শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোভিডিঅ
Bank News: কি হ’ব গ্ৰাহকৰ? বন্ধ হ’বলৈ গৈ আছে এই বেংকসমূহ, চৰকাৰৰ ডাঙৰ পদক্ষেপ…

Bank News: কি হ’ব গ্ৰাহকৰ? বন্ধ হ’বলৈ গৈ আছে এই বেংকসমূহ, চৰকাৰৰ ডাঙৰ পদক্ষেপ…

manas-borah
Manas Borah | Published: 27 Dec 2025 19:16 PM

২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ বেংকক বৃহৎ কৰাৰ পৰিকল্পনা। সেইবাবেই পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংকত হাত দিব চৰকাৰে।

অস্তিত্বৰ সংকটত দেশৰ ৰাজহুৱা খণ্ডৰ বেংকসমূহ। কেন্দ্ৰীয় চৰকাৰে ল’বলৈ ওলাইছে এটা ডাঙৰ পদক্ষেপ। সূত্ৰ অনুসৰি, পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংক একত্ৰীকৰণৰ কথা চিন্তা কৰিছে কেন্দ্ৰীয় চৰকাৰে। ইতিমধ্যে কেন্দ্ৰই ভাৰতীয় ৰিজাৰ্ভ বেংকৰ সৈতে আৰম্ভ হৈছে আলোচনা। ২০৪৭ চনৰ ভিতৰত এখন উন্নত ভাৰত গঢ়াৰ লক্ষ্যৰে দেশৰ বেংকক বৃহৎ কৰাৰ পৰিকল্পনা। সেইবাবেই পুনৰবাৰ চৰকাৰী খণ্ডৰ বেংকত হাত দিব চৰকাৰে।

যোৱা মাহত কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে কয় যে, ভাৰতত একাধিক বৃহৎ আৰু বিশ্বমানৰ বেংকৰ প্ৰয়োজন। ইয়াৰ পিছত অনুমান কৰা হৈছিল যে, চৰকাৰে হয়তো ইতিমধ্যে বেংক একত্ৰীকৰণৰ কাম আৰম্ভ কৰিছে।

প্ৰতিবেদন অনুসৰি, ইণ্ডিয়ান অভাৰচিজ বেংক, চেণ্ট্ৰেল বেংক অৱ ইণ্ডিয়া, বেংক অৱ ইণ্ডিয়া, বেংক অৱ মহাৰাষ্ট্ৰৰ দৰে ক্ষুদ্ৰ বেংকক দেশৰ বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰা হ’ব। এই ক্ষুদ্ৰ বেংকসমূহ ষ্টেট বেংক অৱ ইণ্ডিয়া, পঞ্জাব নেচনেল বেংক আৰু বেংক অৱ বৰোদাৰ দৰে বৃহৎ বেংকৰ সৈতে একত্ৰিত কৰিব পাৰে।