শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

Happy Raksha Bandhan 2025 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীক দিয়ক এই বিশেষ শুভেচ্ছাবাণী

৯ আগষ্টত হৈছে ৰাখীবন্ধন। ৰাখীবন্ধন হৈছে ভাতৃ আৰু ভগ্নীৰ মাজৰ এটা পবিত্ৰ দিন। যিটো দিনত ভনীয়েকে ককায়েক বা ভায়েকৰ হাতত ৰাখী বান্ধি দিয়ে। সেই ৰাখীডালতে প্ৰকাশ কৰে মৰম-চেনেহ।

Happy Raksha Bandhan 2025 Wishes: ৰাখীবন্ধনত আপোনাৰ ভাতৃ-ভগ্নীক দিয়ক এই বিশেষ শুভেচ্ছাবাণী
barasha-misra
Barasha Misra | Updated On: 07 Aug 2025 07:17 AM

Raksha Bandhan Wishes & Quotes : সমাগত পবিত্ৰ ৰাখীবন্ধন। ভাতৃ-ভগ্নীসকলৰ বাবে ৰাখীবন্ধন এক গুৰুত্বপূৰ্ণ উৎসৱ। সেয়ে ৰাখী পিন্ধোৱা আৰু পিন্ধোতা দুয়োজনে ইয়াৰ অৰ্থ অনুভৱ কৰিব পাৰিলেহে ৰাখী বন্ধনৰ সাৰ্থকতা হয়। ৰাখী বন্ধন শব্দটো সংস্কৃত শব্দৰ পৰা আহিছে যাৰ অৰ্থ হৈছে সুৰক্ষা আৰু বন্ধন। এই উৎসৱে ভাতৃ -ভগ্নীৰ ইজনে সিজনৰ প্রতি থকা মৰম, সুৰক্ষা, আনুগত্য, যত্ন আৰু দায়বদ্ধতাক সূচায়। যদি আপোনাৰ ভাতৃ-ভগ্নী আপোনাৰ দূৰত থাকে তেন্তে এই বিশেষ বাৰ্তা প্ৰেৰণ কৰি ৰাখীবন্ধনৰ শুভেচ্ছা জনাব পাৰে।

ৰাখী বন্ধনত ভাতৃ/ভগ্নীক শুভেচ্ছা বাৰ্তা প্ৰেৰণ কৰক

  1. আমাৰ মাজত প্ৰেমৰ বান্ধোন সদায় দৃঢ় হৈ থাকক। ৰাখীবন্ধনৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ।
  2. ভাগ্যশালী সেইসকল ভগ্নী, যাৰ মূৰত ভাতৃৰ হাত থাকে, সকলো সমস্যাতে ভগ্নীৰ সৈতে থকা, কাজিয়াৰ পৰা মৰমেৰে আলপৈচান ধৰা। সেয়ে ভাতৃ–ভগ্নীৰ এই সম্পৰ্কত অটুট মৰম থাকে।শুভ ৰাখীবন্ধন।
  3. জনম জনমৰ সম্বন্ধ আমাৰ, বিশ্বাস আৰু মৰমেৰে ভৰা, ব’লা ইয়াক মৰমৰ এনাজৰীৰে বান্ধো, ৰাখীৰ মৰমৰ বান্ধোনত।Happy Raksha Bandhan 2025.
  4. কিছুমান সম্পর্কই জীৱনতটো জীপাল কৰি ৰাখে, তাৰ ভিতৰত ভাই – ভনীৰ সম্পর্কটো হ’ল শ্রেষ্ঠ…শুভ ৰাখীবন্ধন
  5. ভাল বেয়া সময়ত সদায় ইজনে সিজনৰ কাষত থিয় দিয়া, তুমি মোৰ শক্তি আৰু সাহস ভাতৃ/ভগ্নী। ৰাখীবন্ধনৰ শুভেচ্ছা।
  6. এই ৰাখী বন্ধন আপোনাৰ বাবে বিশেষ হওঁক আৰু ই আপোনালোকৰ বাবে পৃথিৱীৰ সকলো সুখ কঢ়িয়াই আনক। ৰাখী বন্ধনৰ শুভেচ্ছা!
  7. Dear Brother ৰাখী বন্ধাৰ পিছত ভাল Gift দিবলৈ সাজু হৈ থাকা, শুভ ৰাখীবন্ধন
  8. ৰাখী মাথোন এডাল ৰঙীন সূতাই নহয়, ই হৈছে স্নেহৰ ৰঙেৰে ৰঞ্জিত আত্মীয়তাৰ বান্ধোন…শুভ ৰাখীবন্ধন