December 28, 2025
TV9 ASSAM
Photo Credits: Getty Images
ডিচেম্বৰ-জানুৱাৰীত প্ৰায়ে পাৰ্টিৰ পৰিকল্পনা কৰা হয়। দেৰিলৈকে শুই থকা, বাহিৰত খাদ্য খোৱা, সময়মতে খাদ্য নোখোৱা দৰে অস্বাস্থ্যকৰ অভ্যাসে এই সময়ত বিভিন্ন সমস্যাৰ সৃষ্টি কৰিব পাৰে।
বদহজম, পেট ফুলা, পেটৰ বিষ, গেছৰ সমস্যা হ’ব পাৰে। কিন্তু গধুৰ খাদ্য খোৱাৰ পিছত কেইটামান নিয়ম মানি চলিলে পেট ফুলাৰ সমস্যাৰ পৰা পৰিত্ৰাণ পাব পাৰে।
খাদ্য খোৱাৰ গতি লেহেমীয়া কৰি খাদ্য ভালদৰে চোবাই খালে পেট ফুলা আৰু পাচনতন্ত্ৰৰ সমস্যা হ্ৰাস পায়।
খোৱাৰ পিছত খোজ কঢ়িব লাগে। আহাৰ খোৱাৰ পিছত সকলোৰে টোপনিৰ আহে। খাদ্য খোৱাৰ পিছত কমেও ১০-১৫ মিনিট খোজ কাঢ়িব লাগে।
ছ’ডাৰ দৰে পানীয় খালে পেটত অতিৰিক্ত গেছৰ সৃষ্টি হ’ব পাৰে। পেট ফুলাৰ সমস্যা কম কৰিবলৈ এনে পানীয়ৰ পৰা আঁতৰি থাকিব লাগে। কেৱল পানীহে খাব।
পৰিমিতভাৱে খাদ্য গ্ৰহণ কৰক। অত্যধিক খাদ্য খোৱাৰ ফলত পেট ফুলি উঠিব পাৰে। পাচনতন্ত্ৰৰ সমস্যা, গেছ গঠন, অন্ত্ৰৰ অস্বস্তিৰ আশংকাও বৃদ্ধি পায়।
পৰ্যাপ্ত পৰিমাণে পানী খাব লাগে। পৰ্যাপ্ত পৰিমাণৰ পানী খালে হজম শক্তি ভাল হয়। খাদ্য খোৱাৰ আগতে কিছু পৰিমাণে পানী খাব পাৰে, যাৰ ফলত অতিমাত্ৰা খাদ্য খোৱাৰ প্ৰৱণতা কমি যায়।
পঢ়িবলৈ ক্লিক কৰক