শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ভয়ানক হাৰত বাঢ়িছে কিডনী ৰোগীৰ সংখ্যাঃ আপোনাৰো হৈছে নেকি কোনো সমস্যা! কিদৰে জানিব, চাওক

চিকিৎসা নকৰিলে বৃক্কৰ ৰোগৰ ফলত উচ্চ ৰক্তচাপ, ৰক্তহীনতা, হাড়ৰ সমস্যা, স্নায়ুৰ ক্ষতি হ’ব পাৰে আৰু শেষত বৃক্ক বিকল হৈ ডায়েলাইছিছ বা কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হ’ব পাৰে।

ভয়ানক হাৰত বাঢ়িছে কিডনী ৰোগীৰ সংখ্যাঃ আপোনাৰো হৈছে নেকি কোনো সমস্যা! কিদৰে জানিব, চাওক
বৃক্কৰ সমস্যা হ’লে কিদৰে জানিব!Image Credit source: Unsplash
monjit-dutta
Monjit Dutta | Published: 09 Aug 2025 07:31 AM

সাম্প্ৰতিক সময়ত ক্ৰমাৎ কিডনী অৰ্থাৎ বৃক্কৰ ৰোগ উদ্বেগজনক হাৰত বৃদ্ধি পাইছে যুৱকযুৱতীৰ পৰা আৰম্ভ কৰি বৃদ্ধ বয়সৰ লোকৰ মাজতো কিডনীৰ সমস্যাই এতিয়া ভয়ানক ৰূপ ধাৰণ কৰিছে সাধাৰণতে অস্বাস্থ্যকৰ খাদ্যাভ্যাস তথা জীৱনশৈলী, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ, সজাগতাৰ অভাৱ – এই সকলোবোৰে কাৰকৰ বাবে বৃক্কৰ ৰোগ ক্ৰমাৎ বৃদ্ধি পাইছে। বৃক্ক আমাৰ দেহৰ এক অত্যন্ত গুৰুত্বপূৰ্ণ অংগ সেয়ে এই অংগ সুৰক্ষিত হৈ থকাটো আমাৰ সুস্বাস্থ্যৰ বাবে অতি প্ৰয়োজনীয়

বৃক্কই শৰীৰৰ পৰা অপ্ৰয়োজনীয় আৰু বিষাক্ত পদাৰ্থসমূহ নিষ্কাশিত কৰে এই অংগই শৰীৰত তেজৰ ভাৰসাম্য ৰক্ষা কৰাৰ লগতে ৰক্তচাপো নিয়ন্ত্ৰণ কৰে। নিজকে সুস্বাস্থ্যৰ অধিকাৰী কৰি ৰাখিবলৈ বৃক্কৰ যত্ন লোৱা আৰু জীৱনৰ মান উন্নত কৰাটো অতি প্ৰয়োজনীয় কিছুমান অভ্যাস নিয়মিতভাৱে পালন কৰিলে বৃক্কৰ সুৰক্ষা সম্ভৱপৰ হৈ উঠে। তেতিয়া বৃক্কৰ ক্ষতিৰ আশংকা বহু পৰিমাণে হ্ৰাস কৰিব পাৰি।

বৃক্কৰো বিভিন্ন প্ৰকাৰৰ ৰোগ

১) ক্ৰনিক কিডনী ডিজিজ (CKD): এই ৰোগে ক্ৰমান্বয়ে কিডনীৰ ক্ষতি কৰে। কিন্তু সেই ক্ষতিৰ ফলত ভয়ংকৰ সমস্যা হৈ পৰে।

২) এক্যুট কিডনী ডিজিজ (AKI): এই ৰোগৰ ফলত হঠাতে বৃক্কৰ কাৰ্যক্ষমতা হেৰুৱাই পেলাব পাৰে ডিহাইড্ৰেছন, সংক্ৰমণৰ লগতে কিছুমান ঔষধৰ ফলত এই ৰোগ হ’ব পাৰে।

সততে মানুহৰ মাজত দেখা দিয়া এক সাধাৰণ বৃক্কৰ সমস্যা হৈছে বৃক্কত হোৱা পাথৰ, অৰ্থাৎ কিডনী ষ্টন। খনিজ পদাৰ্থ জমা হৈ বৃক্কত পাথৰ সৃষ্টি কৰে ইয়াৰ ফলত আনকি প্ৰস্ৰাৱ নলী বন্ধ হৈ পৰিব পাৰেবৃক্কৰ ৰোগ লে দেহত কিছু লক্ষণ দেখা পাব পাৰে

ভৰিৰ গোৰোহা, ভৰি বা মুখ ফুলি উঠা, নিশা সঘনাই প্ৰস্ৰাৱ হোৱা, অহৰহ ভাগৰুৱা অনুভৱ কৰা, ভোক কমি যোৱা, প্ৰস্ৰাৱত তেজ দেখা পালে সাৱধান হওক। চিকিৎসা নকৰিলে বৃক্কৰ ৰোগৰ ফলত উচ্চ ৰক্তচাপ, ৰক্তহীনতা, হাড়ৰ সমস্যা, স্নায়ুৰ ক্ষতি পাৰে আৰু শেষত বৃক্ক বিকল হৈ ডায়েলাইছিছ বা কিডনী ট্ৰান্সপ্লাণ্টৰ প্ৰয়োজন হ’ব পাৰে।

বৃক্কৰ ৰোগৰ পৰা আঁতৰি থাকিবলৈ আপুনি প্ৰতিদিনে মানি চলিব পাৰে এনে নিয়ম

১) পৰ্যাপ্ত পৰিমাণে পানী খোৱাঃ বিভিন্ন গৱেষণাৰ পৰা দেখা গৈছে যে পৰ্যাপ্ত পৰিমাণৰ পানী খালে বৃক্কই দেহৰ অপ্ৰয়োজনীয় আৰু বিষাক্ত পদাৰ্থসমূহ নিষ্কাশিত কৰাত সহায় কৰে। প্ৰতিদিনে কমেও ১০১২ গিলাচ পানী খাবলৈ চেষ্টা কৰক।

২) ৰোগ নিয়ন্ত্ৰণঃ ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ বৃক্কৰ ৰোগৰ প্ৰধান কাৰণ। নিয়মিত স্বাস্থ্য পৰীক্ষা, সুষম খাদ্য, ঔষধ, ব্যায়াম আৰু প্ৰতিদিনে কমেও ৮ ঘণ্টা টোপনি এই অভ্যাসবোৰে ৰোগ নিয়ন্ত্ৰণ কৰাত সহায় কৰিব।

৩) নিমখীয়া আৰু প্ৰচেছড খাদ্য কমাবঃ অতিৰিক্ত নিমখে বৃক্কত চাপ পেলায়, ৰক্তচাপ বৃদ্ধি কৰে। গতিকে প্ৰচেছড আৰু নিমখীয়া খাদ্য পৰিহাৰ কৰক। পিজ্জা, পাস্তা, বেকাৰীৰ সামগ্ৰী, ছডা আৰু কোলা পৰিহাৰ কৰক ঘৰতে বনোৱা খাদ্য খাব লাগে।

৪) অপ্ৰয়োজনীয় ঔষধ পৰিহাৰ কৰকঃ কিছুমান ঔষধ সঘনাই ব্যৱহাৰ কৰিলে বৃক্কৰ ক্ষতি হয়। নিয়মিতভাৱে যিকোনো ঔষধ খোৱাৰ পূৰ্বে চিকিৎসকৰ পৰামৰ্শ ল’ব লাগে।