শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Guava Benefits: বগা নে ৰঙা? কোনবিধ মধুৰিআম সবাতোকৈ বেছি উপকাৰী, জানক সকলো…

Guava Benefits: মধুৰিআমৰ বহু উপকাৰিতা আছে। মধুৰিআম দুই প্ৰকাৰৰ। বগা আৰু ৰগা। গতিকে প্ৰশ্ন হয়, কোনবিধ মধুৰিআম সবাতোকৈ ভাল বা স্বাস্থ্যৰ বাবে উপকাৰী।

Guava Benefits: বগা নে ৰঙা? কোনবিধ মধুৰিআম সবাতোকৈ বেছি উপকাৰী, জানক সকলো…
মধুৰিআমImage Credit source: Unsplash
Barasha Sarma
Barasha Sarma | Updated On: 22 Oct 2025 21:24 PM

স্বাস্থ্যৰ বাবে অত্যন্ত উপকাৰী মধুৰিআম। এই মধুৰিআমত ভিটামিন, মিনাৰেল্স, ফাইবাৰ আদি থাকে। এই পুষ্টিকৰ উপাদানে শৰীৰক বহু দিশৰ পৰা স্বাস্থ্যবান কৰি ৰাখে। বজাৰত দুই প্ৰকাৰৰ মধুৰিআম পোৱা যায়। বগা মধুৰিআম আৰু গুলপীয়া-ৰঙা মধুৰিআম। এনে ক্ষেত্ৰত প্ৰশ্ন হয়, কোনবিধ মধুৰিআম স্বাস্থ্যৰ বাবে বেছি ভাল?  এই সন্দৰ্ভত সবিশেষ তথ্য প্ৰকাশ কৰিছে ডায়েটেছিয়ান শিল্পাই আড়োৰাই। তেওঁ ইয়াৰ বিষয়ে সামাজিক মাধ্যমত এটা ভিডিঅ’ প্ৰচাৰ কৰিছে।

ৰঙা মধুৰিআম

ডায়েটেছিয়ানগৰাকীয়ে কয় যে,ৰঙা মধুৰাআমত প্ৰচুৰ পৰিমাণে এন্টিঅক্সিডেন্ট লাইকোপিন থাকে। যি আমাৰ ছালৰ বাবে অত্যন্ত ভাল। যদি আপুনি নিয়মিতভাৱে এই মধুৰিআম খাই তেন্তে ছালখন উজ্বল আৰু ধুনীয়া হৈ পৰিব।

ইয়াৰোপৰি ৰঙা মধুৰিআমে চেনি আৰু জাংক ফুডৰ প্ৰতি লোভ কম কৰে। যদি আপুনি মিঠা আৰু জাংক ফুডৰ প্ৰতি আগ্ৰহী তেন্তে ৰঙা মধুৰিআম খালে এই সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে। ইয়াৰোপৰি এই মধুৰিআমত যথেষ্ট পৰিমাণৰ এন্টিঅক্সিডেন্ট থাকে, যিয়ে শৰীৰক ফ্ৰী ৰেডিকেলৰ পৰা ৰক্ষা কৰে। লগতে ই ছালত বয়সৰ প্ৰভাৱ পৰাত বাধা প্ৰদান কৰে।

বগা মধুৰিআম

যদি আপুনি ওজন হ্ৰাস কৰিব বিচাৰিছে তেন্তে বগা মধুৰিআম খাব পাৰে। ইয়াত কেলৰি কম থাকে, লগতে ৰঙা মধুৰিআমৰ তুলনাত প্ৰাকৃতিক চেনি কম থাকে আৰু ফাইবাৰ বেছি থাকে। যাৰ বাবে পেট বেছি দেৰিলৈ ভৰি থাকে আৰু অতিমাত্ৰা খাদ্য খোৱাৰ পৰা সকাহ পোৱা যায়।

ৰঙা মধুৰিআমৰ তুলনাত বগা মধুৰিআমত ২গুণ বেছি ভিটামিন চি থাকে। এই ভিটামিনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে, ছালখন সুস্থ কৰি ৰাখে, সংক্ৰমণৰ পৰা ৰক্ষা কৰে। ইয়াৰ লগতে ই হজম শক্তি উন্নত কৰে।

 

View this post on Instagram

 

A post shared by Shilpa Arora (@dr.shilpaarora)

 

কোনবিধ খাব

সকলোৱে নিজৰ হিচাপত খাব পাৰে। যদি আপুনি উজ্বল ছাল আৰু চুগাৰ নিয়ন্ত্ৰণ কৰিব বিচাৰিছে তেন্তে ৰঙা মধুৰিআম ভাল। বিপৰীতে আপুনি যদি ওজন কম, শক্তি বৃদ্ধি কৰিব বিচাৰিছে তেন্তে বগা মধুৰিআম খাব পাৰে।

 

অন্য খবৰ পঢ়কঃ অত্যধিক মূৰৰ বিষৰ সমস্যাত ভুগিছে নেকি? এই সহজ উপায়ে দিব সকাহ, জানক…