শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

তেজত হিম’গ্লবিন কমিলে কেনেকৈ জানিব? এইদৰে অভাৱ দূৰ কৰক…

হিম’গ্লবিনৰ প্ৰধান কাম হ’ল শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন প্ৰেৰণ কৰা। যেতিয়া শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেতিয়া ইয়াক এনিমিয়া বোলা হয়। হিম’গ্লবিন কম হ’লে শৰীৰ দুৰ্বল হৈ পৰে আৰু দীৰ্ঘকালীনভাৱে বিভিন্ন অংগৰ ক্ষতি হ’ব পাৰে।

তেজত হিম’গ্লবিন কমিলে কেনেকৈ জানিব? এইদৰে অভাৱ দূৰ কৰক…
তেজত হিম’গ্লবিনৰ মাত্ৰা কমিলে কেনেকৈ জানিব?
trishna-kalita
Trishna Kalita | Published: 21 Aug 2025 09:37 AM

হিম’গ্লবিন হৈছে তেজত থকা এক বিশেষ প্ৰকাৰৰ প্ৰ’টিন। যিটো ৰক্তকণিকা (RBC) ত থাকে। হিম’গ্লবিনৰ কাম কাম হ’ল শৰীৰৰ প্ৰতিটো কোষলৈ অক্সিজেন প্ৰেৰণ কৰা। যেতিয়া শৰীৰত হিম’গ্লবিনৰ মাত্ৰা কমি যায় তেতিয়া ইয়াক ৰক্তহীনতা বা এনিমিয়া বোলা হয়। হিম’গ্লবিন কম হ’লে শৰীৰ দুৰ্বল হৈ পৰে আৰু দীৰ্ঘকালীনভাৱে বিভিন্ন অংগৰ ক্ষতি হ’ব পাৰে।

তেজত হিম’গ্লবিন কম হ’লে কি কি লক্ষণ দেখা যায়?

১) অত্যধিক ক্লান্তি আৰু দুৰ্বলতা – হিম’গ্লবিন কমি গ’লে শৰীৰে পৰ্যাপ্ত পৰিমাণৰ অক্সিজেন নাপায়। ফলত সৰু সৰু কাম-কাজতো সোনকালে ভাগৰুৱা হৈ পৰে আৰু ইয়াক দুৰ্বল অনুভৱ হয়।

২) উশাহ চুটি হোৱা – অক্সিজেনৰ অভাৱত খোজ কঢ়া বা চিৰি বগাই যোৱাৰ দৰে কামৰ সময়ত উশাহ চুটি হোৱা দেখা যায়।

৩) মূৰ ঘূৰোৱা আৰু মূৰ্চ্ছা যোৱা – তেজত অক্সিজেন কম হোৱাৰ ফলত মগজুত চাপ পৰে, যাৰ ফলত মূৰ ঘূৰোৱা, মূৰটো লঘু হোৱা, আনকি মূৰ্চ্ছা যোৱা আদিও হ’ব পাৰে।

৪)  শেঁতা পৰা – হিম’গ্লবিন কমি গ’লে তেজত ৰক্তকণিকাৰ অভাৱ ঘটে, যাৰ ফলত ছাল, ওঁঠ, চকুৰ তলৰ অংশ শেঁতা পৰে।

৫) হৃদস্পন্দন বৃদ্ধি – হৃদযন্ত্ৰই শৰীৰলৈ অক্সিজেন প্ৰেৰণৰ বাবে দ্ৰুত কাম কৰে, যাৰ ফলত হৃদস্পন্দন বৃদ্ধি পায়।

৬) চুলি সৰা আৰু নখ ভঙা – হিম’গ্লবিনৰ অভাৱত চুলি আৰু নখ দুৰ্বল হয়। নখ ভংগুৰ হৈ পৰে আৰু চুলি অস্বাভাৱিকভাৱে সৰি পৰে।

৭) হাত-ভৰি  ঠাণ্ডা অনুভৱ কৰা – অক্সিজেনৰ অভাৱত শৰীৰৰ উষ্ণতা স্বাভাৱিক নহয়, যাৰ ফলত সকলো সময়তে ঠাণ্ডা অনুভৱ হয়।

কেনেকৈ সাৱধান হ’ব?

১) তেজৰ পৰীক্ষা কৰা – হিম’গ্লবিনৰ মাত্ৰা নিশ্চিতভাৱে জানিবলৈ তেজৰ পৰীক্ষা কৰাটো গুৰুত্বপূৰ্ণ। নিয়মীয়া স্বাস্থ্য পৰীক্ষাত ধৰা পৰে।

২) আইৰণ সমৃদ্ধ খাদ্য খোৱা – হিম’গ্লবিন তৈয়াৰ কৰাত আইৰণ প্ৰধান উপাদান। গতিকে আইৰণ সমৃদ্ধ খাদ্য যেনে পালেং শাক, বিট, কলিজা, মচুৰ দাইল, বুট, তিল, গুড় আৰু শুকান ফল আদি খাদ্য তালিকাত অন্তৰ্ভুক্ত কৰক।

৩) ভিটামিন চি খাব – আইৰণ সঠিকভাৱে শোষণ হ’বলৈ ভিটামিন চিৰ প্ৰয়োজন। গতিকে নেমু, কমলা, বিলাহী, মধুৰী আদি ফল-মূল খাব লাগে।

৪) ফ’লেট আৰু ভিটামিন বি-১২ সমৃদ্ধ খাদ্য – ফ’লেট আৰু ভিটামিন বি-১২ ৰক্তকণিকা তৈয়াৰ কৰাত সহায় কৰে। ইয়াৰ বাবে কণী, মাছ, গাখীৰ, কল আৰু শাক-পাচলি খাব লাগে।

৫) চাহ আৰু কফি কমকৈ খাব – চাহ বা কফিত থকা টেনিনে শৰীৰত আইৰণ শোষণত বাধা দিয়ে। গতিকে খাদ্য খোৱাৰ লগে লগে চাহ-কফি সেৱন নকৰিব।

লগতে পঢ়ক: দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ চেপি ৰখাৰ অভ্যাস কিমান বিপজ্জনক? হ’ব পাৰে এইসমূহ ৰোগ….