শীতকালত কিয় বৃদ্ধি পাই ব্লাড চুগাৰ? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…
Blood sugar: আজিকালি বহু মানুহৰে তেজত চেনিৰ মাত্ৰা অধিক হোৱা দেখা যায়। হাই ব্লাড চুগাৰ এক গুৰুতৰ সমস্যা। ঠাণ্ডাৰ দিনত এই সমস্যা বৃদ্ধি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত সাৱধান হোৱা ভাল।
শীতৰ দিন কাষ চাপি আহিছে। এই সময়চোৱাত মানুহৰ খাদ্যভাস, জীৱনশৈলী আদি সলনি হয়। যাৰ বাবে কিছুমানৰ তেজত চুগাৰৰ মাত্ৰ অধিক হৈ পৰাৰ সম্ভাৱনা থাকে। বিশেষজ্ঞসকলৰ মতে, উষ্ণতা হ্ৰাস পোৱাৰ ফলত শৰীৰৰ বিপাকীয় প্ৰক্ৰিয়াৰ হাৰ লেহেমীয়া হয়। ইয়াৰোপৰি এই সময়ত মানুহে ব্যায়াম কম কৰে। এনে অৱস্থাত তেজত গ্লুকজৰ মাত্ৰা অধিক হোৱাৰ সম্ভাৱনা থাকে।
কাৰণ
শীতকালত ইনচুলিনৰ প্ৰয়োজনীয়তা আৰু শৰীৰৰ প্ৰতিক্ৰিয়াৰ পৰিৱৰ্তন হয়, যাৰ ফলত ব্লাড চুগাৰ বা তেজত চুগাৰৰ পৰিমাণ অধিক হ’ব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে দিল্লীৰ জ্যেষ্ঠ চিকিৎসক ডাঃ কমলজীত সিঙে। তেওঁ কয় যে, ঠাণ্ডাৰ দিনত ব্লাড চুগাৰৰ মাত্ৰা অধিক হ’ব পাৰে। এই ক্ষেত্ৰত ডায়েবেটিছ ৰোগীসকলে বিশেষ গুৰুত্ব দিয়া প্ৰয়োজন। ব্যায়াম নকৰা, যত্ন নোলোৱা, খাদ্যভাস, বেয়া জীৱনশৈলীৰ বাবে ব্লাড চুগাৰ বৃদ্ধি পায়।
লক্ষণ
চিকিৎসকগৰাকীয়ে কয় যে, ব্লাড চুগাৰৰ বৃদ্ধিৰ বহু লক্ষণ থাকিব পাৰে। কেইটামান লক্ষণ-
- সঘনাই প্ৰস্ৰাৱ কৰা।
- অধিক পিয়াহ লাগি থকা।
- হঠাতে ওজন হ্ৰাস বা বৃদ্ধি ।
- অনবৰত ভাগৰ অনুভৱ হৈ থাকিব পাৰে।
- দৃষ্টিশক্তিক প্ৰভাৱ পৰিব পাৰে। ম্লান দেখিব পাৰে।
- শৰীৰত কিবা আঘাত পালে ঠিক হোৱাত বেছি সময় লাগে।
- ছালত সংক্ৰমণ বা খজুৱতি।
- কেতিয়াবা বেছি ভোক লগা, আদি।
যদি এনে লক্ষণ বাৰে বাৰে দেখা দি থাকে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা আৱশ্যক। চুগাৰৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিবলৈ খাদ্যভাস আৰু জীৱনশৈলী পৰিৱৰ্তন কৰা প্ৰয়োজন।
পৰিত্ৰাণৰ উপায়
- পৰ্যাপ্ত টোপনি
- প্ৰতিদিনে ব্যায়ম কৰক
- আপোনাৰ প্ৰয়োজনীয় ঔষধ গ্ৰহণ কৰক
- স্বাস্থ্যসন্মত খাদ্য গ্ৰহণ কৰক
- মাজে মাজে স্বাস্থ্য পৰীক্ষা কৰাওক।
চিকিৎসকগৰাকীয়ে আৰু কয় যে, এই সময়ত কম কাৰ্বযুক্ত খাদ্য খাব লাগে, লগতে পৰ্যাপ্ত পৰিমাণৰ ফল-মূল, সেউজীয়া শাক-পাচলি খাব লাগে। মিঠাই বা ভজা-পুৰা বস্তু কমকৈ খাব লাগে। দৈনিক অন্তত আধাঘন্টা সময় ব্যায়াম কৰিব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খোৱা প্ৰয়োজন। ইয়াৰোপৰি ডায়েবেটিছ ৰোগীসকলে নিয়মীয়াকৈ চুগাৰৰ মাত্ৰা পৰীক্ষা কৰিব লাগে। যদি চুগাৰৰ মাত্ৰা বৃদ্ধি পাই তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ পাণৰ ৫ টা উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হ’ব আপুনি…