শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

অত্যাধিক মোবাইল ফোন ব্যৱহাৰে ব্ৰেইন টিউমাৰৰ আশংকা বৃদ্ধি কৰে নেকি? জানক চিকিৎসকৰ পৰা…

আজিকালি মানুহে ঘন্টাৰ পাছত ঘন্টা ধৰি মোবাইল ফোন ব্যৱহাৰ কৰে। কিন্তু বহুতৰে মনত প্ৰশ্ন হয়, অত্যাধিক মোবাইল ফোন ব্যৱহাৰে ব্ৰেইন টিউমাৰৰ আশংকা বৃদ্ধি কৰে নেকি?

অত্যাধিক মোবাইল ফোন ব্যৱহাৰে ব্ৰেইন টিউমাৰৰ আশংকা বৃদ্ধি কৰে নেকি? জানক চিকিৎসকৰ পৰা…
ফোনৰ ব্যৱহাৰ Image Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 08 Jun 2025 16:13 PM

বৰ্তমান সময়ত মোবাইল আমাৰ জীৱনৰ এক গুৰুত্বপূৰ্ণ অংশ হৈ পৰিছে। পুৱা সাৰ পোৱাৰ পৰা নিশা শুৱালৈকে বহুতে ঘন্টাৰ পাছত ঘন্টা ধৰি মোবাইল ফোন ব্যৱহাৰ কৰে। কিন্তু আপুনি কেতিয়াবা ভাবিছেনে, অত্যাধিক মোবাইল ব্যৱহাৰ কৰাৰ ফলত মগজুত কি প্ৰভাৱ পৰিব পাৰে? অবিৰতভাৱে মোবাইল ফোন ব্যৱহাৰ কৰিলে মগজুৰ টিউমাৰৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে নেকি? মোবাইল ফোন ব্যৱহাৰে আমাৰ মগজুত কেনে প্ৰভাৱ পেলায় আৰু ইয়াৰ পৰা কেনেকৈ হাত সাৰিব পাৰিব তলত উল্লেখ কৰা হ’ল।

ব্ৰেইন টিউমাৰ এক গুৰুতৰ ৰোগ। কিন্তু এই সময়চোৱাত ৰোগীৰ শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। এই লক্ষণৰ সহায়ত জানিব পাৰি যে মগজুত এটা গোট গঠন হৈছে। ইয়াৰ ফলত মূৰৰ বিষ, বমি, দৃষ্টিশক্তিত সমস্যা, স্মৃতি শক্তিত প্ৰভাৱ, কথা কোৱাত অসুবিধা আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।

মোবাইল আৰু ব্ৰেইন টিউমাৰ

জি বি পন্ত চিকিৎসালয়ৰ স্নায়ুবিজ্ঞান বিভাগৰ প্ৰাক্তন মুৰব্বী ডাঃ দলজিৎ সিঙে কয় যে,মোবাইল ফোনৰ পৰা নিৰ্গত হোৱা বিকিৰণক ৰেডিঅ’ফ্ৰিকুৱেন্সি (RF) বিকিৰণ বুলি কোৱা হয়। ই আমাৰ মগজুৰ ওচৰতে ৰিচিভ আৰু ট্ৰান্সমিট কৰে। গতিকে এই বিকিৰণৰ ফলত মগজুৰ টিউমাৰ হ’ব পাৰে নেকি বুলি একাংশ লোকে চিন্তা কৰে। কিন্তু জনা দৰকাৰ যে, মোবাইল ফোন আৰু ব্ৰেইন টিউমাৰৰ কোনো প্ৰত্যক্ষ সম্পৰ্ক নাই। অৱশ্যে মোবাইলৰ পৰা নিৰ্গত বিকিৰণে মগজুৰ টিউমাৰৰ আশংকা সৃষ্টি কৰিব পাৰে বুলি অনুমান কৰা হৈছে।

গৱেষণাই কি কয়

বিজ্ঞানীসকলে এই বিষয়ত বহু বছৰ ধৰি গৱেষণা কৰি আহিছে। ২০১১ চনত বিশ্ব স্বাস্থ্য সংস্থাৰ (WHO) এটা সংস্থা আই এ আৰ চি (ইণ্টাৰনেচনেল এজেন্সী ফৰ ৰিচাৰ্চ অন কেন্সাৰ)-এ (IARC (International Agency for Research on Cancer) মোবাইল ফোনত অহা আৰ এফ বিকিৰণক সম্ভৱতঃ কাৰ্চিনোজেনিক বুলি শ্ৰেণীভুক্ত কৰিছিল। অৰ্থাৎ মোবাইল ফোন আৰু মগজুৰ টিউমাৰৰ মাজত “সম্ভাৱ্য” সম্পৰ্ক থাকিব পাৰে, কিন্তু ইয়াৰ কোনো নিৰ্দিষ্ট প্ৰমাণ পোৱা নাই।

বিভিন্ন গৱেষণাত কোৱা হৈছে যে যিসকল লোকে দীৰ্ঘদিন (১০ বছৰ বা তাতকৈ অধিক) মোবাইল ফোন ব্যৱহাৰ কৰে, তেওঁলোকৰ মগজুৰ কিছুমান বিশেষ ধৰণৰ টিউমাৰ (যেনে গ্লিঅ’মা) হোৱাৰ সম্ভাৱনা কিছু বৃদ্ধি পাব পাৰে। কিন্তু মোবাইল ফোন ব্যৱহাৰ আৰু মগজুৰ টিউমাৰৰ মাজত কোনো স্পষ্ট সম্পৰ্ক পোৱা নাই।

সাৱধানতা

মোবাইল ফোনে ব্ৰেইন টিউমাৰৰ সৃষ্টি কৰিব পাৰে বুলি কোনো প্ৰমাণ নাই। কিন্তু সাৱধান হোৱা ভাল। কিন্তু ইয়াৰ ক্ষেত্ৰত কিছু সাৱধানতা অৱলম্বন কৰা দৰকাৰ।

  • ইয়াৰফোন বা স্পীকাৰ মোড ব্যৱহাৰ কৰক যাতে ফোনটোৱে পোনে পোনে মগজু স্পৰ্শ নকৰে।
  • শিশুক যিমান পাৰি কমকৈ মোবাইল ফোন ব্যৱহাৰ কৰিবলৈ দিয়ক, কিয়নো তেওঁলোকৰ মগজু অধিক সংবেদনশীল।
  • ফোনত বেছি সময় কথা নাপাতিব।
  • ভিডিঅ’ কল বা টেক্স কৰিব পাৰে।
  • শুই থকাৰ সময়ত মোবাইল ফোনটো মূৰৰ পৰা আঁতৰত ৰাখি এয়াৰপ্লেন মোডত ৰাখক।

 

অন্য খবৰ পঢ়কঃ একেৰাহে ডিঙি আৰু কঁকালৰ বিষ হৈ থাকে নেকি? ই কি ৰোগৰ লক্ষণ, জানক চিকিৎসকৰ পৰা…