে। এই সতৰ্কবাণী হৃদযন্ত্ৰৰ সমস্যাৰ সম্ভাৱ্য আশংকাৰ বিষয়ে হ’ব লাগে। এই সতৰ্কবাণী সংযোজন কৰাৰ নিৰ্দেশ দিয়া হৈছে যাতে টিকা ল’ব বিচৰা লোকসকলে ইতিমধ্যে ভেকচিনৰ সম্ভাৱ্য বিপদৰ বিষয়ে অৱগত হয়।
ইউৰোপিয়ান হাৰ্ট জাৰ্নেলত প্ৰকাশিত গৱেষণাৰ মতে মডাৰ্না আৰু ফাইজাৰ কোম্পানীৰ ভেকচিনৰ বাবে হৃদৰোগৰ আশংকা থাকে। অৱশ্যে এইটো নূন্যতম আৰু হাজাৰজনৰ ভিতৰত এজনৰ ক্ষেত্ৰত হ’ব পাৰে।
হৃদৰোগৰ কিমান আশংকা
Covid ভেকচিন সন্দৰ্ভত পূৰ্বে বহু ধৰণৰ দাবী উত্থাপন কৰা হৈছিল। বহুজনৰ মতে, ভেকচিন ল’লে হৃদযন্ত্ৰৰ লগত জড়িত ৰোগৰ সম্ভাৱনা বৃদ্ধি পায়। ভেকচিনৰ বাবে তেজৰ গোট গঠন হ’ব বুলিও দাবী কৰা হৈছিল। যাৰ বাবে হাৰ্ট এটেক আৰু ব্ৰেইন ষ্ট্ৰোকৰ দৰে বিপদ হ’ব পাৰে বুলিও দাবী কৰিছিল। Covid ভেকচিনৰ পিছত সমগ্ৰ দেশতে হাৰ্ট আৰু ব্ৰেইন এটেকৰ ঘটনা দ্ৰুতগতিত বৃদ্ধি পাইছে। এনে শ শ ভিডিঅ’ও ভাইৰেল হৈ পৰিছিল য’ত হঠাৎ কোনোবাই পৰি হাৰ্ট এটেক হৈ মৃত্যুবৰণ কৰা। কিন্তু ভেকচিনৰ পাৰ্শ্বক্ৰিয়াৰ এই দাবীসমূহ বিশ্ব স্বাস্থ্য সংস্থা আৰু আইচিএমআৰে নাকচ কৰিছিল।
মানুহে ভয় খোৱাৰ প্ৰয়োজন আছে নেকি?
ভাৰতৰ একাংশ লোকেও মডাৰ্নাৰ ভেকচিন লৈছিল, গতিকে তেওঁলোকে ভয় কৰাৰ প্ৰয়োজন আছেনে? এই প্ৰশ্নৰ ওপৰত ডাঃ আৰ কে গুপ্তাই কয় যে, চৰকাৰৰ পৰা এনে কোনো গাইডলাইন অহা নাই। ভাৰতত নিৰ্মিত সকলো ক’ভিড ভেকচিন নিৰাপদ। তেওঁ কয় যে দেশত প্ৰথমে Covid ভেকচিন প্ৰদান কৰা লোকসকল আছিল স্বাস্থ্যকৰ্মী। তেওঁলোকৰ কোনো পাৰ্শ্বক্ৰিয়া দেখা পোৱা নগ’ল। স্বাস্থ্যকৰ্মীৰ পিছত জনসাধাৰণৰ বাবে আৰম্ভ কৰা হ’ল Covid টিকাকৰণ। সেই সময়ত ভেকচিন কম আছিল, গতিকে যিসকলৰ ক’ভিড হোৱাৰ আশংকা বেছি আছিল তেওঁলোকক প্ৰথমে ভেকচিন দিয়া হৈছিল। ডাঃ আৰ কে গুপ্তাৰ মতে ভাৰতীয় ক’ভিড ভেকচিন সম্পূৰ্ণ নিৰাপদ।
লগতে পঢ়কঃ বুষ্টাৰ ড’জৰ প্ৰয়োজন হ’ব নেকি?