ফেটি লিভাৰৰ সমস্যাত ভুগিছে নেকি? এই ঘৰুৱা ৫টা উপায়ে দিব সকাহ, জানক…
আজিকালি প্ৰায়ভাগ মানুহে ফেটি লিভাৰৰ সমস্যাত ভোগা দেখা যায়। কিন্তু ঘৰুৱা কিছুমান উপায়ে ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰে। সহজে উপলব্ধ এই বস্তুসমূহে লিভাৰৰ চৰ্বি হ্ৰাস কৰাৰ কাম কৰে।
আজিৰ সময়ত বহু মানুহে ফেটি লিভাৰৰ সমস্যাৰ সৈতে যুঁজি থকা দেখা যায়। যেতিয়া যকৃতত চৰ্বি জমা হয় তেতিয়া ফেটি লিভাৰ বুলি কোৱা হয়। যকৃতত সামান্য পৰিমাণে চৰ্বি জমা হোৱা সাধাৰণ কথা। কিন্তু যদি চৰ্বি যকৃতৰ ওজনতকৈ ১০ শতাংশ বেছি হৈ যায় তেন্তে ই ফেটি লিভাৰৰ সমস্যা হয়। আগতে মেদবহুলতা, বেছি সুৰাপান কৰাসকলৰ এই সমস্যা বেছিকৈ হোৱা দেখা গৈছিল। কিন্তু আজিকালি সুৰাপান নকৰাসকলৰো এই সমস্যা হয়।
কিন্তু ৫ টা এনে উপায় আছে যাৰ দ্বাৰা আপুনি ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰিব পাৰে। এই সন্দৰ্ভত সবিশেষ জনাইছে নিউট্ৰেছিয়নিষ্ট ৰমিতা কৌৰে। সামাজিক মাধ্যমত এটা পোষ্ট কৰি তেওঁ ইয়াৰ বিষয়ে জনাইছে।
আমলখিঃ আয়ুৰ্বেদত আমলখিত সবাতোকৈ শক্তিশালী এক ফল বুলি কোৱা হয়। ইয়াত এন্টিঅক্সিডেন্ট গুণ থাকে। ই শৰীৰৰ বেয়া পদাৰ্থ বাহিৰ কৰে। গতিকে প্ৰতিদিনে পুৱা এক চামুচ আমলখি পাউদাৰ বা ১৫ মিলি. আমলখি ৰস গৰম পানীৰ সৈতে মিহলাই খাব পাৰে।
জিৰা আৰু আজৱাইনঃ ইয়াৰোপৰি আপুনি জিৰা আৰু আজৱাইনৰ পানী খাব পাৰে। ই পাচন প্ৰক্ৰিয়া ভাল কৰে। ইয়াৰ বাবে ২ কাপ পানীক সৰু এক চামুচ জিৰা আৰু এক চামুচ আজৱাইন দি উতলাই লওক। যেতিয়া সেই পানী আধা হৈ যাব, তেতিয়া সেইখিনি ঠাণ্ডা কৰি খাব।
অমিতাঃ অমিতাই চৰ্বি কমাব পাৰে। ই ফেটি লিভাৰৰ বাবেও ভাল। গতিকে প্ৰতিদিনে অমিতাৰ ৰস বা সাধাৰণভাৱে ইয়াক খাব পাৰে। প্ৰাকৃতিক ৰূপত ই চৰ্বি কম কৰে।
গ্ৰীণ টি বা কৈমোমাইল চাহঃ আপুনি গ্ৰীণ টি বা কৈমোমাইল চাহ খাব পাৰে। ই যকৃতৰ বাবে ভাল আৰু ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰাত সহায় কৰে।
ফ্লেক্সচিড পাউদাৰঃ ফেটি লিভাৰৰ সমস্যা হ্ৰাস কৰিবলৈ আপুনি ফ্লেক্সচিড পাউদাৰ খাব পাৰে। দুপৰীয়া আহাৰ গ্ৰহণ কৰাৰ পাছত ১ চামুচ এই পাউদাৰ খাব পাৰে।
উল্লেখ্য যে, এই লেখাটোত কিছুমান সাধাৰণ দিশৰ কথা উল্লেখ আছে। কিন্তু যদি আপোনাৰ ফেটি লিভাৰৰ লগতে অন্য সমস্যাও আছে তেন্তে এই ক্ষেত্ৰত বিশেষজ্ঞৰ পৰামৰ্শ গ্ৰহণ কৰা ভাল।
অন্য খবৰ পঢ়কঃ খাদ্য খোৱাৰ লগে লগে টোপনি আহে নেকি? ই কি সমস্যাৰ লক্ষণ, জানক…