বছৰৰ অন্তিম দিনটোত নাপাব অনলাইন ডেলিভাৰীৰ সুবিধা! পিছে কিয় হ’ব এনে?
বছৰৰ অন্তিমটো দিনত আপোনাৰ অৰ্ডাৰ লৈ দুৱাৰমুখত উপস্থিত নহ’ব কোনো ডেলিভাৰী কৰ্মী। এক কথাত এই দিনটোত বন্ধ হৈ থাকিব অনলাইন ডেলিভাৰী কৰ্মী। পিছে কিয় হ’ব এনে? জানিবলৈ চাওক ভিডিঅ’।
এটা নতুন বৰ্ষৰ আগমন মানেই এক আনন্দমুখৰ পৰিৱেশ। বৰ্ষটোৰ আগমনৰ সময়ত সকলোৱে একলগ হৈ ৰং-আনন্দেৰে পাৰ্টি কৰে। একাংশ লোকে যদি কোনো বিশেষ স্থানলৈ গৈ স্ফুৰ্তি-তামাচা কৰে, আন কোনোৱে আকৌ ঘৰতে এক নতুন বৰ্ষৰ আগমনৰ আনন্দ উপভোগ কৰে। আগন্তুক নতুন বৰ্ষ ২০২৬ক লৈও সকলোৱে হয়তো নতুন পৰিকল্পনা কৰিছে। হয়তো আপুনিও নতুন বৰ্ষটোৰ বাবে কোনো পৰিকল্পনা কৰি আছে। পিছে চলিত বছৰটোৰ অন্তিমটো দিনত যদি আপুনি অনলাইন অৰ্ডাৰ কৰি কোনো খাদ্যৰ জুতি লোৱাৰ পৰিকল্পনা কৰিছে, সেয়া পৰিকল্পনাই হৈ ৰ’ব।
কিয়নো বছৰৰ অন্তিমটো দিনত আপোনাৰ অৰ্ডাৰ লৈ দুৱাৰমুখত উপস্থিত নহ’ব কোনো ডেলিভাৰী কৰ্মী। এক কথাত এই দিনটোত বন্ধ হৈ থাকিব অনলাইন ডেলিভাৰী কৰ্মী। পিছে কিয় হ’ব এনে? জানিবলৈ চাওক ভিডিঅ’…
