শেহতীয়া খবৰঅসমভাৰতমনোৰঞ্জনব্যৱসায়শিক্ষাখেলজীৱনশৈলীবিশ্বপ্ৰযুক্তিৱেব ষ্ট'ৰীফটোVideos

কঁকালৰ বিষে অধিক আমনি কৰিছে নেকি? এই ৫টা যোগাসনে দিব সকাহ…

বহু সময়ত গধুৰ বস্তু তুলিলে বা ভুলকৈ বহিলে কঁকালৰ বিষ হয়। আজিকালি এই সমস্যাটো অতি সাধাৰণ হৈ পৰিছে। ইয়াৰ বাবে মানুহৰ দৈনন্দিন কাম-কাজতো অসুবিধা হয়। গতিকে এই প্ৰতিবেদনত জানো আহক কোনবোৰ যোগাসনৰ দ্বাৰা আপুনি কঁকালৰ বিষৰ পৰা মুক্তি পাবলৈ চেষ্টা কৰিব পাৰে।

কঁকালৰ বিষে অধিক আমনি কৰিছে নেকি? এই ৫টা যোগাসনে দিব সকাহ…
যোগাসনImage Credit source: Pexels
trishna-kalita
Trishna Kalita | Published: 03 Jun 2025 09:29 AM

গোটেই দিনটো অফিচত ডেস্কৰ কাম কৰা লোকসকলৰ প্ৰায়ে কঁকালৰ বিষৰ সমস্যা হয়। কাৰণ দিনটো বহি বহি কাম কৰাৰ বাবে শৰীৰটো লৰচৰ নকৰে আৰু ভুল অৱস্থাত বহি থকাৰ বাবে কঁকালৰ বিষ আৰম্ভ হয়। কেতিয়াবা গধুৰ বস্তু দঙাটোও ইয়াৰ কাৰণো হ’ব পাৰে । এনে পৰিস্থিতিত যোগাসনৰ আশ্ৰয় লোৱা উচিত। ইয়াৰ ফলত আপুনি পেশীৰ লগতে বিষৰ পৰাও সকাহ পাব। দৈনিক যোগাসন কৰিলে মেৰুদণ্ড শক্তিশালী হৈ উঠে, যাৰ ফলত কঁকালৰ বিষৰ পৰা সকাহ পোৱা যায়। যোগাসনে ৰক্ত সঞ্চালন উন্নত কৰাত সহায় কৰে। ইয়াত আমি আপোনালোকক কিছুমান যোগাসনৰ বিষয়ে ক’ম যিয়ে কঁকালৰ বিষত সকাহ দিব পাৰে।

কঁকালৰ বিষৰ বাবে এই যোগাসনবোৰ কৰিবলৈ চেষ্টা কৰক

ভুজংগাসন

ভুজংগাসন কৰিবলৈ পেটত ভৰ দি শুই হাত দুখন কান্ধৰ ওচৰত ৰাখি শৰীৰটো ওপৰলৈ তুলি লওক। এই যোগাসন কৰিলে পেশী শক্তিশালী হয় আৰু লগতে কঁকালৰ বিষত সকাহ পোৱা যায়। দৈনিক এই আসন কৰিলে শৰীৰটো ফিট হৈ থাকে।

Cobra Pose

শলভাসন

এই আসনটো কৰিবলৈ পেটত ভৰ দি শুই ভৰি দুয়োখন আৰু বুকু ওপৰলৈ উঠাওক। এই আসন নিয়মিতভাৱে কৰিলে আপোনাৰ শৰীৰত নমনীয়তা আহে আৰু কঁকালৰ বিষত সকাহ পোৱা যায়। এই আসনে কঁকাল, পিঠি আৰু উৰুৰ পেশী শক্তিশালী কৰে, হজম শক্তি উন্নত কৰে আৰু শৰীৰৰ নমনীয়তা বৃদ্ধিত সহায় কৰে।

Locust Pose

বালাসন

বালাসনাক চাইল্ড প’জ বুলিও কোৱা হয়। ইয়াৰ বাবে প্ৰথমে আঁঠু কাঢ়ি তলত বহিব লাগে, তাৰ পিছত আঁঠু দুটা অলপ বাহিৰলৈ মেলি দিব লাগে। শৰীৰটো আগলৈ বেঁকা কৰি মূৰটো মাটিত লগাই দিব। হাত দুখন উৰুৰ ওচৰত ৰাখি আগলৈ ঠেলি দিব। এই যোগাসন কৰিলে মানসিক চাপ কমোৱাৰ লগতে কঁকালৰ বিষৰ পৰা উপশম পোৱা যায়।

Child Pose

তাড়াসন

যদিও এই শিশুসকলৰ বাবে অতি ভাল, যিসকলৰ উচ্চতা বৃদ্ধিৰ সমস্যা আছে। ইযাৰ উপৰিও যদি আপোনাৰ কঁকালৰ বিষ বহুত হয়, তেন্তে আপুনিও এই আসন কৰিব পাৰে। ইয়াৰ বাবে পোনে পোনে থিয় হৈ দুয়োখন হাত ওপৰলৈ তুলি লওক।

Taadasan

শৱাসন

এই আসন কঁকালৰ বিষৰ সমস্যাৰ পৰা সকাহ পোৱাৰ আটাইতকৈ সহজ উপায়। ইয়াৰ বাবে পিঠিত ভৰ দি পোনে পোনে শুই শৰীৰটো সম্পূৰ্ণ ঢিলা কৰি ৰাখিব লাগে। এই আসনে শৰীৰ আৰু মনক শিথিল কৰে। ই আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য সুস্থ কৰি ৰখাত সহায় কৰে।

Savasan

আপোনাৰ শৰীৰৰ লগতে মনকো সুস্থ কৰি ৰখাত যোগে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। গতিকে ইয়াক নিশ্চিতভাৱে আপোনাৰ দৈনন্দিন কাম-কাজৰ অংশ হিচাপে গঢ়ি তোলা উচিত।