শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

সিজোৱা আলুৰ আছে অলেখ উপকাৰী গুণ! জানিলে হ’ব আচৰিত…

আলু খাই কোনে ভাল নাপায়! বহুতে ভাবে যে আলু শৰীৰৰ বাবে বেয়া। কিন্তু আপুনি জানেনে সিজোৱা আলুৰ বহু উপকাৰী গুণ আছে। ইয়াৰ বিষয়ে জানিলে আচৰিত হৈ পৰিব আপুনি।

সিজোৱা আলুৰ আছে অলেখ উপকাৰী গুণ! জানিলে হ’ব আচৰিত…
সিজোৱা আলুImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 06 Aug 2025 20:54 PM

আলু খাই কোনে ভাল নাপায়! কিছুমানে প্ৰতিবিধ ব্যঞ্জনতে আলু ব্যৱহাৰ কৰি ভাল পায়। পিছে ওজন বৃদ্ধি বা চৰ্বি বৃদ্ধিৰ বাবে বহুতে আলুক জগৰীয়া কৰে। কিন্তু আপুনি জানেনে, আলুৰ আছে বিশেষ গুণ। যদি আপুনি তেল নোহোৱাকৈ আলু খায়, অৰ্থাৎ সিজোৱা আলু খাই তেন্তে ই আপোনাৰ বাবে আশীৰ্বাদ স্বৰূপ হ’ব পাৰে। কিয়নো ফাইবাৰ, কমপ্লেক্স কাৰ্ব, পটেছিয়াম, ভিটামিন চিৰে ভৰপুৰ সিজোৱা আলুয়ে তেজৰ চুগাৰৰ মাত্ৰা বৃদ্ধি নকৰাকৈ শৰীৰক শক্তি প্ৰদান কৰে। এক কথাত ক’ব পাৰি যে সিজোৱা আলু শৰীৰৰ বাবে ভাল। অৱশ্যে অত্যধিক সকলোৰে বেয়া।

সিজোৱা আলুৰ গুণ

হজম আৰু আন্ত্ৰিক স্বাস্থ্য: সিজোৱা আলু প্ৰতিৰোধী ষ্টাৰচৰ ভাল উৎস। যিয়ে পাচন তন্ত্ৰ শক্তিশালী কৰাৰ লগতে ফাইবাৰৰ দৰে কাম কৰে। ইয়াৰ অৰ্থ ই আন্ত্ৰিক বেক্টেৰিয়াক খাদ্য প্ৰদান কৰে, সুস্থ মাইক্ৰ’বায়’মক সমৰ্থন কৰে, আৰু মলত্যাগ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। এই সিজোৱা আলু খোৱাৰ পূৰ্বে ঠাণ্ডা হবলৈ দিলে আৰু ভাল।

ব্লাড প্ৰেচাৰ: আলুত উচ্চ মানৰ পটেছিয়াম থাকে। যিয়ে ব্লাড প্ৰেচাৰ নিয়ন্ত্ৰণ কৰাত সহায় কৰে। পটেছিয়ামে ছডিয়ামৰ প্ৰভাৱ প্ৰতিহত কৰাত সহায় কৰে আৰু ৰক্তবাহী নলীবোৰত টান কম কৰে। যি হৃদযন্ত্ৰৰ স্বাস্থ্যত সহায় কৰে। উল্লেখ কৰা প্ৰয়োজন যে, হৃদযন্ত্ৰৰ সমস্যা থাকিলে নিমখ আৰু বাটাৰ কমকৈ খাব।

ওজন নিয়ন্ত্ৰণ: সিজোৱা আলুৰ সোৱাদ বেছি। ই পেট পূৰ্ণ কৰি ৰখাত সহায় কৰে। যাৰ বাবে কোনো অন্য কেলৰি গ্ৰহণ সামান্য পৰিমাণে হ্ৰাস পায়। এনে অৱস্থাত ই ওজন নিয়ন্ত্ৰণত সহায় হৈ পৰে।

পেশী আৰু স্নায়ুৰ কাৰ্যত সহায়: সিজোৱা আলুত ভিটামিন বি৬ আৰু মেগনেছিয়াম থাকে। যাৰ বাবে ই পেশী আৰু স্নায়ুৰ কাৰ্যকলাপত সহায় কৰে। যদি আপুনি ভাগৰুৱা অনুভৱ কৰি থাকে তেন্তে এই পুষ্টিকৰ উপাদানৰ আৱশ্যক।

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি: সিজোৱা আলুত প্ৰচুৰ পৰিমাণে ভিটামিন চি আৰু পলিফিনল থাকে, যিয়ে শৰীৰত এন্টিঅক্সিডেন্ট হিচাপে কাম কৰে। ই ফ্ৰী ৰেডিকেল নিষ্ক্ৰিয় কৰাত সহায় কৰে, কোষক সুৰক্ষা দিয়ে, আনকি প্ৰদাহও হ্ৰাস কৰিব পাৰে। এনে অৱস্থাত সিজোৱা আলুয়ে ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব পাৰে।

অৱশ্যে সিজোৱা আলুও কম পৰিমাণে খাব লাগে। ইয়াত পুষ্টিকৰ উপাদান থাকে। ভিটামিন চি, পটেছিয়াম, প্ৰতিৰোধী ষ্টাৰছ, ফাইবাৰ আদিৰে ভৰপুৰ সিজোৱা আলু। অৱশ্যে আপোনাৰ যদি কোনো স্বাস্থ্যজনিত সমস্যা আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ ভিটামিন E ৰ অভাৱ হ’লে ছাল আৰু চুলিত কি লক্ষণে দেখা দিয়ে? জানক…