শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

থাইৰয়ডৰ সমস্যা হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক…

Thyroid: আজিকালি বহু ৰোগৰ থাইৰয়ডৰ সমস্যাৰ সৃষ্টি হয়। এই ৰোগ দুই প্ৰকাৰৰ। দুয়ো প্ৰকাৰৰ ৰোগতে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। ইয়াৰ বিষয়ে জনা দৰকাৰ।

থাইৰয়ডৰ সমস্যা হ’লে কি কি লক্ষণে দেখা দিয়ে জানেনে? জানক…
থাইৰয়ডImage Credit source: GettyImages
barasha-sarma
Barasha Sarma | Published: 10 Jun 2025 09:33 AM

আজিকালি বহু লোকৰে থাইৰয়ডৰ সমস্যা হোৱা দেখা যায়। থাইৰয়ড দুই প্ৰকাৰৰ আছে। কিছুমানৰ থাইৰয়ড বৃদ্ধি হয় আৰু কিছুমান হ্ৰাস পায়। সময়মতে চিকিৎসা নকৰিলে এই অৱস্থা মাৰাত্মক হ’ব পাৰে। থাইৰয়ড ৰোগক সাধাৰণ ভাষাত ক’বলৈ হ’লে যেতিয়া কোনো ব্যক্তিৰ থাইৰয়ড গ্ৰন্থিয়ে সঠিকভাৱে কাম নকৰে তেতিয়া সমস্যা হয়।

হাইপোথাইৰয়ডিজম ( কম) বা হাইপাৰথাইৰয়ডিজম (বেছি) এই দুটা থাইৰয়ডৰ ৰোগ। এই দুয়োটা অৱস্থাতে শৰীৰত কিছুমান লক্ষণে দেখা দিয়ে। বেছিভাগ থাইৰয়ডৰ সমস্যা ঔষধৰ দ্বাৰা কম কৰিব পাৰি। কিন্তু কিছুমান বিশেষ অৱস্থাত অস্ত্ৰোপচাৰ কৰিব লাগে।

থাইৰয়ড হৈছে আমাৰ ডিঙিৰ আগফালে থকা পখিলাৰ আকৃতিৰ গ্ৰন্থি। এই গ্ৰন্থিয়ে থাইৰয়ড হৰম’ন উৎপন্ন কৰে। ইয়াৰ পৰা থাইৰ’ক্সিন (T4) আৰু ট্ৰাইঅ’ড’থাইৰ’নিন (T3) উৎপন্ন কৰি মুক্ত কৰে। এই দুয়োটা হৰম’ন শৰীৰৰ বাবে গুৰুত্বপূৰ্ণ। থাইৰয়ড হৰম’নৰ মূল কাম হ’ল বিপাকীয় ক্ৰিয়াৰ গতি নিয়ন্ত্ৰণ কৰি খাদ্যক শক্তিলৈ ৰূপান্তৰ কৰা। কিন্তু যদি ইয়াত কিবা সমস্যাৰ সৃষ্টি হয় তেন্তে সমগ্ৰ শৰীৰ ইয়াৰ দ্বাৰা প্ৰভাৱিত হয়। থাইৰয়ড ৰোগত হাইপোথাইৰয়ডিজম (থাইৰয়ডৰ কাৰ্য্যকলাপ কম) বা হাইপাৰথাইৰয়ডিজম (থাইৰয়ডৰ কাৰ্য্যকলাপ বেছি) হ’ব পাৰে।

লক্ষণ

দুয়ো প্ৰকাৰৰ থাইৰয়ডৰ ৰোগত প্ৰায় একে লক্ষণে দেখা দিয়ে। হাইপোথাইৰয়ডিজমৰ সাধাৰণ লক্ষণসমূহ হ’ল- ভাগৰুৱা, এলাহ, ওজন বৃদ্ধি, ঠাণ্ডা সহ্য কৰিব নোৱাৰা, হতাশা, কৌষ্ঠকাঠিন্য আদি।

আনহাতে হাইপাৰথাইৰয়ডিজম লক্ষণসমূহ হ’ল- হৃদস্পন্দন দ্ৰুত, ওজন কমি যোৱা,অস্বস্তি লগা, খিংখিঙীয়া, ডায়েৰিয়া, অত্যধিক ঘাম ওলোৱা আৰু গৰম সহ্য কৰিব নোৱাৰা আদি। দুয়োটা অৱস্থাতে থাইৰয়ড গ্ৰন্থি বৃদ্ধি হ’ব পাৰে।  কিন্তু হাইপাৰথাইৰয়ডিজমত ইয়াৰ আশংকা বেছি। ইয়াৰোপৰি থাইৰয়ড হোৱা ৰোগীৰ আচৰণত পৰিবৰ্তন হয়। বাৰে বাৰে খং উঠিব পাৰে বা কোনো কাৰণ নোহোৱাকৈ দুখ লাগিব পাৰে।

কি হয় এই ৰোগ

থাইৰয়ড ৰোগ হোৱাৰ আঁৰত কিছুমান কাৰণ আছে। বিশেষকৈ মহিলাসকল এই  ৰোগত বেছিকৈ আক্ৰান্ত হয়। এই ৰোগৰ কাৰণ পাৰিবাৰিক ইতিহাস, ঔষধত আয়’ডিনৰ পৰিমাণ বেছি, আয়’ডিনবিহীন নিমখ আদি হব পাৰে। ইয়াৰ উপৰিও অটোইম্যুন ৰোগ, ৰক্তহীনতা, টাইপ-১ চিলিয়াক ৰোগ, এডিচন ৰোগ, লুপাছ, বাতবিষ আৰু শ্ব’গ্ৰেন চিণ্ড্ৰমৰ বাবেও এই আশংকা বৃদ্ধি পায়।

কি কৰিব

যদি আপোনাৰ শৰীৰত লক্ষণসমূহে দেখা দিছে তেন্তে চিকিৎসকৰ পৰামৰ্শ লোৱা ভাল। যদি দীৰ্ঘদিন ধৰি থাইৰয়ডৰ সমস্যা হৈ থাকে তেন্তে ই গুৰুতৰ হৈ পৰিব পাৰে।

 

অন্য খবৰ পঢ়কঃ গৰমৰ দিনত বৃদ্ধি পাই হিট ষ্ট্ৰ’কৰ আশংকা, ইয়াৰ লক্ষণ কি, কেনেকৈ পৰিত্ৰাণ পাব, জানক চিকিৎসকৰ পৰা…