শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ

Happy New Year: মনত পৰেনে ৰং-বিৰঙী সেই গ্ৰীটিংছ কাৰ্ডবোৰলৈ?

সকলোকে নষ্টালজিক কৰি তুলিব পৰা এটা শব্দ গ্ৰীটিংছ কাৰ্ড। গ্ৰীটিংছ কাৰ্ড শুভেচ্ছা, অভিনন্দন, অভিবাদন আদি জনাই প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ। বহু আগৰ পৰাই বিভিন্ন উপহাৰৰ মাধ্যমেৰে শুভেচ্ছা জনোৱাৰ নিয়ম মানৱ সমাজত প্ৰচলিত হৈ আছে। কিন্তু এতিয়া পাহৰণিৰ গৰ্ভত গ্ৰীটিংছ কাৰ্ড। প্ৰিয়জনৰ একলমৰ বাবে পদূলিলৈ গৈ ডাকোৱালক অপেক্ষা কৰা সেই দিনবোৰ এতিয়া হেৰাই গ'ল।

Happy New Year: মনত পৰেনে ৰং-বিৰঙী সেই গ্ৰীটিংছ কাৰ্ডবোৰলৈ?
Image Credit source: tv9 Kanada/ Canva
barasha-misra
Barasha Misra | Published: 28 Dec 2025 14:59 PM

পদূলিত ইংৰাজী নববর্ষ। নতুন বছৰৰ আগমনত পুলকিত হৈ পৰিছে প্রতিজনৰ মন। এনে সময়তে মনলৈ আহে তাহানিৰ নানাৰঙী গ্রীটিংছ কার্ডখনৰ কথা। কোনো বন্ধু-বান্ধৱী বা আত্মীয়ই পঠোৱা ‘গ্রীটিংছ কার্ড’খন ডাকোৱালে লৈ আহে আৰু আমাৰ হাতত তুলি দি যায়। কিন্তু এতিয়া মোবাইল ইণ্টাৰনেটৰ যুগত ই বিলুপ্ত।

সময় বাগৰিছে, স্মৃতিৰ মণিকোঠাত এতিয়াও সজীৱ হৈ আছে নৱবৰ্ষৰ শুভেচ্ছা জনাবলৈ ইজনে আনজনক দিয়া গ্ৰীটিংছ কাৰ্ডৰ কথা। এটা প্ৰজন্মৰ যেন আৱেগৰ নাম আছিল এই গ্ৰীটিংছ কাৰ্ড। মনত সাঁচি থোৱা সকলো কথা লিখি শুভেচ্ছা দিয়া হৈছিল এই কাৰ্ডৰ জৰিয়তে। সময়ৰ পৃষ্ঠাত মেলানি মাগিব আৰু এটা বছৰে। সামাজিক মাধ্যমৰ প্ৰচলনৰ পূৰ্বে প্ৰিয়জনলৈ এই গ্ৰীটিংছ কাৰ্ডত লিখা হৈছিল একলম। প্ৰিয়জনৰ একলমৰ বাবে পদূলিলৈ গৈ ডাকোৱালক অপেক্ষা কৰা সেই দিনবোৰ এতিয়া হেৰাই গ’ল।এতিয়া দোকানৰ কোনোবা এচুকত হয়টো পৰি আছে এই গ্ৰীটিংছ কাৰ্ড। সময় বাগৰাৰ লগে লগে গ্ৰীটিংছ কাৰ্ডৰ স্থান ল’লে ফেচবুক আৰু ৱাটছএপ মেছেজে। এতিয়া হেৰাই গৈছে সেই মাদকতা।

কেনেকৈ আহিছিল গ্ৰীটিংছ কাৰ্ড?

আধুনিক গ্ৰীটিংছ কাৰ্ড ৰ জন্মদাতা বুলি ইংলেণ্ডৰ যোছেফ চি হৰ্চলি (Joseph C Horshley ) নামৰ লোকজনকে কোৱা হয়। ১৮৪৩ চনত যোচেফে তেওঁৰ প্ৰিয়বন্ধু ছাৰ হেনৰী ক’ললৈ (১৮০৮-১৮৮২) বৰদিনৰ শুভেচ্ছা জনাবলৈ আঁকি দিয়া কাৰ্ডখনকে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ প্ৰথম বুলি আখ্যা দিয়া হয়। ৫.৫ ইঞ্চি দৈৰ্ঘ্যৰ আৰু ৩.৫ ইঞ্চি প্ৰস্থৰ এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল ” A Merry Christmass and A Happy New Year “. প্ৰথম মহাসমৰৰ (১৯১৪-১৯১৮) সময়ৰ পৰা গ্ৰীটিংছ কাৰ্ডৰ ব্যৱহাৰ দ্ৰুতগতিত আৰম্ভ হয়। তাৰ মূখ্য কাৰণ হ’ল সৈনিক সকলে ঘৰৰ পৰা দূৰৈত অজান দেশ, অজান ঠাইত যুদ্ধত লিপ্ত থাকিবলগীয়া হৈছিল। সেয়েহে বৰদিন, নতুন বছৰ আদিত সৈনিকসকলে ঘৰৰ মানুহ, আত্মীয়-স্বজন, বন্ধু-বান্ধবীক সুৱঁৰি আৰু তেওঁলোকলৈ মৰম-শুভেচ্ছা গ্ৰীটিংছ কাৰ্ড যোগে পঠিয়াবলৈ লয়। দ্বিতীয় মহাসমৰে (১৯৩৯-১৯৪৫) এই পৰম্পৰা বহুগুণে বঢ়াই তোলে। ফলত সমগ্ৰ বিশ্বতে গ্ৰীটিংছ কাৰ্ড অধিক জনপ্ৰিয় হ’বলৈ ধৰে।