শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Betel Leaves benefits: পাণৰ ৫ টা উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হ’ব আপুনি…

Betel Leaves benefits: পাণ খোৱা বহুতৰে অভ্যাস। বিশেষকৈ খাদ্য গ্ৰহণৰ পাছত বহুতকে পাণ লাগে। কিন্তু শুনি আচৰিত হ'ব, ই এক ভাল অভ্যাস। কিয়নো পাণৰ আছে বহু আচৰিত গুণ। যি স্বাস্থ্যৰ বাবে ভাল।

Betel Leaves benefits: পাণৰ ৫ টা উপকাৰী গুণৰ বিষয়ে জানেনে? জানিলে আচৰিত হ’ব আপুনি…
পাণৰ উপকাৰী গুণImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 24 Oct 2025 09:28 AM

ভাৰতত বহু মানুহৰে পাণ খোৱাৰ অভ্যাস আছে। বিশেষকৈ খাদ্য গ্ৰহণ কৰাৰ পাছত পাণৰ সৰু টুকুৰা এটা মুখত লৈ থকা বহুতৰ অভ্যাস। পাণৰ স্বাস্থ্য আৰু ধৰ্মীয় গুৰুত্ব অধিক। ধৰ্মীয় কাম-কাজৰ পৰা আৰম্ভ কৰা বিভিন্ন দিশত ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াক বহুতে পৰম্পৰাৰ অংশ বুলি গণ্য কৰে। পাণে মুখৰ গোন্ধ আঁতৰ কৰাৰ লগতে পৰিষ্কাৰ কৰি ৰখাত সহায় কৰে। সৰু এই পাণত বহু স্বাস্থ্যসন্মত গুণ থাকে। ইয়াৰ বিষয়ে জানো আহক।

বিশেষজ্ঞৰ মতে, ধৰ্মীয় গুৰুত্বৰ লগতে পাণত স্বাস্থ্যসন্মত গুণ থাকে। যদি সঠিকভাৱে পাণ খোৱা যায় তেন্তে স্বাস্থ্যৰ বাবে ই বহুত উপকাৰী হ’ব পাৰে। পানৰ বিশেষ ৫ টা গুণ তলত উল্লেখ কৰা হ’ল-

পেটৰ বাবে ভালঃ খাদ্য গ্ৰহণ কৰাৰ পাছত পাণ খোৱা বহুতৰে অভ্যাস। এই অভ্যাসে পাচনতন্ত্ৰ সুচাৰুৰূপে পৰিচালনা কৰাত সহায় কৰে। ইয়াৰ ফলত খাদ্য হজম হয়, পেট ফুলা, এচিডিটি আদি সমস্যাৰ পৰা সকাহ পোৱা যায়।

শ্বাসতন্ত্ৰঃ বতৰৰ পৰিৱৰ্তনৰ ফলত বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। পাণত এন্টিঅক্সিডেন্ট আৰু এন্টি-ইনফ্লেমেটৰী গুণ থাকে। যিয়ে শ্বাসনলীত প্ৰদাহ কম কৰাত সহায় কৰে। গৰম পানীত পাণ উতলাই ইয়াৰ ভাপ ললে কফ ঢিলা গৈ উশাহ-নিশাহ ভাল হয়।

মুড ভালঃ যদি আপুনি ভাগৰুৱা, খিঙখিঙীয়া, হতাশা আদি অনুভৱ কৰি থাকে তেন্তে পাণ খাব পাৰে। ইয়াৰ ফলত মন শান্ত হয়। পাণত থকা কিছুমান প্ৰাকৃতিক উপাদানে মগজুত থকা এচিটাইলক’লিন নামৰ পদাৰ্থ এটাৰ ভাৰসাম্য ৰক্ষা কৰে। যাৰ ফলত মুড ভাল হয়।

মুখঃ পাণত থকা এন্টিবেক্টেৰিয়েল আৰু এন্টিফাংগেল গুণে শৰীৰৰ বীজাণু নষ্ট কৰে। ইয়াৰ ফলত মুখৰ দুৰ্গন্ধ নোলায়।

শৰীৰঃ পাণে দাঁতৰ গুড়িৰ সমস্যা হ্ৰাস কৰে। ইয়াৰোপৰি ই বীজাণুনাশক হিচাপে কাম কৰি শৰীৰক বিভিন্ন সংক্ৰমণৰ পৰা ৰক্ষা কৰে।

কেনেকৈ খাব

পাণ সদায় সাধাৰণভাৱে খাব লাগে। তাত চূণ বা অন্য সামগ্ৰী দিলে ই শৰীৰৰ বাবে ক্ষতিকাৰক হ’ব পাৰে। গতিকে আপুনি পান সাধাৰণভাৱে খালে ইয়াৰ উপকাৰী গুণ পাব। খাদ্য খোৱাৰ পাছত আপুনি পাণৰ সৰু টুকুৰা এটা মুখত লৈ চোবাই থাকিব পাৰে।

 

অন্য খবৰ পঢ়কঃ পুৰুষসকলৰ কিয় প্ৰ’ষ্টেট কেন্সাৰ হয়? ইয়াৰ লক্ষণ কি, জানক চিকিৎসকৰ পৰা…