নিজকে স্বাস্থ্যৱান কৰি ৰাখিব বিচাৰেনে? মানি চলক পতঞ্জলিৰ খাদ্য সম্পৰ্কীয় এনে পৰামৰ্শ…
পতঞ্জলিৰ অন্যতম প্ৰতিষ্ঠাপক আচাৰ্য বালাকৃষ্ণই সুস্থ জীৱনৰ বাবে জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলাই আহিছে। এই প্ৰচাৰৰ অংশ হিচাপে তেওঁ ‘দ্য চাইঞ্চ অৱ আয়ুৰ্বেদা’ শীৰ্ষক এক তথ্য সমৃদ্ধ গ্ৰন্থ ৰচনা কৰে। এই গ্ৰন্থখনত সুস্থ জীৱন যাপনৰ বাবে বহুতো গুৰুত্বপূৰ্ণ তথ্য বিতংভাৱে দিয়া হৈছে। গ্ৰন্থখনত খাদ্যৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শও উল্লেখ কৰিছে।

ব্যক্তিৰ সুস্বাস্থ্যৰ অন্যতম আধাৰ হৈছে খাদ্য। যদি আপুনি সুস্থ হৈ থাকিব বিচাৰে, পুষ্টিকৰ উপাদানেৰে সমৃদ্ধ খাদ্য গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজনীয়। ইয়াৰ সমান্তৰালকৈ খাদ্য সম্পৰ্কীয় বহু নিয়ম মানি চলাটোও গুৰুত্বপূৰ্ণ। যোগগুৰু বাবা ৰামদেৱে আয়ুৰ্বেদৰ বিষয়ে মানুহক সজাগ কৰাৰ লক্ষ্যৰে স্বদেশী শ্লোগানেৰে আৰম্ভ কৰিছিল পতঞ্জলি। আচাৰ্য বালাকৃষ্ণয়ো সুস্থ জীৱনৰ বাবে জনসাধাৰণৰ মাজত আয়ুৰ্বেদৰ উপকাৰিতাৰ বিষয়ে প্ৰচাৰ চলাই আহিছে। এই প্ৰচাৰৰ অংশ হিচাপে তেওঁ ‘দ্য চাইঞ্চ অৱ আয়ুৰ্বেদা’ শীৰ্ষক এক তথ্য সমৃদ্ধ গ্ৰন্থ ৰচনা কৰে।
এই গ্ৰন্থখনত সুস্থ জীৱন যাপনৰ বাবে বহুতো গুৰুত্বপূৰ্ণ তথ্য বিতংভাৱে দিয়া হৈছে। গ্ৰন্থখনত খাদ্যৰ সৈতে জড়িত কিছু গুৰুত্বপূৰ্ণ পৰামৰ্শও উল্লেখ কৰিছে। এই পৰামৰ্শসমূহে ব্যক্তিক সুস্থ আৰু ফিট হৈ থকাত সহায় কৰিব। স্বাস্থ্যৰ বাবে খাদ্য কিমান গুৰুত্বপূৰ্ণ সেয়া আমি সকলোৱে জানো। আয়ুৰ্বেদত কোৱা হৈছে যে খাদ্যৰ মানদণ্ড সঠিক হোৱাৰ লগতে ইয়াৰ পৰিমাণ আৰু পৰিস্থিতিয়েও স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলায়।
সুস্থ আৰু ফিট হৈ থকাৰ কথা আহিলে অধিকাংশ লোকেই সাধাৰণতে হৃদৰোগ, মেদবহুলতা আদিৰ ভয়ত ঘিঁউ আৰু তেলত তৈয়াৰী বস্তু খোৱা বন্ধ কৰে। আয়ুৰ্বেদত কোৱা হৈছে যে আমাৰ খাদ্যত পৰ্যাপ্ত পৰিমাণৰ ঘিঁউ আৰু তেল থাকিব লাগে। তেল আৰু ঘিঁউৱে খাদ্যৰ সোৱাদ বৃদ্ধি কৰাৰ লগতে পাচন অগ্নিও সক্ৰিয় কৰে। ইয়াৰ দ্বাৰা শৰীৰৰ পৰা অপকাৰী তথা অপ্ৰয়োজনীয় পদাৰ্থও নিষ্কাষিত হয়।
আয়ুৰ্বেদত কোৱা হৈছে যে খাদ্যত ঘিঁউ আৰু তেল কমোৱাৰ পৰিৱৰ্তে এলাহ ত্যাগ কৰিব লাগে। নিয়মিত শাৰীৰিক ব্যায়াম কৰিবলৈ আয়ুৰ্বেদে পৰামৰ্শ দিয়ে। ইয়াৰ দ্বাৰা আপুনি আপোনাৰ খাদ্য সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰে আৰু লগতে ইয়াৰ উপকাৰো লাভ কৰিব পাৰে।
খাদ্য সতেজ আৰু গৰম হ’ব লাগে
আচাৰ্য বালাকৃষ্ণই এই গ্ৰন্থত কৈছে যে সদায় সতেজ আৰু গৰম খাদ্য খাব লাগে। এনেধৰণৰ খাদ্য কেৱল সোৱাদযুক্তই নহয়, পুষ্টিৰে সমৃদ্ধ আৰু সহজে হজম কৰিব পাৰি। ঠাণ্ডা আৰু বাহি খাদ্য পুষ্টিকৰ নহয়। আয়ুৰ্বেদত কোৱা হৈছে যে এনে খাদ্য গৰম কৰাৰ পিছতো খাব নালাগে, লগতে পাত্ৰত বন্ধ কৰি ৰখা খাদ্য সামগ্ৰীও পৰিহাৰ কৰিব লাগে।
খাদ্যৰ উপস্থাপন শুদ্ধ হ’ব লাগে
আয়ুৰ্বেদত কোৱা হৈছে যে কেৱল খাদ্যৰ সোৱাদেই নহয় ইয়াৰ ৰং, সুগন্ধি আৰু পৰিবেশনৰ পদ্ধতিয়েও পাচনতন্ত্ৰৰ ৰসক উদ্দীপিত কৰে। ভোক বৃদ্ধিৰ বাবে অতি পৰিষ্কাৰ আৰু পৰিপাটিকৈ খাদ্য পৰিবেশন কৰিব লাগে।
পৰিৱেশ অনুকূল হ’ব লাগিব
খাদ্যখিনি ভালদৰে পৰিবেশন কৰাটো যিমানেই গুৰুত্বপূৰ্ণ সিমানেই আপুনি খাদ্য খোৱা পৰিৱেশটোও সুখদায়ক আৰু শান্তিপূৰ্ণ হোৱাটোও সমানেই গুৰুত্বপূৰ্ণ। খাদ্য গ্ৰহণৰ পৰিৱেশ পৰিষ্কাৰ-পৰিচ্ছন্নতা আটাইতকৈ গুৰুত্বপূৰ্ণ। আয়ুৰ্বেদতো কোৱা হৈছে যে আনৰ লগত একেলগে খাদ্য খোৱাৰ চেষ্টা কৰিব লাগে। খাদ্য সদায় একাগ্ৰতাৰে খাব লাগে। খাদ্য খোৱাৰ সময়ত আন কোনো কামত মনোনিৱেশ নকৰিব।
আয়ুৰ্বেদৰ মতে জোতা পিন্ধি কেতিয়াও খাদ্য খোৱা উচিত নহয়। জোতা পিন্ধিলে ভৰিৰ পৰা তাপ উৎপন্ন হয় আৰু পাচন অগ্নি লেহেমীয়া হ’ব পাৰে। হাত-ভৰি ধুই ভালদৰে মচিহে খাদ্য গ্ৰহণ কৰিব লাগে আৰু প্ৰথমে প্ৰাৰ্থনা কৰি প্ৰকৃতিৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰিব লাগে। খাদ্য খোৱাৰ আগতে ২-৩ চুমুক পানী খাব লাগে, ইয়াৰ ফলত ডিঙি পৰিষ্কাৰ হ’ব আৰু আপুনি অধিক সহজে খাদ্য খাব পাৰিব।
খাদ্য হাতেৰে খাব লাগে। ইয়াৰ ফলত খাদ্যৰ প্ৰতি আগ্ৰহ বৃদ্ধি পায় আৰু আপুনি সহজেই গৰম আৰু ঠাণ্ডা অনুভৱ কৰিব পাৰে। মাটিত বহি আৰামদায়ক অৱস্থাত খাদ্য খাবলৈ চেষ্টা কৰিব লাগে, কিন্তু খোজ কঢ়াৰ সময়ত খাদ্য খোৱাৰ পৰা বিৰত থাকিব লাগে।
সঠিক মানসিক অৱস্থা
খাদ্য খোৱাৰ সময়ত আপোনাৰ বাবে সুখী হোৱাটো গুৰুত্বপূৰ্ণ। নেতিবাচক ভাৱে হজম শক্তিৰ ওপৰত বেয়া প্ৰভাৱ পেলায়। ইয়াৰ ফলত পাচনতন্ত্ৰৰ ৰস নিঃসৰণত বাধাৰ সৃষ্টি হয়। ইয়াৰ বাবে খাদ্যৰ সম্পূৰ্ণ সুফল নাপায় আৰু বদহজমৰ সমস্যা হ’ব পাৰে।
খোৱাৰ সঠিক সময়
আয়ুৰ্বেদত কোৱা হৈছে যে যদি আপুনি ৰোগমুক্ত আৰু সুস্থ জীৱন যাপন কৰিব বিচাৰে তেন্তে সময়মতে খাদ্য খোৱাটোৱেই উত্তম। খাদ্য সঠিকভাৱে হজম হোৱাটো নিশ্চিত কৰিবলৈ সঠিক সময়ত নিয়মিতভাৱে খাব লাগে আৰু ইয়াৰ লগতে আন কিছুমান কথাও মনত ৰখাৰ যোগ্য।
যেতিয়া আপুনি ভোক অনুভৱ কৰে, তেতিয়া খোৱা খাদ্য সম্পূৰ্ণৰূপে হজম হয়। অন্যথা ইতিমধ্যে পেটত থকা অহজম ৰস সতেজ খাদ্যৰ লগত মিহলি হৈ পৰে আৰু ইয়াৰ ফলত শৰীৰৰ সমস্যা হ’ব পাৰে।
দুপৰীয়াৰ আহাৰ ১২ৰ পৰা ২ বজাৰ ভিতৰত খাব লাগে। ইয়াৰ ফলত শৰীৰত শক্তি পোৱা যায় আৰু খাদ্যও সঠিকভাৱে হজম হয়। যাৰ ফলত সকলো পুষ্টিকৰ উপাদান লাভ কৰা হয়।
খাদ্যৰ পৰা শৰীৰে যাতে সঠিক পুষ্টি লাভ কৰে, তাৰ বাবে সঠিক পৰিমাণৰ খাদ্য খোৱাটো অতি প্ৰয়োজনীয়। ইয়াৰ বাবে খাদ্য খোৱাৰ সময়ত পেটৰ এক তৃতীয়াংশ বা এক চতুৰ্থাংশ খালী ৰখাৰ অভ্যাস কৰক। ইয়াৰ ফলত খাদ্য হজম হোৱাত সহায়ক হয়।