শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

ৰক্তচাপ বৃদ্ধি হ’লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…

High BP symptoms: উচ্চ ৰক্তচাপ এনে এবিধ ৰোগ যিয়ে মানুহৰ বহুত ক্ষতি কৰে। এই ৰোগ হ'লে কিছুমান মৃদু লক্ষণে দেখা দিয়ে যি সাধাৰণতে মানুহে আওকান কৰে।

ৰক্তচাপ বৃদ্ধি হ’লে শৰীৰত কি কি লক্ষণে দেখা দিয়ে? জানক চিকিৎসকৰ পৰা…
উচ্চ ৰক্তচাপImage Credit source: Freepik
barasha-sarma
Barasha Sarma | Published: 08 Aug 2025 06:51 AM

আজিকালি প্ৰায়ভাগ মানুহে উচ্চ ৰক্তচাপ (High BP)ৰ সমস্যত ভোগা দেখা যায়। ই এনে এক ৰোগ যি ক’ব নোৱাৰাকৈ মানুহৰ শৰীৰত প্ৰৱেশ কৰে। কেতিয়াবা আনকি লক্ষণো দেখা পোৱা নাই। কিন্তু ই আপোনাৰ বাবে বিপদ হ’ব পাৰে। বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি উচ্চ ৰক্তচাপত আক্ৰান্ত ৪৩ শতাংশ লোকে নাজানে যে তেওঁলোকে এই ৰোগত আক্ৰান্ত। অৰ্থাৎ ইয়াক “ছাইলেন্ট কিলাৰ” বুলি ক’ব পাৰি যি শৰীৰত নীৰৱে প্ৰৱেশ কৰে আৰু শৰীৰত প্ৰভাৱিত কৰি থাকে।

হৃদযন্ত্ৰৰ পৰা শৰীৰলৈ তেজ পাম্প কৰিবলৈ যেতিয়া বহুত বেছি চাপৰ প্ৰয়োজন হয় তেতিয়া উচ্চ ৰক্তচাপৰ সমস্যাৰ সৃষ্টি হয়। সময়ৰ লগে লগে এই চাপে হৃদযন্ত্ৰ, মগজু,বৃক্ক আনকি চকুৰ ক্ষতি কৰিব পাৰে। কিন্তু বহু ক্ষেত্ৰত ইয়াৰ স্পষ্ট লক্ষণ দেখা নাযায়। মানুহে ইয়াক ধৰা পেলাব নোৱাৰে আৰু লাহে লাহে ই গুৰুতৰ ক্ষতি কৰে।

লক্ষণ

দিল্লীৰ সফদাৰজং হাস্পতালৰ প্ৰাক্তন ৰেজিডেন্ট ডাঃ দীপক কুমাৰ সুমনে কয় যে কিছুমান লোকৰ মৃদু লক্ষণ দেখা দিয়ে। যেনে-

  • মূৰ ঘূৰোৱা,
  • ভাগৰুৱা অনুভৱ,
  • বুকুত চাপ আদি

কিন্তু এই লক্ষণসমূহ ইমানেই সাধাৰণ মানুহে ইয়াক আওকান কৰি চলে। এই অসাৱধানতাৰ বাবে এই ৰোগ আৰু অধিক বিপদজনক হৈ পৰে। কিছুমান ক্ষেত্ৰত নাকৰ পৰা তেজ ওলোৱা, দৃষ্টিশক্তি ম্লান হোৱাৰ দৰে সমস্যাও হ’ব পাৰে।

কি হ’ব পাৰে

আমাৰ শৰীৰত এনে ধমনী আছে যিয়ে তেজ চলাচল কৰাৰ কাম কৰে। কিন্তু যেতিয়া ৰক্তচাপ অবিৰতভাৱে উচ্চ হৈ থাকে তেতিয়া ধমনীবোৰে চাপ সহ্য কৰিব নোৱাৰে আৰু সংকুচিত হ’বলৈ আৰম্ভ কৰে। যাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক,বৃক্ক বিকল আদি হ’ব পাৰে। ইয়াৰোপৰি এই সমস্যাৰ লগত শৰীৰত যদি আন কোনো ৰোগ আছে তেন্তে সেয়া গুৰুতৰ হ’ব পাৰে।

প্ৰতিৰোধ

  • খাদ্যভাস আৰু পৰীক্ষা
  • ৩০ বছৰৰ ওপৰৰ ব্যক্তিয়ে মানসিক চাপ নিয়ন্ত্ৰণ কৰক
  • জীৱনশৈলী উন্নত কৰক
  • ওজন নিয়ন্ত্ৰণ কৰক
  • মদ্যপান ত্যাগ কৰক আদি।

কেনেকৈ নিয়ন্ত্ৰণত ৰাখিব

  • নিমখ কম খাব,
  • ফাষ্ট ফুড, জাংক ফুডৰ পৰা আঁতৰি থাকক,
  • অত্যধিক তেলযুক্ত খাদ্যৰ পৰা আঁতৰি থাকক,
  • ব্যায়াম,
  • যোগাসন,
  • ধ্যান
  • মাজে সময়ে স্বাস্থ্য পৰীক্ষা।

 

এই বিষয়ত আপুনি অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ মহিলাসকলৰ নাভিৰ চাৰিওফালে বিষ হৈ থকা কি ৰোগৰ লক্ষণ? জানক বিশেষজ্ঞৰ পৰা…