শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সাৱধান! ৮ ঘন্টা নুুশুলে কি গুৰুতৰ ৰোগ হ’ব পাৰে জানেনে? অধ্যয়নত প্ৰকাশ তথ্য়…

ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু যেতিয়া টোপনি ভাল নহয় তেতিয়া বিভিন্ন স্বাস্থ্যজনিত সমস্যা দেখা দিয়ে। ইয়াৰ ফলত কিছুমান গুৰুতৰ ৰোগ হোৱাৰ আশংকা বৃদ্ধি পায়।

সাৱধান! ৮ ঘন্টা নুুশুলে কি গুৰুতৰ ৰোগ হ’ব পাৰে জানেনে? অধ্যয়নত প্ৰকাশ তথ্য়…
টোপনিৰ সমস্যাImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 07 Aug 2025 10:25 AM

ভাল স্বাস্থ্যৰ বাবে ভাল টোপনিৰ প্ৰয়োজন। কিন্তু যেতিয়া টোপনি আধৰুৱা হয় তেতিয়া ভাগৰৰ লগতে দিনটো মুড নষ্ট হোৱা দেখা যায়। ই ১৭২ টাকৈ গুৰুতৰ ৰোগৰ সৈতে জড়িত সতৰ্কবাণী হৈ পৰিব পাৰে। শেহতীয়াকৈ এক অধ্যয়নক প্ৰকাশ পাইছে যে, অপৰ্যাপ্ত টোপনিৰ ফলত পাৰ্কিনছন, ডায়েবেটিছ, হৃদৰোগ আনকি মানসিক ৰোগ হ’ব পাৰে। গতিকে টোপনিৰ ফলত আমাৰ বহু স্বাস্থ্যজনিত সমস্যাই দেখা দিব পাৰে।

টোপনিৰ লগত জড়িত ৰোগ

এই অধ্যয়নে ৯ বছৰত প্ৰায় ৯০,০০০ লোকক সামৰি লৈছে। অধ্যয়নত পোৱা গৈছে যে, পাৰ্কিছন ৰোগৰ আশংকা ৩৭ শতাংশ বাঢ়ি যায়। ইয়াৰ লগতে টাইপ ২ ডায়েবেটিছৰ আশংকা ৩৬ শতাংশ, বৃক্ক বিকল হোৱাৰ আশংকা ২২ শতাংশৰ লগতে COPD, হৃদৰোগ, ডিপ্ৰেশ্যন আদিৰ আশংকা অনিয়মিত টোপনি ক্ষতিৰ ফলত বাঢ়ি যায়। গৱেষণাত পোৱা গৈছে যে, ৯২ ৰোগৰ ভিতৰত ২০ শতাংশ কেৱল বেয়া টোপনিৰ বাবে হোৱা দেখা যায়।

টোপনিত বাধা কিয় আহে

  • অত্যধিক মোবাইল বা স্ত্ৰীণ ব্যৱহাৰ।
  • চিন্তা।
  • অনিয়মিত শুৱাৰ সময়।
  • কেফেইন খোৱা।
  • বেয়া জীৱনশৈলী

উল্লেখ্য যে, ভাল টোপনিৰ বাবে কমেও ৮ ঘন্টা শুৱা প্ৰয়োজন। কিন্তু বহুতে ভাল টোপনি ৬ঘন্টাও লোৱা দেখা নাযায়।

প্ৰতিকাৰৰ উপায়

  • শুৱা আৰু সাৰ পোৱাৰ বাবে এটা নিৰ্দিষ্ট সময় ঠিক কৰক।
  • শুৱাৰ ১ ঘন্টা পূৰ্বে মোবাইল বা স্ত্ৰীণ ব্যৱহাৰ নকৰিব।
  • কেফেইন, অত্যধিক তেলযুক্ত খাদ্য আদি কমকৈ খাবষ
  • কোঠাৰ পৰিবেশ ভাল কৰিব ৰাখিব।
  • সামান্য পোহৰ কৰি ৰাখিবষ
  • যোগ কৰাৰ অভ্যাস গঢ়ি তোলক।

 

অন্য খবৰ পঢ়কঃ সিজোৱা আলুৰ আছে অলেখ উপকাৰী গুণ! জানিলে হ’ব আচৰিত…