TV9 ASSAM
খালী পেটত চাহ খালে শৰীৰৰ ভিতৰৰ এচিডিক প্ৰক্ৰিয়াত বিৰূপ প্ৰভাৱ পৰিব। ৰাতিপুৱা খালী পেটত চাহ খালে ডিহাইড্ৰেচনৰো সৃষ্টি হ’ব পাৰে ৷
খালী পেটত চাহ খোৱাটো স্বাস্থ্যৰ বাবে উপকাৰী নহয় ৷ খালী পেটত চাহ খোৱাৰ ফলত শৰীৰৰ বহু অপকাৰ হয়।
ৰাতিপুৱা খালী পেটত চাহ খালে শৰীৰত পানীৰ অভাৱ হ’ব পাৰে। ইয়াৰ বাবে কোষ্ঠকাঠিন্য আৰু গেছৰ সমস্যা বৃদ্ধি পাব পাৰে।
ৰাতিপুৱা খালী পেটত চাহ খালে দাঁতৰো ক্ষতি হয়। ইয়াৰ বাবে দাঁতৰ বাহিৰৰ তৰপটোৰ ক্ষতি হ’ব পাৰে আৰু দাঁতত ক্ষয়ৰ আশংকা বৃদ্ধি পায়।
চিকিৎসক এল.এচ.ঘোটেকৰে জনায় যে, শীতকালত খালী পেটত চাহ সেৱন কৰিলে পেটটো গধুৰ গধুৰ অনুভৱ হয়।
শীতকালত খালী পেটত চাহ খালে শৰীৰটো দুৰ্বল হয় আৰু গোটেই দিনটো ভাগৰুৱা অনুভৱ হয়।
সেয়েহে কেতিয়াও খালী পেটত চাহ খাব নালাগে। এনে কৰিলে শৰীৰে যথেষ্ঠ কষ্ট পায়।
পঢ়িবলৈ ক্লিক কৰক
প্ৰায়ে মনটো অশান্তি লাগি থাকে নেকি?