কম বয়সীয়া যুৱতীৰ কিয় হয় ছাৰ্ভাইকেল কৰ্কট ৰোগ? জানক কাৰণ, লক্ষণ আদি সকলো…
আজিকালি মহিলাসকলৰ মাজত ছাৰ্ভাইকেল কৰ্কট ৰোগীৰ সংখ্যা বৃদ্ধি পোৱা দেখা যায়। গতিকে কি কাৰণে এই ৰোগ হয়, ইয়াৰ লক্ষণ কি সকলো দিশ জনা দৰকাৰ।

দেশত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰ্কট ৰোগীৰ সংখ্যা। কৰ্কট ৰোগৰ বিভিন্ন প্ৰকাৰ আছে। তাৰ ভিতৰত এনে এক প্ৰকাৰৰ কৰ্কট ৰোগ আছে যি মহিলাসকলৰ মাজত বেছিকৈ হোৱা দেখা যায়। এয়া হ’ল ছাৰ্ভাইকেল কেন্সাৰ। পূৰ্বতে মহিলাসকলৰ বয়স বৃদ্ধিৰ পাছত এই ৰোগ হোৱা দেখা গৈছিল, কিন্তু আজিকালি কম বয়সৰ যুৱতী-মহিলাৰো এই ৰোগ হোৱা দেখা যায়। গতিকে প্ৰশ্ন হয়, কিয় কম বয়সৰ মহিলাসকলৰ মাজত এই কৰ্কট ৰোগ বৃদ্ধি পাইছে?
ভাৰতৰ বহু মহিলাৰ ৩০ বছৰৰ পাছত সাধাৰণতে এই ৰোগ হয়। কিন্তু আচৰিত কথা এয়াই যে আজিকালি ২০ বছৰৰ পাছতো মহিলাসকলৰ এই ৰোগ হয়। অৱশ্যে ইয়াৰ বহু কাৰণ আছে। মহিলাসকলে দুৰ্বলতা, ভাগৰ, পিঠিত বিষ, মাহেকীয়াৰ সমস্যা আদি লক্ষণবোৰ সাধাৰণ বুলি ভাবে। কিন্তু এইবোৰ এই কৰ্কট ৰোগৰ প্ৰাৰম্ভিক লক্ষণ হ’ব পাৰে।
ছাৰ্ভাইকেল কেন্সাৰ কিয় হয়?
এই সন্দৰ্ভত সবিশেষ জনাইছে সফদাৰজং হাস্পতালৰ স্ত্ৰীৰোগ বিভাগৰ প্ৰাক্তন ডাঃ ছালনী চদ্ধাই। তেওঁ কয় যে, জৰায়ুৰ তলৰ অংশত য’ত ছাৰ্ভিক্স থাকে তাৰ ওপৰত থকা কোষত এই ৰোগ হয়। ছাৰ্ভাইক্সে জৰায়ুক যোনিৰ লগত সংযোগ কৰে। যেতিয়া ইয়াৰ কোষবোৰ অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি হ’বলৈ আৰম্ভ কৰে তেতিয়া ছাৰ্ভাইকেল কেন্সাৰ হয়। এক অধ্যয়ন অনুসৰি ২০২০ চনত ৬,০৪,০০০ মহিলা ছাৰ্ভাইকেল কেন্সাৰত আক্ৰান্ত হৈছিল, যাৰ ভিতৰত ৩,৪২,০০০ মহিলাৰ মৃত্যু হৈছে।
কম বয়সত কিয় হয়?
পেপ স্মিয়ৰ পৰীক্ষাৰ অভাৱ – পেপ স্মিয়ৰ পৰীক্ষা আছে, যাৰ দ্বাৰা সময়মতে কেন্সাৰ ৰোগী ধৰা পেলাব পৰা যায়। কিন্তু এই সুবিধাৰ পিছতো বহু মহিলাই এই পৰীক্ষা নকৰে। সজাগতাৰ অভাৱ, ভয় বা চিকিৎসাৰ সুবিধাৰ অভাৱৰ বাবে এনে হয়।
HPV- ই যৌন সংক্ৰমিত ভাইৰাছ। সংক্ৰমিত ৰোগীৰ সংস্পৰ্শলৈ আহিলে এই ভাইৰাছ বিয়পিব পাৰে। এই ভাইৰাছ কৰ্কট ৰোগলৈ ৰূপান্তৰিত নহয়। কিন্তু দীৰ্ঘদিন ধৰি এই ভাইৰাছত আক্ৰান্ত হ’লে ছাৰ্ভাইকেল কোষৰ ক্ষতি হ’ব পাৰে।
ধূমপান- আজিকালি মহিলাসকলৰ মাজতো ধূমপান বৃদ্ধি পাইছে। এনে স্থলত ধূমপান ছাৰ্ভাইকেল কৰ্কট ৰোগৰ কাৰণ হ’ব পাৰে। ইয়াৰোপৰি দীৰ্ঘদিন ধূমপানৰ ধোঁৱাৰ সংস্পৰ্শত থাকিলেও শৰীৰ দুৰ্বল হৈ পৰে আৰু এই ৰোগ হ’ব পাৰে।
যোনিৰ পৰা স্ৰাৱ– যৌনাংগৰ পৰা স্ৰাৱ ওলোৱা এক সাধাৰাণ কথা। কিন্তু বাৰে বাৰে যদি আৰু বেছিকৈ এই স্ৰাৱ আহে তেতিয়া ই এক ডাঙৰ সমস্যা হ’ব পাৰে। বহু মহিলাই লাজ বা ভয়ত এই কথা খুলি নকয়। যদি দীৰ্ঘদিন যোনিৰ পৰা স্ৰাৱৰ লগতে দুৰ্গন্ধ, মাহেকীয়াৰ সমস্যা আদি হৈ আছে তেন্তে সাৱধান হোৱা উচিত।
লক্ষণ
- যোনিৰ পৰা অস্বাভাৱিক স্ৰাৱ।
- অস্বাভাৱিক ৰক্তস্ৰাৱ।
- পিঠিৰ বিষ।
- যৌন সম্পৰ্কৰ সময়ত বা পাছত বিষ।
- বাৰে বাৰে প্ৰস্ৰাৱ সংক্ৰমণ।
- হাত-ভৰি ফুলা।
- ভোক নলগা
- ওজন কম আদি।
এনে লক্ষণ দেখা দিলে বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা আৱশ্যক।
প্ৰতিকাৰ
- অসুৰক্ষিত যৌন সম্পৰ্ক পৰিহাৰ কৰক
- সুষম খাদ্য গ্ৰহণ কৰক
- জীৱনশৈলী উন্নত কৰক
- এইচ পি ভি ভেকচিন লওক
- ধূমপানৰ পৰা আঁতৰি থাকক।
- অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰক।
অন্য খবৰ পঢ়কঃ সহজভাৱে নল’ব! নিগনিয়ে কামোৰাৰ ফলত হ’ব পাৰে এই গুৰুতৰ ৰোগ…