শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ চেপি ৰখাৰ অভ্যাস কিমান বিপজ্জনক? হ’ব পাৰে এইসমূহ ৰোগ….

প্ৰস্ৰাৱ ধৰি ৰখাটো নজনাকৈ বহু লোকৰ ক্ষেত্ৰত অভ্যাসত পৰিণত হয় । কামত ব্যস্ত,ভাল শৌচাগাৰৰ সুবিধা নথকাৰ বাবে বা আন কোনো কাৰণত বহু লোকে প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখে। বিশেষজ্ঞসকলে কয় যে এই অভ্যাস একেবাৰে ভাল কথা নহয়।

দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ চেপি ৰখাৰ অভ্যাস কিমান বিপজ্জনক? হ’ব পাৰে এইসমূহ ৰোগ….
দীৰ্ঘসময়লৈ প্ৰস্ৰাৱ চেপি ৰখাৰ অভ্যাস আছে নেকি?
trishna-kalita
Trishna Kalita | Published: 21 Aug 2025 06:34 AM

নজনাকৈয়ে প্ৰস্ৰাৱ ধৰি ৰখাটো বহুতৰে অভ্যাসত পৰিণত হয়। কাম, বাহিৰত শৌচাগাৰৰ সুবিধা নথকাৰ বাবে বা আন কোনো কাৰণত বহু লোকে প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখে। বিশেষজ্ঞসকলে কয় যে এই অভ্যাস একেবাৰে ভাল কথা নহয়। বাৰে বাৰে এনে কৰিলে শৰীৰত বিভিন্ন সমস্যাৰ সৃষ্টি হয়। আনকি দীৰ্ঘকালীনভাৱে এনে কৰিলে বৃক্কত ইয়াৰ অতি বেয়া প্ৰভাৱ পৰিব পাৰে। কি হয় জানেনে?

১) প্ৰস্ৰাৱ ধৰি ৰাখিলে কি হয়?

শৰীৰৰ পৰা পানীৰ লগতে শৰীৰৰ আৱৰ্জনা আঁতৰোৱা প্ৰক্ৰিয়াটোৱেই হৈছে প্ৰস্ৰাৱ। বেছি সময় ধৰি ৰাখিলে মূত্ৰাশয় (bladder) অত্যধিক প্ৰসাৰিত হৈ যায়। ফলত ইয়াৰ স্বাভাৱিক কাৰ্যক্ষমতা ক্ষতিগ্ৰস্ত হয়। প্ৰস্ৰাৱ জমা হোৱাৰ বাবে বেক্টেৰিয়া বৃদ্ধি পায়, যাৰ ফলত সংক্ৰমণৰ সম্ভাৱনা বৃদ্ধি পায়।

২) মূত্ৰাশয়ত প্ৰভাৱ

প্ৰস্ৰাৱ ধৰি ৰখাৰ বাবে মূত্ৰাশয় বাৰে বাৰে প্ৰসাৰিত হ’লে ইয়াৰ পেশীবোৰ দুৰ্বল হৈ পৰে। ফলত ভৱিষ্যতে মূত্ৰাশয় সম্পূৰ্ণৰূপে খালী কৰাটো কঠিন হৈ পৰে। কিছুমান ক্ষেত্ৰত প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰাৰ সমস্যা (Urinary incontinence)-এ দেখা দিয়ে।

৩) প্ৰস্ৰাৱৰ সংক্ৰমণ (UTI)

প্ৰস্ৰাৱ বহু সময় ধৰি ৰাখিলে মূত্ৰনলীত বীজাণু বাঢ়িবলৈ আৰম্ভ কৰে। ইয়াৰ ফলত প্ৰস্ৰাৱৰ সংক্ৰমণ হয়। লক্ষণসমূহ হ’ল- প্ৰস্ৰাৱৰ সময়ত জ্বলা-পোৰা, সঘনাই প্ৰস্ৰাৱ কৰা, পেটৰ তলৰ অংশত বিষ হোৱা ইত্যাদি।গৰ্ভৱতী মহিলা আৰু মহিলাৰ ক্ষেত্ৰত এই আশংকা বেছি।

৪) বৃক্কত প্ৰভাৱ

প্ৰস্ৰাৱ ধৰি ৰখাৰ ফলত আটাইতকৈ ডাঙৰ ক্ষতি হয় বৃক্ক। যদি মূত্ৰাশয়ত অতিৰিক্ত চাপৰ সৃষ্টি হয় তেন্তে প্ৰস্ৰাৱ বিপৰীত দিশত বৃক্কৰ ফালে বৈ যাব পাৰে (vesicoureteral reflux)। ইয়াৰ ফলত বৃক্কৰ সংক্ৰমণ হয়, যিটো পুনৰাবৃত্তি হ’লে বৃক্কৰ স্থায়ী ক্ষতি হ’ব পাৰে। গুৰুতৰ ক্ষেত্ৰত বৃক্কৰ কাৰ্য্যক্ষমতা কমি যায় আৰু বৃক্ক বিকল হোৱাৰ সম্ভাৱনাও বৃদ্ধি পায়।

৫) পাথৰ হোৱাৰ আশংকা

প্ৰস্ৰাৱ জমা হোৱাৰ বাবে শৰীৰত আৱৰ্জনা আৰু খনিজ পদাৰ্থ সময়মতে নিৰ্গত নহয়। ইয়াৰ ফলত প্ৰস্ৰাৱ ঘন হয় আৰু বৃক্ক বা মূত্ৰাশয়ত পাথৰ গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়।

লগতে পঢ়ক: বাৰে বাৰে প্ৰস্ৰাৱ লাগি থাকে নেকি? মূত্ৰনলীৰ সংক্ৰমণ নে আন কিবা, জানক…