শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Premananda Maharaj: কিয় চকু-মুখ ফুলি গৈছে প্ৰেমানন্দ মহাৰাজৰ? এয়া কি ৰোগৰ লক্ষণ, জানক সকলো…

Premananda Maharaj: বৰ্তমান সময়ত সামাজিক মাধ্যমত প্ৰেমানন্দ মহাৰাজৰ বহু ভিডিঅ' ভাইৰেল হৈ আছে। শেহতীয়া ভিডিঅত তেওঁৰ চকু, মুখ ফুলা হৈছে। যিয়ে চিন্তিত কৰিছে বিভিন্নজনক।

Premananda Maharaj: কিয় চকু-মুখ ফুলি গৈছে প্ৰেমানন্দ মহাৰাজৰ? এয়া কি ৰোগৰ লক্ষণ, জানক সকলো…
প্ৰেমানন্দ মহাৰাজImage Credit source: Youtube (BhajanMarg)
barasha-sarma
Barasha Sarma | Published: 15 Oct 2025 16:14 PM

বৃন্দাবনৰ বাবা প্ৰেমানন্দ মহাৰাজৰ ওচৰলৈ বহু মানুহ বিভিন্ন সময়ত যায়। মহাৰাজে ভক্তসকলক সমস্যাৰ সমাধান দি মাগদৰ্শন কৰে। পিছে বৰ্তমান তেওঁ অসুস্থ। দীৰ্ঘসময় ধৰি মহাৰাজে কৈ আহিছে যে তেওঁৰ দুয়োটা বৃক্ক বিকল। কিন্তু শেহতীয়াকৈ প্ৰেমানন্দ মহাৰাজৰ স্বাস্থ্যৰ অৱনতি ঘটত চিন্তিত হৈ পৰিছে বহু ভক্ত। সামাজিক মাধ্যমত তেওঁৰ বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছে য’ত দেখা গৈছে যে প্ৰেমানন্দ মহাৰাজৰ চকু মুখ সকলো ফুলি গৈছে। প্ৰেমানন্দ মহাৰাজ প’লিচিষ্টিক কিডনী ডিজিজ ( Polycystic kidney disease) নামৰ বৃক্কৰ ৰোগত আক্ৰান্ত।

প’লিচিষ্টিক কিডনী ডিজিজ কি?

ই এটা জিনেটিক অৰ্থাৎ বংশগত ৰোগ। এই ৰোগ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ বিয়পি থাকে। ইয়াৰ ফলত বৃক্কত চিষ্টৰ থুপ গঢ় লৈ উঠে, যাৰ ফলত বৃক্ক ডাঙৰ হৈ কাম বন্ধ কৰি দিয়ে। চিষ্ট হৈছে ফোহাৰ দৰে গোটা য’ত তৰল পদাৰ্থ থাকে। ইফালে বৃক্ক আমাৰ শৰীৰৰ গুৰুত্বপূৰ্ণ অংগ। যিয়ে শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰাত সহায় কৰে।

লক্ষণ

এই ৰোগ হোৱাৰ সময়ত বিভিন্ন লক্ষণে দেখা দিয়ে। কিন্তু বহুতে ইয়াক আওকান কৰি চলে। MayoClinic ৰ মতে এই ৰোগত বিভিন্ন লক্ষণে দেখা দিয়ে। ইয়াৰ ভিতৰত-

  • উচ্চ ৰক্তচাপ,
  • পেট বা কঁকালৰ বিষ,
  • প্ৰস্ৰাৱত তেজ,
  • ভোক নলগা,
  • পেট ফুলা,
  • মূৰৰ বিষ,
  • মুখ, চকু ফুলা
  • বৃক্কক পাথৰ,
  • বৃক্ক বিকল ,
  • বৃক্ক বা প্ৰস্ৰাৱৰ সংক্ৰমণ আদি।

মুখ কিয় ফুলিছে

ভাইৰেল হৈ থকা ভিডিঅ’টো প্ৰেমানন্দ মহাৰাজৰ মুখখন ফুলি থকা দেখা গৈছে। এয়াও পলিচিষ্টিক কিডনী ডিজিজৰ লক্ষণ হ’ব পাৰে। কিয়নো তেজ পৰিষ্কাৰ নোহোৱাৰ বাবে আৰু শৰীৰত তৰল পদাৰ্থৰ ভাৰসাম্যহীনতাই পানী জমা কৰি ৰাখিব পাৰে। এনে অৱস্থাত চকু, মুখ, ভৰিৰ গোৰোহা আদি ফুলিব পাৰে।

চিকিৎসা

এই ৰোগৰ চিকিৎসা লক্ষণৰ ভিত্তিত কৰা হয়। অৱশ্যে প্ৰাৰম্ভিক অৱস্থাত চিকিৎসকৰ সহায় লোৱা ভাল। বৰ্তমান প্ৰেমানন্দ মহাৰাজৰ চিকিৎসা চলি আছে। তেওঁ কৈ আহিছে যে, তেওঁক চিকিৎসকে বেছি দিন নাই বুলি কৈছে। কিন্তু তেওঁ আজিও ভক্তক মাগদৰ্শন কৰি আহিছে।

উল্লেখ্য কৰা প্ৰয়োজন যে, এই লেখাটোত কিছুমান সাধাৰণ দিশ উল্লেখ কৰা হৈছে। এই ক্ষেত্ৰত অধিক জানিবলৈ বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ অটোইম্যুন ৰোগৰ কাৰণ, লক্ষণ কি জানেনে? জানক বিশেষজ্ঞৰ পৰা…