হৃদযন্ত্ৰত তেজ জমা হ’লে কি কি লক্ষণে দেখা দিয়ে? জানক বিশেষজ্ঞৰ পৰা…
প্ৰায়ে বুকুৰ বিষ,হঠাৎ ঘাম ওলোৱা বা উশাহ লোৱাত কষ্ট পোৱা আদি সকলো সময়তে সাধাৰণ নহ'ব পাৰে। ই হৃদযন্ত্ৰত তেজ জমা হোৱাৰ লক্ষণ হ’ব পাৰে। ইয়াৰ বিষয়ে জনা উচিত।

শৰীৰত তেজ জমা হোৱা এনে এক প্ৰক্ৰিয়া, য’ত তেজ গোটা বা ঘন হৈ জমা হ’বলৈ আৰম্ভ কৰে। যিসকলৰ স্নায়ুত টিংটিং, অজ্ঞানতা বা বিষ অনুভৱ হয় তেনে লোকৰ এই সমস্যা হোৱাৰ সম্ভাৱনা বেছি থাকে। এই সমস্যা প্ৰায়ে ভৰিৰ শিৰাত দেখা দিয়ে যদিও অন্য স্থানতো হ’ব পাৰে। যেতিয়া হৃদযন্ত্ৰত তেজ জমা হয় তেতিয়া হাৰ্ট ফেইল বা হাৰ্ট এটেকৰ দৰে ডাঙৰ সমস্যা হ’ব পাৰে।
অৱশ্যে হৃদযন্ত্ৰত তেজ জমা হোৱা সমস্যা অতি বিৰল। বহু কম সংখ্যক লোকৰ ক্ষেত্ৰত এই সমস্যা দেখা যায়। এনে পৰিস্থিতিত হৃদযন্ত্ৰ বিকল হোৱাৰ কাৰণ হ’ল- ক্লটে তেজৰ স্বাভাৱিক সোঁত বন্ধ কৰি দিয়ে, এনে অৱস্থাত হৃদযন্ত্ৰলৈ অক্সিজেনৰ যোগান কমি যায়। যাৰ বাবে তেজ জমা হোৱাৰ ফলত হাৰ্ট এটেক, ষ্ট্ৰোক আদি হ’ব পাৰে। পিছে প্ৰশ্ন হয়, ক্লটবোৰ কিয় গঠন হয় আৰু ইয়াৰ প্ৰাৰম্ভিক লক্ষণসমূহ কি কি?
কাৰণ
খাদ্য আৰু জীৱনশৈলী
এপ’ল’ হাস্পতালৰ কাৰ্ডিঅ’লজি বিভাগৰ ডাঃ বৰুণ বংছালে কয় যে বেয়া খাদ্যাভ্যাস আৰু অস্বাস্থ্যকৰ জীৱনশৈলীৰ বাবে তেজ জমা হ’ব পাৰে। ই এক ডাঙৰ কাৰণ। যদি কোনো লোকে অত্যধিক তেলযুক্ত বস্তু, জাংক মুড, মিঠাই আদি খাই তেন্তে শৰীৰত কলেষ্টেৰলৰ মাত্ৰ বাঢ়ি যায়। পাছত শিৰাবোৰৰ বেৰত চৰ্বি জমা হ’বলৈ আৰম্ভ কৰে। পাছত লাহে লাহে ই তেজৰ সোঁতত প্ৰভাৱ পেলায়। এনে অৱস্থাত ক্লট গঠন হোৱাৰ সম্ভাৱনা বৃদ্ধি পায়। ইয়াৰোপৰি ধূমপান আৰু মদ সেৱনেও তেজ ডাঠ কৰি তোলে যাৰ ফলত ই সহজে গোট খায়।
শাৰীৰিক কাৰ্যকলাপৰ অভাৱ
বেছি সময় বহি থকা কাম কৰিলে বা শাৰীৰিক কাৰ্যকলাপ ক’ম হ’লে ৰক্ত সঞ্চালন লেহেমীয়া হয়। যাৰ ধমনীত তেজ বন্ধ হৈ গোট মাৰিব ধৰে। ইয়াৰ লগতে চুগাৰ, উচ্চ ৰক্তচাপ, মেদবহুলতা, হৰম’নৰ ভাৰসাম্যহীনতা আৰু হৃদৰোগ আদিতো তেজ জমা হোৱাৰ সম্ভাৱনা বেছি থাকে। ইমানেই নহয়, ডিহাইড্ৰেচন অৰ্থাৎ শৰীৰত পানীৰ অভাৱেও তেজ ডাঠ কৰি তোলে আৰু পাছত জমা হ’বলৈ আৰম্ভ কৰে।
লক্ষণ
ডাঃ বৰুণে কয় যে, যেতিয়া হৃদযন্ত্ৰত তেজৰ গোট গঠন হয় তেতিয়া শৰীৰে বহু ইংগিত দিয়ে। এইসমূহ সংকেত আওকান কৰা বিপদজনক হ’ব পাৰে। কিছুমান লক্ষণ হ’ল-
- বুকুৰ বিষ বা চাপ,
- হঠাতে বুকুত জ্বলা-পোৰা,
- বুকুত গধুৰতা বা বিন্ধি থকা অনুভৱ,
- উশাহ-নিশাহৰ কষ্ট,
- অলপ কষ্টৰ পিছতো ভাগৰুৱা হোৱা আদি।
গুৰুতৰ লক্ষণ
- হৃদস্পন্দন অনিয়মিত হোৱা,
- অত্যধিত ভাগৰুৱা অনুভৱ কৰা
- হঠাৎ ঠাণ্ডা ঘাম ওলোৱা
- মূৰ ঘূৰোৱা অনুভৱ হয়
- অজ্ঞানও হ’ব পাৰে আদি।
- কেতিয়াবা ভৰি ফুলিব বা বিষ হ’ব পাৰে।
পৰিত্ৰাণৰ উপায়
- সুষম খাদ্য গ্ৰহণ কৰক।
- ধূমপান পৰিহাৰ কৰক।
- ওজন নিয়ন্ত্ৰণত ৰাখক।
যদি আপোনাৰ শৰীৰতো এনে কিবা লক্ষণে দেখা দিয়ে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব লাগে।
অন্য খবৰ পঢ়কঃ বেছিকৈ মিঠা খালে চুলিত কি প্ৰভাৱ পৰে, জানক বিশেষজ্ঞৰ পৰা…