শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

বুকুত বিষ হয় নেকি? কেনেকৈ জানিব এয়া হাৰ্ট এটেক নে গেছৰ বিষৰ লক্ষণ, চিকিৎসকে জনালে সকলো…

আজিকালি বহু মানুহৰ হৃদযন্ত্ৰৰ লগত জড়িত বিভিন্ন সমস্যা হয়। হাৰ্ট এটেকত ৰোগীয়ে বুকুত বিষ অনুভৱ কৰে। কিন্তু বহু সময়ত এই বিষ গেছৰ ফলত হোৱা বিষ বুলি আওকান কৰে।

বুকুত বিষ হয় নেকি? কেনেকৈ জানিব এয়া হাৰ্ট এটেক নে গেছৰ বিষৰ লক্ষণ,  চিকিৎসকে জনালে সকলো…
হাৰ্ট এটেকImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 15 Oct 2025 20:46 PM

আজিকালি হৃদযন্ত্ৰৰ সমস্যা বহুতৰে হোৱা দেখা যায়। কিন্তু ইয়াৰ লক্ষণবোৰ বহুতে আওকান কৰে। বুকুত বিষ হ’লে বহুতে এয়া গেছ বা এচিডিটিৰ সমস্যা বুলি ভাবে, কিন্তু এয়া হাৰ্ট এটেকৰ লক্ষণ হ’ব পাৰে। বহু লোকে হাৰ্ট এটেক আৰু গেছৰ ফলত হোৱা বিষৰ মাজত পাৰ্থক্য বুজি নাপাই, যাৰ বাবে সমস্যা হয়। যদি আপোনাৰ বুকুত বিষ সেই, সেই বিষ গেছ নে হাৰ্ট এটেকৰ সেয়া কেনেকৈ জানিব? এই সন্দৰ্ভত তলত উল্লেখ কৰা হ’ল।

গেছৰ বিষ

ভেংকটেশ্বৰ হাস্পতালৰ সঞ্চালক তথা মুখ্য কাৰ্ডিঅ’থ’ৰেচিক চাৰ্জন ডাঃ বিক্ৰম কেশৰী মোহন্তিয়ে এই সন্দৰ্ভত সবিশেষ জনাই
জনাইছে। তেওঁ কয় যে, আপুনি যিটো গেছৰ বিষ বুলি কয় তাক হাৰ্টবাৰ্ণ বুলি কোৱা হয়। কিন্তু এই বিষৰ হাৰ্টএটেকৰ সৈতে কোনো সম্পৰ্ক নাই। পেটৰ কোনো সমস্যাৰ বাবে এই বিষ হয়। এয়া এচিডিটি বা হাইপাৰএচিডিটিৰ ফলত হয়। খাদ্য হজমৰ বাবে শৰীৰৰ পৰা বিশেষ কিছুমান এচিড নিৰ্গত হয়, যেতিয়া সেই এচিড বেছিকৈ ওলাই তেতিয়া পেটৰ পেশীত সমস্যাৰ সৃষ্টি কৰে আৰু বুকুৰ বিষ হয়।

লক্ষণ

গেছৰ সমস্যা হ’লে বিষ তীব্ৰ বা জলা-পোৰা অনুভৱ হ’ব পাৰে। পেটৰ ওপৰৰ অংশ আৰু বুকুৰ তলৰ অংশত এই বিষ হয়। পেট ফুলা যেন অনুভৱ হ’ব পাৰে। কেতিয়াবা পানী খোৱাৰ পাছত বা শৌচৰ পাছত এই বিষ ভাল হয়। এই বিষ কেইটামান মিনিটৰ পৰা ২ ঘন্টা পৰ্যন্ত থাকিব পাৰে।

হাৰ্ট এটেকৰ বিষ

ডাঃ মোহন্তিয়ে লগতে কয় যে, বুকুত কোনো সমস্যা হলে হাৰ্ট এটেকৰ বিষ হয়। আমাৰ হৃদযন্ত্ৰই পাম্পৰ দৰে কাম কৰে। ই সমগ্ৰ শৰীৰত তেজ পাম্প কৰে। হৃদযন্ত্ৰক কাম কৰিবলৈও তেজৰ প্ৰয়োজন হয়, আৰু এই কাম বিভিন্ন ধমনীৰ দ্বাৰা হয়। ধমনী বন্ধ হৈ গ’লে হৃদযন্ত্ৰৰ পেশীত পৰ্যাপ্ত তেজৰ যোগানৰ অভাৱ হ’ব পাৰে, যাৰ ফলত এঞ্জাইনা বা বুকুৰ বিষ হয়।

লক্ষণ

হাৰ্ট এটেকৰ বিষ অতি তীব্ৰ হয়। বুকুৰ মাজত চেপি ধৰাৰ দৰে অনুভৱ হয়। এই বিষ বাওঁফালে হয়। বাওঁফালৰ পৰা আৰম্ভ হৈ ই থুতুৰী, ডিঙি আৰু পিঠিলৈ যায়। লাহে লাহে শৰীৰৰ আন অংগলৈ বিয়পি পৰে। পানী খোৱা বা শৌচ কৰাৰ পাছতো এই বিষ নকমে। ইয়াৰোপৰি হাৰ্ট এটেকত ঠাণ্ডা ঘাম, অস্থিৰতা, উশাহত সমস্যা আহিব হ’ব পাৰে। এই বিষ ১৫-২০ মিনিট থাকিব পাৰে।

গতিকে ইয়াৰ দ্বাৰা কিছু পৰিমাণে হাৰ্ট এটেক আৰু গেছৰ বিষৰ পাৰ্থক্যৰ আভাস পোৱা যায়। এই সন্দৰ্ভত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।

 

অন্য খবৰ পঢ়কঃ কিয় চকু-মুখ ফুলি গৈছে প্ৰেমানন্দ মহাৰাজৰ? এয়া কি ৰোগৰ লক্ষণ, জানক সকলো…