Republic Day 2025 Speech: ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ্য দিৱসৰ ভাষণ আৰু ৰচনাত কি কি কথা গুৰুত্ব দিব লাগে ?
এই প্ৰতিবেদনৰ জৰিয়তে সহজে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এটা বক্তৃতা প্ৰস্তুত কৰিবলৈ বা এখন ৰচনা লিখিব পৰাকৈ কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিয়া বক্তৃতাত কি কি বিষয়বস্তৰ সামৰি লব পাৰে তাৰে আভাস এই প্ৰতিবেদনৰ জৰিয়তে লাভ কৰিব ।

দেশৰ লগতে ৰাজ্যবাসীয়ে ৭৬ সংখ্যক গণৰাজ্য দিৱস উদযাপনৰ বাবে সাজু হৈছে । এইলৈ আমাৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজতো ব্যস্ততা বাঢ়িছে । কিয়নো বিদ্যালয় অথবা অন্যান্য ৰাজহুৱা স্থানত ৭৬ সংখ্যত গণৰাজ্য দিৱস উদযাপন কৰিব । এই উপলক্ষে আয়োজন কৰা অনুষ্ঠানত বিভিন্ন প্ৰতিযোগিতাৰ লগতে গণৰাজ্য় দিৱসৰ উপলক্ষে বক্তৃতা আৰু ৰচনা প্ৰতিযোগিতা আয়োজন কৰা হৈছে । এই প্ৰতিযোগিতাত অংশগ্ৰহণৰ বাবে প্ৰস্তুতি চলাইছে ছাত্ৰ-ছাত্ৰীসকলে ।
এই প্ৰতিবেদনৰ জৰিয়তে সহজে গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি এটা বক্তৃতা প্ৰস্তুত কৰিবলৈ বা এখন ৰচনা লিখিব পৰাকৈ কিছু ধাৰণা দিবলৈ চেষ্টা কৰা হৈছে । গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি দিয়া বক্তৃতাত কি কি বিষয়বস্তৰ সামৰি লব পাৰে তাৰে আভাস এই প্ৰতিবেদনৰ জৰিয়তে লাভ কৰিব । ছাত্ৰ-ছাত্ৰীসকলে বক্তৃতাৰ প্ৰতিযোগিতাৰ বাবে ভাৰতত গণতন্ত্ৰৰ গুৰুত্ব, ভাৰতীয় গণৰাজ্য দিৱস কিয় পালন কৰা হয়, বৈচিত্ৰময় ভাৰতত ঐক্যৰ এনাজৰী আদি বিষয়বস্তু হিচাপে ল’ব পাৰে ।
এই বক্তৃতা প্ৰতিযোগিতাত ছাত্ৰ-ছাত্ৰীসকলে দেশৰ ভৱিষ্যত গঢ় দিয়াত যুৱক-যুৱতীসকলৰ ভূমিকা সম্পৰ্কেও আলোকপাত কৰিব পাৰে । ইয়াক সমান্তৰালভাৱে নতুন প্ৰজন্মই ভাৰতৰ গণতান্ত্ৰিক আদৰ্শক সন্মান জনাই ভাৰতৰ প্ৰগতিত কেনেদৰে অৰিহণা যোগাব পাৰে সেই বিষয়ে আলোকপাত কৰাৰ চেষ্টা কৰিব পাৰে ।
একেদৰে ৰচনা প্ৰতিযোগিতাৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে আধুনিক ভাৰত গঢ় দিয়াত সংবিধানৰ ভূমিকা, গণৰাজ্য দিৱস কিয় পালন কৰা হয়ঃ ভাৰতীয় সংবিধানৰ তাৎপৰ্য, ভাৰতীয় গণতন্ত্ৰৰ শক্তিঃ প্ৰত্যাহ্বান আৰু জয় যাত্ৰা, বৈচিত্ৰ্যত ঐক্য: গণৰাজ্য দিৱস উদযাপনৰ সাৰমৰ্ম আদি বিষয় বাছি ল’ব পাৰে । উল্লেখ্য যে, গণৰাজ্য দিৱসৰ উপলক্ষে আয়োজন কৰা প্ৰতিযোগিতাই ভাৰতৰ গণৰাজ্য দিৱসৰ তাৎপৰ্যৰ ওপৰত চিন্তা কৰিবলৈ ছাত্ৰ-ছাত্ৰীক উৎসাহিত কৰে । লগতে এই প্ৰতিযোগিতাই ছাত্ৰ-ছাত্ৰী মনত এক দেশকলৈ ইতিবাচক চিন্তা-চেতনা সৃষ্টি কৰে ।
ভাষণ আৰু ৰচনা কেনেকৈ লিখিব?
- ভাষণ আৰু ভাল ৰচনাৰ বাবে প্ৰথমটো গুৰুত্বপূৰ্ণ কথা হ’ল ছাত্ৰ-ছাত্ৰীসকলে ভাষণ আৰু ৰচনাৰ মাজৰ পাৰ্থক্যৰ বিষয়ে জানিব লাগিব । ভাষণ হৈছে কোনো এটা বিষয় কথাৰে বাখ্যা কৰা হয় আৰু ৰচনা হৈছে কোনো এটা বিষয় লিখিতভাৱে বাখ্যা কৰা হয়। কিন্তু বিষয়বস্তুৰ কথাখিনি সাধাৰণ মানুহে বুজি পোৱা ধৰণে উপস্থাপন কৰিব লাগিব ।
- এটা সহজ বাক্যৰে ভাষণ বা ৰচনাখন আৰম্ভ কৰিব লাগে । যেনে ছাত্ৰ-ছাত্ৰীসকলে গণৰাজ্য দিৱসে বাস্তৱিকতে কি প্ৰতিনিধিত্ব কৰে তাক বুজাবলৈ ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ভাৰতীয় সংবিধান গ্ৰহণ কৰা হৈছিল বুলি বাক্য শাৰী আৰম্ভ কৰিব পাৰে । এটা সহজ আৰু স্পষ্ট পৰিচয়ৰে ভাষণ বা ৰচনাখন আৰম্ভ কৰিব লাগে ।
- তৃতীয়তে ভাষণ আৰু ৰচনাত মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিঙৰ দৰে বিখ্যাত স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগৰ ওপৰত গুৰুত্ব আৰোপ কৰি সন্মানজনক কিছু কথা উল্লেখ কৰাটো প্ৰয়োজন।
- ভাষণ আৰু ৰচনা দুয়োটাতে ছাত্ৰ-ছাত্ৰীসকলে সাৰ্বভৌম, সমাজবাদী, গণতান্ত্ৰিক, গণৰাজ্যৰ দৰে শব্দ ব্যৱহাৰ কৰিব পাৰে । ভাৰতীয় সংবিধানত এই শব্দবোৰে কি বুজাইছে সেই সন্দৰ্ভত কিছু কথা বাখ্যা কৰিব পাৰে ।
- ভাৰতৰ শক্তি বৈচিত্ৰ্যৰ মাজত ইয়াৰ ঐক্যত নিহিত হৈ আছে। ভাৰতবৰ্ষ কেনেকৈ বৈচিত্ৰময় সংস্কৃতি, ভাষা, ধৰ্মৰে গঠিত, কেনেকৈ একে গণতান্ত্ৰিক আদৰ্শৰে একত্ৰিত হৈ আছে, সেই বিষয়ে ছাত্ৰ-ছাত্ৰীসকলে নিজৰ চিন্তা প্ৰকাশ কৰা উচিত ।
- ছাত্ৰ-ছাত্ৰীসকলে ভাষণত বন্ধু-বান্ধৱীসকলক উদ্দেশ্যি কিছু আহ্বান জনাব পাৰে । যেনে-গণতন্ত্ৰ আৰু ঐক্যৰ গুৰুত্ব মনত ৰাখিবলৈ ক’ব পাৰে বা বন্ধু-বান্ধৱীসকলক সোঁৱৰাই দিব পাৰে যে ভাৰতৰ ভৱিষ্যত গঢ় দিয়াত তেওঁলোকৰ ভূমিকা কি। ৰচনাত ছাত্ৰ-ছাত্ৰীসকলে দেশৰ প্ৰগতিৰ ক্ষেত্ৰত নিজৰ ভূমিকা সম্পৰ্কে চিন্তা কৰিবলৈ উৎসাহিত কৰিব পাৰে।
- ৰচনা বা ভাষণত গণৰাজ্য দিৱসৰ দিনটো গৌৰৱ অনুভৱ কৰাৰ দিন, মহাত্মা গান্ধী, সুভাষ চন্দ্ৰ বসু, ভগত সিং আৰু চন্দ্ৰ শেখৰ আজাদ আদি মহান স্বাধীনতা সংগ্ৰামীসকলৰ ত্যাগ আৰু তেওঁলোকৰ আদৰ্শক কিয় অনুসৰণ কৰিব লাগে তাৰ ওপৰত আলোকপাত কৰিব পাৰে ।
- ভাৰতীয় সংবিধানত উল্লেখিত গণতন্ত্ৰ, ন্যায়, সমতা, স্বাধীনতাৰ অধীনত বৈচিত্ৰময়, বহুসংস্কৃতিৰ, বহুধৰ্মীয় ভাৰতক কেনেদৰে একত্ৰিত কৰিব পাৰি তাৰ ওপৰত চিন্তা কৰাৰ প্ৰয়োজনীয়তা ওপৰত আলোকপাত কৰিব পাৰে ।
- মনত ৰাখিব ভাষণ আৰু ৰচনাত ছাত্ৰ-ছাত্ৰীসকলে নিজৰ দায়িত্বৰ কথা সোঁৱৰাই দিয়াটো অতি প্ৰয়োজন । লগতে ভাষণ আৰু ৰচনাত সংবিধানক সন্মান কৰিবলৈ সকলোকে উৎসাহিত কৰা উচিত।