বাৰে বাৰে প্ৰস্ৰাৱ আহে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…
আজিকালি মানুহৰ বিভিন্ন স্বাস্থ্যজনিত সমস্যাই দেখা দিয়ে। অৱশ্যে ইয়াৰ পূৰ্বে আমাৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

আজিকালি ব্যস্ত জীৱনশৈলীৰ বাবে মানুহে বিভিন্ন শাৰীৰিক সমস্যাত ভোগা দেখা যায়। শৰীৰত কিবা ৰোগৰ সৃষ্টি হ’লে কিছুমান লক্ষণে দেখা দিয়ে। কিন্তু কেতিয়াবা এই লক্ষণসমূহ আওকান কৰা যায়। কিন্তু এইসমূহ আওকান কৰা বিপদজনক হ’ব পাৰে। সঘনাই প্ৰস্ৰাৱ কৰা, আৰু থাইৰয়ডৰ লক্ষণো এনে লক্ষণ, যিবোৰ সহজভাৱে ল’লে বিপদজনক হ’ব পাৰে। আপোনাৰে সঘনাই প্ৰস্ৰাৱ লাগি থাকে নেকি? যদি লাগে ই কি বেমাৰৰ লক্ষণ হ’ব পাৰে তলত সবিশেষ উল্লেখ কৰা হ’ল।
ডায়েবেটিছ
মেক্স হাস্পতালৰ বিশেষজ্ঞ ডাঃ ৰোহিত কুমাৰে কয় যে যদি আপোনাৰ সঘনাই প্ৰস্ৰাৱ লাগি থাকে আৰু বাৰে বাৰে পিয়াহ লাগি থাকে তেন্তে ই ডায়েবেটিছৰ লক্ষণ হ’ব পাৰে। ডায়েবেটিছত শৰীৰে গ্লুক’জ সঠিকভাৱে প্ৰক্ৰিয়াকৰণ কৰিব নোৱাৰে, যাৰ বাবে বৃক্কে অধিক প্ৰস্ৰাৱ উৎপন্ন কৰে।
UTI
ডাঃ ৰোহিতে কয় যে, UTI বিশেষকৈ মহিলাসকলৰ হয়। সঘনাই প্ৰস্ৰাৱ কৰা, প্ৰস্ৰাৱ কৰাৰ সময়ত জ্বলা-পোৰা বা বিষ হোৱা, প্ৰস্ৰাৱৰ দুৰ্গন্ধ, এই সকলোবোৰ ইউটিআইৰ লক্ষণ হ’ব পাৰে। চিকিৎসা নকৰিলে বৃক্কলৈ বিয়পি পৰিব পাৰে। গতিকে যদি আপোনাৰ দীৰ্ঘদিন এই লক্ষণে দেখা দিছে তেন্তে বিশেষজ্ঞৰ পৰামৰ্শ লোৱা দৰকাৰ।
প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি
পুৰুষৰ ক্ষেত্ৰত প্ৰষ্টেট গ্ৰন্থি বৃদ্ধি হ’লে প্ৰস্ৰাৱ নলীত চাপ পৰে, যাৰ ফলত বিশেষকৈ ৰাতি সঘনাই প্ৰস্ৰাৱ হয়। দীৰ্ঘদিন ধৰি এই সমস্যা হৈ থাকিলে সহজভাৱে ল’ব নালাগে।
অভাৰেক্টিভ ব্লেডাৰ
কেতিয়াবা মানুহে প্ৰস্ৰাৱ ধৰি ৰাখিব নোৱাৰে। ই অভাৰেক্টিভ ব্লেডাৰৰ লক্ষণ হ’ব পাৰে। এনে অৱস্থাত প্ৰস্ৰাৱ ধৰি ৰখাটো কঠিন হৈ পৰে। ই স্নায়ুজনিত কাৰণতো হ’ব পাৰে।
ঔষধ
কিছুমান ঔষধ সেৱন কৰিলেও সঘনাই প্ৰস্ৰাৱ কৰা লাগি থাকিব পাৰে। ইয়াৰোপৰি কেতিয়াবা ই সাধাৰণ হ’ব পাৰে। কিন্তু যদি আপোনাৰ সঘনাই এই সমস্যাৰ লগতে জ্বলা-পোৰা, বিষ আদি হয় তেন্তে চিকিৎসকৰ পৰামৰ্শ গ্ৰহণ কৰা দৰকাৰ।
অন্য খবৰ পঢ়কঃ অত্যাধিক মোবাইল ফোন ব্যৱহাৰে ব্ৰেইন টিউমাৰৰ আশংকা বৃদ্ধি কৰে নেকি? জানক চিকিৎসকৰ পৰা…